ৰে’লত অন্তর্বাস পৰিধান কৰি মুক্ত বিচৰণ বিধায়কৰ! তদন্ত ঘােষণা

নিউজ ডেস্ক। এগৰাকী জনপ্ৰতিনিধিৰ কৰ্মকাণ্ডই শেহতীয়াকৈ চৰ্চা বিষয় হৈ পৰিছে সামাজিক মাধ্যমত। যাত্ৰীৰে পৰিপূৰ্ণ ৰে’লত অন্তৰ্বাস পৰিধান কৰি মুক্তমনে বিচৰণ কৰি চৌদিশে সমালােচিত হৈছে এগৰাকী বিধায়ক। কটু সমালােচনাৰ পাছতে এই ঘটনাক লৈ ঘােষণা কৰা হৈছে তদন্তও। তেওঁ হ’ল বিহাৰৰ শাসকীয় দল জেডিইউৰ ভাগলপুৰ জিলাৰ গোপালপুৰ সমষ্টিৰ বিধায়ক গোপাল মণ্ডল। পাটনাৰ পৰা নতুন দিল্লী যোৱাৰ সময়ত … Read more

উদ্বোধনী অনুষ্ঠানৰ বাবে গৈ মন্ত্ৰীয়ে ফিতা কাটিলে দাঁতেৰে, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যিকোনো আচাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান উদ্বোধন কৰিবৰ বাবে নিমন্ত্ৰণ জনোৱা হয় ৰাজনৈতিক নেতা বা মন্ত্ৰীক। ই কোনো অসাধাৰণ কথা নহয়। কিন্তু এইবাৰ মন্ত্ৰীয়ে উদ্বোধনী অনুষ্ঠানত কৰিলে এক অসাধাৰণ কাৰ্য। এখন দোকানৰ উদ্বোধন কৰিবলৈ গৈ মন্ত্ৰীজনে কেঁচিৰে ফিতা কটাৰ সলনি তেওঁ কাটিলে নিজৰ দাঁতেৰে। এই কাৰ্য কৰিলে এজন পাকিস্তানী মন্ত্ৰীয়ে। তেওঁ হল পাকিস্তানৰ পঞ্জাৱ … Read more

দুই পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাসকলেই ক্ৰয় কৰিব পাৰিব সুৰা! ক’ত বলৱৎ হ’ল এই নিয়ম?

নিউজ ডেস্ক। ক’ভিড বিধিৰ নামত দেশৰ বিভিন্ন ৰাজ্যত বলৱৎ হৈছে কিছুমান বিশেষ নীতি-নিয়ম। এইবাৰ সুৰাৰ ক্ৰয়-বিক্ৰয়ক লৈ এক নতুন নিয়ম বলৱৎ কৰি চৰ্চিত হৈছে তামিলনাডুৰ ওতিৰ জিলা উপায়ুক্ত। নতুন নিয়ম অনুসৰি, জিলাখনত এতিয়াৰে পৰা সুৰা ক্ৰয় কৰিবলৈ হ’লে আপুনি গ্ৰহণ কৰিব লাগিব দুপালি ক’ভিড প্ৰতিষেধক। অৰ্থাৎ যিসকল গ্ৰাহকে কভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই, তেওঁলোকে সুৰাৰ … Read more

সকলাে সময়তে মবাইল ফােনত ব্যস্ত থাকে পত্নী, উপায়হীন হৈ স্বামীয়ে ল’লে এই পদক্ষেপ…

নিউজ ডেস্ক। এক আমোদজনক ঘটনা। পত্নীয়ে ফোনত কথা পাতি থকাত অসন্তুষ্ট হৈ নদীত জঁপিয়াই আত্মহত্যাৰ চেষ্টা স্বামীৰ। অৱশ্যে পৰৱৰ্তী সময়ত ডুবাৰু বাহিনীয়ে ৰক্ষা কৰে তেওঁৰ জীৱন। সেয়েহে ডুবাৰু বাহিনীক ধন্যবাদ জনায় তেওঁ। আত্মহত্যাৰ চেষ্টা কৰা লোকজনক ইকবাল(৩৭) বুলি চিনাক্ত কৰা হয়। এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ যোধপুৰৰ কায়লানা হ্ৰদত। জানিব পৰা মতে, ইকবালে তেওঁৰ পত্নীয়ে … Read more

খেতি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু, আটক পিতা-পুত্ৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া ভয়াবহ হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। মহানগৰীৰ দাঁতি কাষৰীয়া অসম মেঘালয় সীমান্তৰ ৰাণী অঞ্চলতো দীৰ্ঘদিন ধৰি চলি আহিছে হাতী মানুহৰ সংঘাত। ইয়াৰ ফলত কেতিয়াবা মানুহ আৰু কেতিয়াবা বন্যহস্তীৰ প্ৰাণ গৈছে। এনে ঘটনা সংঘটিত হল কালি মাজনিশা মহানগৰীৰ পাশ্বৱৰ্তী অসম মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী উদয়পুৰৰ … Read more

