দুধনৈ-দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত নগাঁৱৰ দুজনকৈ যুৱ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ৰ বাবে ৰাজ্যজুৰি অব্যাহত থকা মৃত্যুৰ ঘটনাই অকল্পনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ মাজৰ পৰা ক’ভিডে অকালতে কাঢ়ি নিছে বহু যুৱ প্ৰতিভাক। এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে অসংখ্য পৰিয়ালৰ লগতে ৰাজ্যবাসী। গােৱালপাৰা জিলাৰ দুধনৈ মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত দুজনকৈ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু হৈছে। উল্লেখ্য যে দুধনৈ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত … Read more

বিশিষ্ট শিক্ষাবিদ- সাহিত্যিক- সাংবাদিক- পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

নিউজ ডেস্ক। খহি পৰিল অসমৰ সংবাদ-সাহিত্য জগতৰ আন এটা উজ্জ্বল নক্ষত্ৰ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান। বৃহস্পতিবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হােৱাৰ পাছত তেওঁ ২੦ মে’ত গুৱাহাটীৰ এক্সেল কেয়াৰ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত … Read more

মৰ্মান্তিক! বিদেশত গৱেষণাত ব্ৰতী অসমৰ সম্ভাৱনাপূৰ্ণ ৰসায়ন বিজ্ঞানীৰ ক’ভিড-১৯ ত মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদেশত উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ গৱেষণা কাৰ্যত ব্ৰতী অসমৰ এগৰাকী মেধাবী ছাত্ৰৰ নিজৰ ওপজা ঠাইতে ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু। এই মেধাবী ছাত্ৰ তথা ভৱিষ্যতৰ এজন সম্ভাৱনাপূৰ্ণ বিজ্ঞানীজন হৈছে পংকজলােচন বৰা। বয়স মাত্ৰ ৩২ বছৰ। তেওঁ যোৰহাট পকামুৰা বৰশইকীয়া গাঁওৰ ৰমনীকান্ত বৰা আৰু পূণ প্ৰভা বৰাৰ একমাত্ৰ পুত্ৰ সন্তান। দেওবাৰে নিশা ১১ … Read more

অন্য ৰূপত আৰক্ষী! গৃহহীন বৃদ্ধাক নিজেই আহাৰ খুৱালে আৰক্ষী বিষয়াই, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দৰিদ্ৰ, আশ্ৰয়হীন জনক সহায় কৰাটো যেন প্ৰত্যেকৰে একো একোটা দায়িত্ব। ইয়াৰোপৰি ই এক মানৱীয়তাৰ নিদৰ্শন। এইবাৰ তেনে এক নিদৰ্শন দাঙি ধৰিলে জন সেৱাৰ বাবে ২৪ ঘন্টাই অহৰ্নিশে অতন্দ্র প্রহৰি ৰূপে থকা এজন আৰক্ষী বিষয়াই। আৰক্ষীৰ পোছাকৰ আঁৰত যেন আছে এজন এজন হৃদয়বান লোক। তেনে এজন আৰক্ষী বিষয়াৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে … Read more

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত বিধ্বস্ত মালবাহী ট্ৰাক, CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক গাৰ নোম শিয়ৰি উঠা পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ মাজৰ ডিভাইদাৰত। ট্ৰাকৰ খুন্দাত কেবিনৰ পৰা ওলাই বহু দূৰলৈ উফৰি পৰে চালক আৰু ট্ৰাক বাগৰি হৈ পৰে টুকুৰা-টুকুৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় মধ্য প্ৰদেশৰ নাগপুৰ-জবলপুৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰমনপুৰ ঘাটিত। চি চি টিভিত বন্দী হোৱা সেই … Read more

নাই দৃষ্টিশক্তি! অদম্য সাহস-দূৰদৰ্শিতাৰে জয় কৰিলে পৃথিৱীৰ সৰ্বােচ্চ শৃংগ

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একােৱেই নাই। এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এজন লােকে। দৃষ্টি শক্তি নথকা লােকজনে অদম্য সাহস আৰু কষ্ট স্বীকাৰ কৰি আৰােহন কৰিলে পৃথিৱীৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট। তেওঁ হ’ল চীনৰ বাসিন্দা ঝাং হং(৪৬)। এভাৰেষ্ট জয় কৰা এছিয়াৰ প্ৰথম গৰাকী আৰু বিশ্বৰ তৃতীয় গৰাকী অন্ধ হিচাপে ৰেকৰ্ড স্থাপন কৰিছে লােকজনে। তেওঁ ৮,৮৪৯ মিটাৰ … Read more

২৬ ঘণ্টাত এভাৰেষ্ট জয়! বিশ্ব ৰেকৰ্ড গঢ়িলে এগৰাকী শিক্ষয়িত্ৰীয়ে!

