হঠাতে খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ এটা অংশ… কেমেৰাত বন্দী ভয়ানক দৃশ্য

নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ব্যস্ত দলঙৰ মাজৰ এটা অংশ হঠাতে পৰিল খহি। যাৰ ফলত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা। খহি পৰা অংশৰ মাজতে আবদ্ধ হৈ পৰিল কেবাখনাে যান-বাহন। চকুৰ পলকতে সংঘটিত হয় এই ঘটনা। এই ঘটনা শুকুৰবাৰে সংঘটিত হয় উত্তৰাখণ্ডৰ ডেৰাডুনত। জানিব পৰা মতে, কেইবাদিনো ধৰি ডেৰাডুনত হৈ আছে প্ৰৱল বৃষ্টিপাত। … Read more

নৈৰ বাঢ়নী পানী চাবলৈ গৈ শিশুৰ সলিল সমাধি

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। আত্মীয়ৰ সৈতে নৈৰ বাঢ়নী পানী চাবলৈ গৈ সলিল সমাধি ঘটিল এটি ৬ বছৰীয়া কন্যা শিশুৰ। এই ঘটনাৰ স্থান বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কয়াকুছি। জানিব পৰা মতে, গাঁওখনৰ আজিম উদ্দিনৰ কন্যা আফ্ৰিন জান্নাত (৬)ৰ বৃহস্পতিবাৰে পুৱা ৯ মান বজাত পানীত পৰি মৃত্যু হয়। আফ্ৰিন জান্নাতে বেঁকী নৈৰ বাঢ়নী পানী … Read more

নীৰজ চোপ্ৰাৰ নামত ষ্টেডিয়াম উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক। পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত এটি ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। কিছুদিন পূৰ্বে সেই ষ্টেডিয়ামটো অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰা হৈছিল। সেই অনুসৰি শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰে সেই ষ্টেডিয়ামটো। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল সেনা প্ৰধান জেনেৰেল এম.এম. নাৰাৱনে। ইয়াৰোপৰি অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা নিজেও … Read more

হেলিকপ্টাৰত আহিল গৰু… দৃশ্য ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে হেলিকপ্টাৰত মানুহেই আহে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত উদ্ধাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা হয় হেলিকপ্টাৰ। কিন্তু এইবাৰ দেখা গল এক ব্যতিক্ৰম দৃশ্য। য’ত হেলিকপ্টাৰত আহিল চৰণীয়া গৰু। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১,৯৫০ মিটাৰ (৬,৪০০ ফুট) ওপৰত উঠি আহিল গৰু। এই দৃশ্য দেখিবলৈ পোৱা গ’ল চুইজাৰলেণ্ডৰ ক্লাউচেনপাছ অঞ্চলত। জানিব পৰা মতে, দেশৰ কেন্দ্ৰত থকা ক্লাউচেনপাছ … Read more

দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুওৱা হিমানী KBC-13 ৰ প্ৰথমগৰাকী কােটিপতি

নিউজ ডেস্ক। টেলিভিছনৰ পৰ্দাত পুনৰ আৰম্ভ হৈছে অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান কৌন বনেগা ক্ৰৌড়পতি। ছ’নি টিভিত সম্প্ৰচাৰিত কৌন বনেগা ক্ৰোড়পতি-১৩ (KBC-13) ৰ প্ৰথমগৰাকী কোটিপতি হিচাপে জয়ী হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুণ্ডেলা। ছ’নী টিভিয়ে নিজৰ টুইটাৰ একাউণ্টত এই কথা সদৰী কৰে। Khushmizaaj swabhaav se apni zindagi jeene wali ek drishtiheen contestant, Himani … Read more