গুৱাহাটী বিমানবন্দৰত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা জব্দ কৰি পুৰস্কৃত CISF ৰ দুই জােৱান

নিউজ ডেস্ক। গুৱাহাটী বিমানবন্দৰত এজন যাত্ৰীৰ পৰা অতি কৌশলপূৰ্ণ ভাৱে লুকুৱাই অনা বৃহৎ পৰিমাণৰ মাৰ্কিন মুদ্ৰা জব্দ কৰি বিভাগীয়ভাৱে পুৰস্কৃত হ’ল কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ CISF ৰ দুই জােৱান। উল্লেখ্য যে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফললৈ বুলি যাত্ৰা কৰা আৰবাজুদ্দিন (২৫) নামৰ এজন যুৱকৰ সামগ্ৰীৰ তালাচী চলাই ক’লা ৰঙৰ মােনাত অতি কৌশলপূৰ্ণভাৱে লুকুৱাই অনা … Read more

মিক্সড মাৰ্চিয়েল আৰ্টছত স্বৰ্ণ জয়ী দিনেশ নাওৰেমক গৃহ ভূমিত বিপুল আদৰণি

নিউজ ডেস্ক। এছিয়ান মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ-২০২১ত মিক্সড মাৰ্চিয়েল আৰ্টছত সোণৰ পদক আৰু ৰূপৰ পদক অৰ্জন কৰা মণিপুৰৰ খেলুৱৈ দিনেশ নাওৰেম স্বগৃহলৈ উভতি আহে। ৫৬.৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰা চেম্পিয়ন দিনেশ নাওৰেমক নিজ ৰাজ্যত উষ্ম আদৰণি জনোৱা হয়। দিনেশে মিক্সড মাৰ্চিয়েল আৰ্টছৰ ৫৬.৭ কিলোগ্ৰাম শাখাত সোণ আৰু ষ্ট্ৰাইকিং মিক্সড মাৰ্চিয়েল আৰ্টছত ৰূপৰ পদক লাভ কৰিছিল। … Read more

ক’ভিডক লৈ নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) ঘােষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

নিউজ ডেস্ক। পূৰ্বে ঘােষণা কৰা অনুসৰিয়েই বুধবাৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) ঘােষণা কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বােধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন এছঅ’পি নীতি-নিয়মৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে। তেওঁ কয় যে নতুন এছঅ’পি বুধবাৰে দিনৰ ১১ বজাৰ পৰাই কাৰ্যকৰী হ’ব। সান্ধ্য আইনৰ ক্ষেত্ৰত পূৰ্ব নিশা ৭ … Read more

মৰ্মান্তিক! স্বামীৰ চিতাগ্নি জ্বলি থাঁকােতেই পত্নীৰাে মৃত্যু

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। স্বামীৰ চিতাগ্নি জ্বলি থাঁকােতেই মৃত্যু ঘটিল পত্নীৰাে। এই ঘটনাৰ স্থান লখিমপুৰ জিলাৰ হাৰমতী। কেইটামান ঘণ্টাৰ অগা-পিছাকৈ মৃত্যু ঘটিল এহাল দম্পতীৰ। এনে মৰ্মান্তিক ঘটনাই বৃহত্তৰ অঞ্চলবাসী ৰাইজক শােকান্বিত কৰি তুলিছে। জানিব পৰা মতে, হাৰমতী বজাৰৰ ব্যৱসায়ী (কমাৰ) উমাকান্ত ধৰ(৬১)ৰ শনিবাৰে নিশা ১২.২੦ বজাত মৃত্যু ঘটে। ইয়াৰ পাছত দেওবাৰে পুৱা তেওঁৰ … Read more

ভুলক্ৰমে প্ৰৱেশ কৰিছিল পাকিস্তানত, ২৩ বছৰৰ কাৰাবাসৰ পাছত স্বদেশলৈ উভতিল প্ৰহ্লাদ

নিউজ ডেস্ক। আফগানিস্তানত চলি থকা সংকটৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা প্ৰায় ২৩ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে এজন ভাৰতীয় লোক। লোকজন মধ্য প্ৰদেশৰ সাগৰ জিলাৰ প্ৰহ্লাদ সিং ৰাজপুত বুলি জানিব পৰা যায়। সোমবাৰে সন্ধিয়া ভাৰতীয় সেনাই প্ৰহ্লাদক মধ্য প্ৰদেশ আৰক্ষীক হস্তান্তৰ কৰে। জানিব পৰা মতে, সাগৰৰ বাসিন্দা প্ৰহ্লাদ ১৯৯৮ চনত ২৩ বছৰ বয়সত নিৰুদ্দেশ … Read more