ভাল খবৰ! ৰাষ্ট্ৰপতিৰ পৰা খেলৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা গ্ৰহণ অসম কন্যা নয়নমণি শইকীয়াৰ…

নিউজ ডেস্কঃ অসমৰ ক্ৰীড়াবিদ নয়নমণি শইকীয়াৰ অৰ্জুন বঁটা গ্ৰহণ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ ভাৰতত ক্ৰীড়াৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা, ২০২২। দিল্লীত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে অসমৰ ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াই। উল্লেখ্য যে, ২০২২ বৰ্ষক কমনৱেল্থ গেমছত ল’ন বলত স্বৰ্ণ পদক জয়েৰে দেশবাসীক গৌৰৱাম্বিত কৰিছিল নয়নমণি শইকীয়াই। President Droupadi Murmu … Read more

মৰ্মান্তিক! ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল একে পৰিয়ালৰ ৬ সদস্য, আছে ৩ মহীয়া শিশুও…

নিউজ ডেস্কঃ এক ভয়ংকৰ অগ্নিকাণ্ডত নিঃশেষ হৈ গ’ল এটা পৰিয়াল। ঘৰত থকা ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণৰ ফলত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়ি নিলে ৩টাকৈ শিশুসহ পৰিয়ালটোৰ ৬ জন সদস্যৰ। এই মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত। মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ পাধাম চহৰৰ ৰমন প্ৰকাশ নামৰ ব্যক্তিজনৰ দুমহলীয়া অট্টালিকাটোত সংঘটিত হয় এই অগ্নিকাণ্ড। পিছত … Read more

ইশ্বৰ ভক্তি! নিজৰ ১ কোটি মূল্যৰ সম্পত্তি হনুমান মন্দিৰৰ নামত লিখি দিলে চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে…

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ এগৰাকী শিক্ষয়িত্ৰীৰ মহানুভৱতাই এতিয়া হৃদয় জিনিছে অনেকৰ। ইশ্বৰৰ ভক্তিত বিলীন এইগৰাকী শিক্ষয়িত্ৰীয়ে হনুমান মন্দিৰৰ নামত দান কৰিলে নিজৰ ১ কোটি টকাৰ সম্পত্তি। মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ নিৱাসী এইগৰাকী মহিলা শিক্ষয়িত্ৰী হৈছে শিৱকুমাৰী জাদৌন। শ্বেওপুৰৰ খিতাৰপাল গাঁৱৰ চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰীগৰাকীয়ে ইতিমধ্যে এখন উইল প্ৰস্তুত কৰি তেওঁৰ মৃত্যুৰ পিছত সম্পত্তিৰ গৰাকী গাঁৱৰ হনুমান মন্দিৰ ন্যাসক … Read more

ব্যতিক্ৰমী দৃশ্য! ষ্টেছনত ৯ ঘণ্টা পলমকৈ উপস্থিত হোৱা ৰে’লৰ সৈতে এই কাম কৰিলে যাত্ৰীয়ে, ভাইৰল ভিডিঅ’…

নিউজ ডেস্কঃ ভাৰত এনে এখন দেশ, য’ৰ ৰে’ল ষ্টেছনত ৰে’ল পলমকৈ উপস্থিত হ’লে আচৰিত নহয় যাত্ৰী, বৰং নিৰ্ধাৰিত সময়ত উপস্থিত হ’লেহে হৈ পৰে আচৰিত। স্থানীয় ৰে’ল হওক বা দূৰণিবতীয়া যাত্ৰীবাহী ৰে’ল, নিৰ্ধাৰিত সময়তকৈ কমেও ৫-৬ ঘণ্টা পলমকৈ চলাটো যেন ভাৰতীয় ৰে’লৰ বাবে এক সাধাৰণ কথা। ৰে’লখন পলম হ’লে কোনো কোনো ঠাইত প্ৰতিবাদ হয়, আৰু কোনো … Read more

চাঞ্চল্যকৰ! ঘৰৰ সমীপতে চিপ লোৱা অৱস্থাত উদ্ধাৰ শিক্ষক, প্ৰাক্তন আছু নেতা অশোক বৰাৰ মৃতদেহ…

নিউজ ডেস্কঃ নিজ বাসগৃহৰ সমীপতে চিপ লোৱা অৱস্থাত এগৰাকী শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত। মঙলবাৰে পুৱা বিশ্বনাথ নগৰৰ মধুপুৰস্থিত বাসগৃহৰ কাষৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় শিক্ষক তথা প্ৰাক্তন আছু নেতা অশোক বৰাৰ মৃতদেহ। জানিব পৰা মতে, অশোক বৰা বিশ্বনাথ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল। পুৱা তেওঁৰ … Read more