মাজ আকাশত বিমানৰ পাইলটৰ হাৰ্ট এটেক, জৰুৰী অৱতৰণ

নিউজ ডেস্ক। মাজ আকাশত হ’ল বিজুতি। পিছে বিমানৰ হোৱা নাই কোনো বিজুতি। বিমানৰ পাইলটহে হৈ পৰিল অসুস্থ। প্ৰায় ৩৭ হাজাৰ ফুট উচ্চতাত বিমানখন উৰি থকাৰ সময়ত হঠাতে বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিলে বাংলাদেশৰ এখন বিমানৰ এজন পাইলটে। বিমানখন ওমানৰ ৰাজধানী মাস্কাতৰ পৰা ঢাকা অভিমুখে যাত্ৰা কৰিছিল। অৱশেষত নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় বিমানখন। … Read more

পোহনীয়া কুকুৰৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৱম মহলাৰ পৰা তললৈ পৰিল সপ্তম শ্ৰেণীৰ ছাত্ৰী…

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ মৰমৰ পোহনীয়া কুকুৰক বচাবলৈ গৈ নৱম মহলাৰ পৰা তললৈ পৰি মৃত্যু হ’ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। এই ঘটনা বুধবাৰে সংঘটিত হয় দিল্লীৰ কবি নগৰৰ গড হোম চছাইটিত। মৃত ছাত্ৰী গৰাকী গোবিন্দপুৰমৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী আছিল। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা বুলি জানিব পৰা যায়। খবৰ অনুসৰি ছোৱালীজনীয়ে দুৰ্ঘটনাটোৰ সময়ত … Read more

দিল্লী চৰকাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি চনু সুদক!

নিউজ ডেস্ক। পাঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে বৃহৎ চমক প্ৰদান দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ। দিল্লী চৰকাৰৰ এটা নতুন আঁচনি ‘দেশ কা মেন্টৰ’ ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত হ’ল অভিনেতা চনু সুদ। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে চনু সুদৰ সাক্ষাতৰ পিছত শুকুৰবাৰে দিল্লী চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়। মূলতঃ দিল্লী চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান … Read more

চলন্ত ৰে’লৰ সন্মুখত আহিল এজাক বনৰীয়া হাতী, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। ৰেলপথত জংঘলৰ পৰা ওলাই আহিছে হাতীৰ জাক। আনহাতে, সেই সময়ত গৈ আছে ইণ্টাৰচিটি এক্সপ্ৰেছ। হাতীৰ জাকটোত আছে প্ৰায় ১০/১২ টা হাতী। সেই দৃশ্য দেখি ৰেলখনৰ দুই চালকে ললে তাৎক্ষণিক পদক্ষেপ। মাৰিলে জৰুৰী ব্ৰেক। যাৰ ফলত কিছু দূৰত ৰৈ গল ৰেলখন আৰু ৰক্ষা পৰে হাতীকেইটাৰ জীৱন। হাতীৰ জাকটো পাৰ হৈ যোৱাৰ পিছত চালকে পুনৰ … Read more

শিশুৰ সমৰ কলা কালাৰিপায়াট্টু অনুশীলনৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

নিউজ ডেস্ক। উদ্যোগপতি আনন্দ মহিন্দ্ৰাই দক্ষিণ ভাৰতৰ এক আত্মৰক্ষা মূলক কাৰ্যকলাপ কালাৰিপায়াট্টু অনুশীলন কৰা এজন লৰাৰ ভিডিঅ’ৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়। যাৰ বাবে তেওঁ সেই ক্লিপটো টুইটাৰত শ্বেয়াৰ কৰে। উদ্যোগপতিজনে কেপচনত লিখে, “সতৰ্কবাণী: এই যুৱতীগৰাকীৰ পথত নাযাব!” অৱশ্যে, তেওঁৰ প’ষ্টৰ কেপচনত মহিন্দ্ৰাই এটা ভুল কৰিছিল কিয়নো তেওঁ শিশুটিক ভুলকৈ চিনাক্ত কৰিছিল। তেওঁ ভাবিছিল যে ভিডিঅ’টোত … Read more