মৰ্মান্তিক! বৰ পুত্ৰৰ আচৰণত হতাশ হৈ কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে মাতৃয়ে…

মৰ্মান্তিক! বৰ পুত্ৰৰ আচৰণত হতাশ হৈ কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে মাতৃয়ে…

November 16, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বৰপুত্ৰৰ আচৰণত মানসিক হতাশাত ভুগি কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে বিহপান কৰি মৃত্যুক সাৱটিলে মাতৃয়ে।

এনে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ গোৰখনাথ অঞ্চলত।

জানিব পৰা মতে, মঙলবাৰে মাজনিশা মাতৃ-পুত্ৰই বিহপান কৰাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত বি আৰ ডি মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গোৰখনাথৰ জনপ্ৰিয় বিহাৰ কলনীৰ নিৱাসী সৰোজ দেৱী (৫৫) নামৰ মহিলাগৰাকীয়ে অলপতে ৬৯ লাখ টকাৰ বিক্ৰী কৰিছিল তেওঁৰ ঘৰটো।

বৰ্তমান সেই ঘৰটোতে ভাড়াতীয়া হিচাপে দুই পুত্ৰৰ সৈতে বাস কৰি থকা মহিলাগৰাকীয়ে ঘৰ বিক্ৰী কৰি লাভ কৰা টকাখিনি জ্যেষ্ঠ পুত্ৰ শ্ৰীষ ৰাও আৰু তেওঁৰ বেংক একাউণ্টত জমা কৰি থৈছিল।

কিন্তু শেহতীয়াকৈ বৰ পুত্ৰ শ্ৰীষ ৰাওৱে টকাখিনি সংগোপনে একাউণ্টৰ পৰা উলিয়াই অন্য ঠাইত ঘৰ ক্ৰয় কৰে।

মাতৃ সৰোজ দেৱীয়ে এই কথা জানিব পৰাৰ পিছতে বৰ পুত্ৰৰ সৈতে বিবাদৰ সুত্ৰপাত ঘটে। তাৰ পিছতে শ্ৰীষে মাতৃ আৰু কনিষ্ঠ ভাতৃ মনীষ ৰাও (২৮)ৰ পৰা পৃথকে শহুৰেকৰ ঘৰত থাকিবলৈ লয়।

ইফালে মাতৃ সৰোজ দেৱীয়ে শ্ৰীষক বাৰে বাৰে কিছু টকা ভাতৃ মনীষৰ বাবে দিবলৈ আহ্বান জনায় যদিও কোনোপধ্যেই টকা দিবলৈ ৰাজী হোৱা নাছিল শ্ৰীষ।

আনহাতে মঙলবাৰেও সৰোজ দেৱী আৰু মনীষ ৰাওৱে শ্ৰীষলৈ ফোন কৰি টকাৰ কথা উলিওৱাত ফোনতে মাতৃ আৰু ভাতৃক অকথ্য ভাষাৰে গালি গালাজ কৰে শ্ৰীষে।

তাৰ পিছতে নিশা বিহ পান কৰি মৃত্যুক সাৱটি লয় মাতৃ আৰু ভাতৃয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে শ্ৰীষ অথবা আন কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

লগতে চাওকঃ

ক’ত গ’ল মামু বেগম? দুসপ্তাহ ধৰি সন্ধানহীন হৈ থকা বোৱাৰীগৰাকীক বিচাৰি হাহাকাৰ পৰিয়ালৰ…

মাতৃক হেৰুওৱাৰ ১০ মাহ পিছতে হেৰুৱালে পিতৃকো! নিথৰুৱা হ’ল ছিপাঝাৰৰ কণমানি ভৃগু-নন্দিতা