মাজ আকাশত অঘটন! পাইলটক ‘টিকটবিহীন’ মেকুৰীৰ আক্ৰমণৰ বাবেই জৰুৰী অৱতৰণ বিমানৰ

নিউজ ডেস্ক। বিভিন্ন জৰুৰী অৱস্থাৰ বাবে বিমানে গন্তব্য স্থানৰ সলনি আন ঠাইৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়।

কাৰিকৰী বিজুতি, বতৰ নাইবা যাত্ৰীৰ স্বাস্থ্যজনিত জৰুৰ অৱস্থাৰ বাবে বিমানৰ জৰুৰী অৱতৰণ কােনাে নতুন কথা নহয় যদিও এইবাৰ পাইলটক এটা মুকৰিৰ আক্ৰমণৰ বাবেই এখন বিমানে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হােৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

এই ‘টিকটবিহীন’ যাত্ৰীয়ে আক্ৰমণ কৰাৰ ফলত বিমানখন জৰুৰী অৱতৰণ কৰিবলগীয়া হ’ল চুডানত।

ঘটনা অনুসৰি, Tarco Aviation ৰ 3T-234 বিমানখনে খাৰটাম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কাটাৰৰ ৰাজধানী দোহালৈ বুলি আহি আছিল। কিন্তু উৰণৰ আধা ঘণ্টাৰ পিছতেই বিমানখনত লাগিল এক অথন্তৰ।

চালকৰ কোঠাত চালকক আক্ৰমণ কৰিলে এটা মেকুৰীয়ে। লগেই লগেই লাগিল হুৱা-দুৱা।

বিমান কৰ্তৃপক্ষই লগে লগে সিদ্ধান্ত ল’লে জৰুৰী অৱতৰণৰ। সেই অনুসৰি যাত্ৰাপথ সলনি কৰে চুডানলৈ আৰু জৰুৰী অৱতৰণ কৰে বিমানখনে।

অৱশ্যে তাৰ পিছতেই মেকুৰীটোক বিমান কৰ্মচাৰী সকলে ধৰি মুকলি কৰি দিয়ে।

এই সন্দৰ্ভত এজন বিমান কৰ্মচাৰীয়ে কয় যে, নিশা বিমানখন চাফা আৰু যাত্ৰাৰ বাবে প্ৰস্তুতি কৰি থাকোতে কেনেবাকৈ সেই মেকুৰীটো বিমানখনত সোমাই পৰে আৰু তাতে কোনোবা ঠাইত সি আশ্ৰয় লৈ থাকে। যিটো কোনোৱে দেখা নাপালে। যাৰ ফলত উৰন্ত অৱস্থাত থকা বিমানখন জৰুৰী অৱতৰণ কৰিব লগীয়া হ’ল।

লগতে চাওকঃ

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

পদপথত চানাচুৰ বিক্ৰী কৰিছে ৯৮ বছৰীয়া বৃদ্ধই! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

আচৰিত! একেলগে ১০ কিলো জলকীয়া খাব পাৰে এজন ব্যক্তিয়ে… চাওক ভিডিঅ’

Leave a Comment