ভাল খবৰ! যুৱ নাট্যশিল্পী কিচমত বানোলৈ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা

নিউজ ডেস্কঃ ভাৰতীয় থিয়েটাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম কন্যা কিচমত বানোলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা। যোৱা ২৫ নৱেম্বৰত ঘোষণা কৰা এই মৰ্যাদাসম্পন্ন ৰাষ্ট্ৰীয় বঁটা ২০২০ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে কিচমত বানোক। উল্লেখ্য যে, কিচমত বানোৱে গুৱাহাটীৰ আগশাৰীৰ নাট্যগোষ্ঠী ছিগাল থিয়েটাৰত অভিনয় দিশত তিনি বছৰীয়া প্রশিক্ষণ গ্রহণ কৰিছিল। ইয়াৰ … Read more

কংগনাৰ ‘ইমাৰজেন্সী’ত গোৱালপাৰাৰ চিন্ময় ৰাভা, কৰি আছে এই কাম…

নিউজ ডেস্কঃ শৈশৱৰ পৰাই কেমেৰাটোৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰা গোৱালপাৰাৰ চিন্ময়লৈ অৱশেষত আহিল এক ডাঙৰ সুযোগ। বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট বৰ্তমান ‘ইমাৰজেন্সী’ৰ শ্বুটিঙত ব্যস্ত আছে অসমত। অসমৰ বিভিন্ন মনোমহা লোকেশ্যনত চলি আছে এই ছবিখনৰ দৃশ্যগ্ৰহণ। কংগণা ৰানাৱটৰ এই দৃশ্যগ্ৰহণ চলি থকা ছবিখনতেই সহযোগী কেমেৰা পাৰ্চন হিচাপে সুযোগ লাভ কৰিছে গোৱালপাৰা জিলাৰ দুধনৈৰ অন্তৰ্গত এখন … Read more

পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল অসম সন্তান! জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ বিজয়ী মুকুট গুৱাহাটীৰ গুঞ্জনৰ শিৰত…

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল আন এগৰাকী অসম সন্তান। এইবাৰ টিভিৰ অন্যতম জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ ছিজন ১০ৰ বিজয়ীৰ খিতাপ লাভ কৰিলে গুৱাহাটীৰ গুঞ্জন সিনহাই। ৮ বছৰীয়া গুঞ্জনে তেওঁৰ সংগী তেজছ বাৰ্মাৰ সৈতে এই ৰিয়েলিটী শ্ব’ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম মহয়। বিজয়ীৰ পুৰস্কাৰ হিচাপে গুঞ্জনে লাভ কৰে ট্ৰফী আৰু ২০ … Read more

শোকাবহ! পিতৃয়ে বিদেশৰ পৰা অনা চকলেট খাই আকস্মিক মৃত্যুক সাৱটিলে ৮ বছৰীয়া সন্দীপে…

নিউজ ডেস্কঃ পিতৃয়ে বিদেশৰ পৰা অনা চকটেল খাই বিদ্যালয়তে আকস্মিক মৃত্যুক সাৱটি ল’লে এটি ৮ বছৰীয়া শিশুৱে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে তেলেংগানাৰ ৱাৰংগলত। জানিব পৰা মতে, ৱাৰংগলৰ নিৱাসী কংগন সিঙে তেওঁৰ ৮ বছৰীয়া পুত্ৰৰ বাবে বিদেশ ভ্ৰমণৰ পৰা ওভতাৰ সময়ত কেইটামান চকটেল আনিছিল। শনিবাৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ সন্দীপে তাৰে কেইটামান চকলেট লৈ বিদ্যালয়লৈ গৈছিল। … Read more

শোকাবহ! পুৱাই পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰ বিকিৰণে…

নিউজ ডেস্কঃ দেওবাৰে পুৱাই মহানগৰীৰ মাজমজিয়াত সংঘটিত এক কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন কলেজীয়া ছাত্ৰই। পুৱা পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱায় গুৱাহাটী কলেজৰ ছাত্ৰজনে। নিহত ছাত্ৰজনৰ পৰিচয় বিকিৰণ সিনহা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গুৱাহাটী কলেজত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল বিকিৰণে। পুৱা প্ৰায় ৭.৪০ বজাত ছাত্ৰজনে ঘৰৰ পৰা … Read more