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একাে নাই। ইচ্ছা শক্তিৰ ওচৰত সদায় হাৰ মানিবলৈ বাধ্য হয় সকলো বাধাই। যদি লক্ষ্য স্থিৰ হয়, তেন্তে সফলতা অনিবাৰ্য। তেনেদৰেই যুগে যুগে অসম্ভৱকো সম্ভৱ কৰি আহিছে বহুতে। ঠিক তেনেদৰে এইবাৰ ২৬ ঘণ্টাতকৈয়ো অলপ কম সময়ৰ ভিতৰতে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত খোজ দি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় হংকংৰ এগৰাকী … Read more

মৰ্মান্তিক! নৈত গা ধুবলৈ গৈ দুই যুৱকৰ সলিল সমাধি

নিউজ ডেস্ক। নৈত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকােৱালি ল’লে দুজন যুৱকে। সাম্প্ৰতিক ক’ভিড পৰিস্থিতিত সকলােৱে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে সংঘটিত হ’ল আন এক শােকাৱহ ঘটনা। এই শােকাৱহ ঘটনাৰ স্থান তিনিচুকীয়া চহৰৰ পাৰ্শ্বৱৰ্তী টিংৰাই নৈ। জানিব পৰা মতে, শনিবাৰে দুপৰীয়া সমনীয়াৰ সৈতে টিংৰাই নৈত গা ধুবলৈ গৈছিল ৰাজ গগৈ (১৮) আৰু নিহাল আচাৰ্য … Read more

ককায়েক-ভগ্নীৰ চিকিৎসাত গাফিলতি! ৪ জনীয়া তদন্ত কমিটীয়ে কৰিব পৰিয়ালৰ অভিযােগৰ তদন্ত

নিউজ ডেস্ক। ক’ভিড-১৯ নিগেটিভ হােৱাৰ পাছতাে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে লখিমপুৰৰ বাহাদুৰচুক নিবাসী কুকিল দত্ত (২৫) নামৰ যুৱকে। চিকিৎসক-চিকিৎসা কৰ্মীৰ গাফিলতি তথা অবাঞ্ছিত ব্যৱহাৰৰ অভিযােগ তুলি ক’ভিড-১৯ত আক্ৰান্ত ভগ্নী পূবালী দত্তা (২১)ক সংকটজনক অৱস্থাতে ডিব্ৰুগড়ৰ পৰা সুদূৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিও প্ৰাণৰক্ষা কৰিব নােৱাৰিলে পৰিয়ালৰ লােকে। মাত্ৰ কেইটামান ঘন্টাৰ ব্যৱধানতে … Read more

Sanitizer নে Body Lotion! চাওক সামাজিক মাধ্যমত ভাইৰেল হােৱা এটা বিশেষ ভিডিঅ’

নিউজ ডেস্ক। মহামাৰী কোৰোনাৰ পৰা ৰক্ষা পাবলৈ প্ৰত্যেকেই গ্ৰহণ কৰিছে সুৰক্ষা মূলক ব্যৱস্থা। কোৰোনাৰ পৰা বাচিবলৈ লবলগীয়া সকলো সাৱধানতা গ্ৰহণ কৰিছে প্ৰত্যেকে। সকলোৱে পৰিধান কৰিছে মাস্ক, ব্যৱহাৰ কৰিছে চেনিটাইজাৰ, অৱলম্বন কৰিছে সামাজিক দূৰত্ব। কিন্তু তেনে সময়তে এক বিশেষ দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। যিটো দৃশ্য দেখিলে আপুনিও এবাৰ হাঁহিবলৈ বাধ্য হ’ব। দৃশ্যটোত কোৰোনাৰ পৰা … Read more