মৰ্মান্তিক! চালকে হঠাৎ ব্ৰেক মৰাৰ ফলত স্কুল বাছৰ পৰা চিটিকি পৰি মৃত্যু এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ উজ্জীয়নৰ বুধবাৰে পুৱাই সংঘটিত এক কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ জিলাখনত। এখন স্কুল বাছৰ চালক আৰু সহায়কৰ গাফিলতিৰ বাবেই এগৰাকী ৭ বছৰীয়া কণমানিৰ মৃত্যু ঘটাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ ৰাইজে। দৰাচলতে এই ঘটনা সংঘটিত হয় উজ্জীয়নৰ মহিদপুৰ নাৰায়ণা গাঁৱত। জানিব পৰা মতে, মহিদপুৰৰ কালুহেদা গাঁও আৰু পান বিহাৰৰ … Read more

মিঞাৰ বাবেই জীয়াই আছে অসমীয়া ভাষা! মিঞা মিউজিয়ামক লৈ কি ক’লে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই…

নিউজ ডেস্কঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ এইবাৰ প্ৰতিক্ৰিয়া এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ। কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা বিজেপিৰ বিৰুদ্ধে নহয়, বৰঞ্চ এআইইউডিএফৰ বিৰুদ্ধেহে বুলি মন্তব্য বৰভূঞাৰ। তেওঁ কয় যে কংগ্ৰেছে বিজেপিৰ সৈতে নুযুঁজে। কংগ্ৰেছে উজনিলৈ নাযায়। বিজেপিৰ লগত যুঁজিলে উজনিৰ পৰা আৰম্ভ কৰিব লাগিছিল। কিন্তু কংগ্ৰেছৰ লক্ষ্য এআইইউডিএফহে। ইয়াৰ কাৰণ ব্যক্ত কৰি কৰিমউদ্দিন বৰভূঞাই … Read more

আজৱ প্ৰেম! ছাগলীৰ মাংসৰ জোল খাই ৫৫ বছৰীয়া ঘৰুৱা ৰান্ধনীৰ প্ৰেমত পাগল হ’ল ২২ বৰ্ষীয় যুৱতী, ভাইৰেল প্ৰেম কাহিনী…

নিউজ ডেস্কঃ কোৱা হয় যে মানুহৰ হৃদয়লৈ যোৱা পথটো তেওঁৰ পেটৰ মাজেৰেই পাৰ হৈ যায়। পাকিস্তানৰ এহাল দম্পতীয়ে এই প্ৰবাদটো সত্য কৰি তুলিছে। দুয়োৰে প্ৰেম কাহিনী ছচিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে। দুয়োৰে মাজত ৩৩ বছৰৰ ব্যৱধান আছে। আলিয়াৰ বয়স ২২ বছৰ আৰু ৰফিকৰ বয়স ৫৫ বছৰ। দুয়ো ইজনে আনজনৰ প্ৰেমত পৰাৰ পিছত বিবাহ পাশত … Read more

শোকাবহ! কুঁৱা পৰিস্কাৰ কৰি থকাৰ সময়তে কৰুণ মৃত্যু ৪ শ্ৰমিকৰ…

নিউজ ডেস্কঃ হাইলাকান্দি জিলাত শনিবাৰে এটা দ কুঁৱা পৰিস্কাৰ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটি লয় ৪ জনকৈ শ্ৰমিকে। এই দুৰ্ঘটনাত এজন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিব পৰা গৈছে। জানিব পৰা মতে, আলগাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বকৰীহাৱাৰ খণ্ড-১ত এটা পৰিয়ালৰ এটা দ কুঁৱা পৰিস্কাৰ কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত … Read more

বিমান বন্দৰৰ পৰা উৰা মৰাৰ সময়তে যাত্ৰীবাহী বিমানত সূত্ৰপাত ঘটিল জুইৰ, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ…

নিউজ ডেস্কঃ বিমান বন্দৰৰ পৰা উৰা মৰাৰ বাবে সাজু হোৱাৰ সময়তে এখন যাত্ৰীবাহী বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটাত নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিমানখনৰ যাত্ৰী। বিমানখনত সংঘটিত এই অগ্নিকাণ্ডই যাত্ৰীসকলৰ মাজত সৃষ্টি কৰে তীব্ৰ আতংকৰ। জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে দিল্লীৰ বিমান বন্দৰত। বাতৰি অনুসৰি, ইণ্ডিগ’ৰ ৬ই ২১৩১ যাত্ৰীবাহী বিমানখনে শুকুৰবাৰে নিশা দিল্লীৰ … Read more

আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই যাতায়তৰ বাবে খুলি দিয়া হ’ব কলিয়াভোমোৰাৰ নৱ নিৰ্মিত দলঙেৰে…

নিউজ ডেস্কঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই যাতায়ত আৰম্ভ হ’ব তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলঙেৰে। শুকুৰবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। তেজপুৰৰ উপায়ুক্ত কাৰ্যালয়ত সন্মিলনকক্ষত অনুষ্ঠিত সংবাদমেল খনত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, নতুন দলংখনেৰে যাতায়ত আৰম্ভ হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হ’ব পুৰণি কলিয়াভোমোৰা দলংখনৰ সকলো … Read more

দুঃখবৰ! নিপন গোস্বামীৰ পিছত এইবাৰ মহাপ্ৰস্থান ঘটিল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ…

যশস্বী অভিনেতা নিপন গোস্বামীৰ পিছতে খহি পৰিল আন এটা উজ্বল নক্ষত্ৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ। শুকুৰবাৰে বিয়লি ৩.১৫ বজাত হাস্পতালত প্ৰাণ ত্যাগ কৰে নীলপৱন বৰুৱাই। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল চিত্ৰশিল্পীগৰাকী। ২২ ছেপ্টেম্বৰত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। … Read more

এন্ধাৰ জীৱন আলোকিত কৰাৰ চেষ্টা! সকলো প্ৰত্যাহ্বানক নেওচি এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হ’ল গুৱাহাটীৰ দৃষ্টিহীন বিক্ৰম…

নিউজ ডেস্কঃ দুচকুৰে নেদেখিলেও পৃথিৱী জয়ৰ অলেক স্পৃহা আৰু উদ্যমে অৱশেষত নিজৰ লক্ষ্যত উপনীত কৰালে গুৱাহাটীৰ বিক্ৰমজ্যোতি দাসক। মানসিক শক্তি আৰু অদম্য ইচ্ছাৰে তেওঁ অৱশেষত উপস্থিত হ’বলৈ সক্ষম হয় এভাৰেষ্টৰ বেছ কেম্পত। উল্লেখ্য যে, গুৱাহাটীৰ জয়ানগৰৰ নিৱাসী বিক্ৰমজ্যোতি দাসে প্ৰায় দুটা মাহে চলোৱা প্ৰস্তুতিৰ অন্তত যোৱা ১৩ অক্টোবৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ … Read more

শোকাবহ! ষ্টীলৰ টিফিনৰ ভিতৰত ভৰাই ফুটাই আছিল দীপাৱলীৰ বোমা, হঠাৎ টুকুৰা চিটিকি আহি আঘাতপ্ৰাপ্ত হৈ মৃত্যু মেডিকেলৰ ছাত্ৰীৰ

নিউজ ডেস্কঃ দীপাৱলীৰ আনন্দ উছাহৰ মাজতে হঠাৎ নামি আহিল দুখৰ অমানিশা! ৰং ৰইচৰে দীপাৱলী উদযাপন কৰি ফটকা ফুটোৱাৰ সময়তে আঘাতপ্ৰাপ্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ছাত্ৰীয়ে। এই শোকাবহ ঘটনা দীপাৱলীৰ নিশা সংঘটিত হয় মধ্যপ্ৰদেশৰ মন্দসৌৰত। জিলাখনৰ ভৱগড়ৰ কাৰ্জু গাঁৱত দীপাৱলীৰ নিশা আনন্দ মুখৰ পৰিৱেশৰ মাজতে ষ্টীলৰ টিফিনৰ ভিতৰত ভৰাই দীপাৱলীৰ বোমা ফুটাবলৈ লওতেই ষ্টীলৰ টুকুৰা … Read more

হাজাৰ জনৰ দুচকুত অশ্ৰুৰ বন্যা বোৱাই বিদায় ল’লে যশস্বী অভিনেতা নিপন গোস্বামীয়ে…

নিউজ ডেস্কঃ হাজাৰ জনৰ দুচকুত অশ্ৰুৰ বন্যা বোৱাই অৱশেষত জীৱন নাট সামৰিলে যশস্বী অভিনেতা নিপন গোস্বামীয়ে। নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া চলচ্ছিত্ৰৰ প্ৰবীণ অভিনেতাগৰাকীয়ে। উল্লেখ্য যে, দীপাৱলীৰ দিনাই হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈছিল নিপন গোস্বামী। হাস্পতালৰ হৃদৰোগ বিভাগৰ আইচিইউত তেতিয়াৰ পৰা চিকিৎসাধীন হৈ থকা অভিনেতাগৰাকীৰ … Read more