মৰ্মান্তিক! পূজাৰ উছাহৰ মাজতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসহ দুই ভাতৃৰ

নিউজ ডেস্কঃ পূজাৰ আনন্দৰ মাজতে শোকৰ বন্যা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ কাৰীগাৱত। এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে দুজনকৈ যুৱকৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক। শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ শিৰোমণি কোঁৱৰ (২৪) আৰু তেওঁৰ সম্পৰ্কীয় ভাতৃ অজয় কোঁৱৰৰ। … Read more

ক্ষমতাৰ অপব্যৱহাৰ! পুনৰ নিলম্বিত হ’ল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া…

নিউজ ডেস্ক। উৎকােচ, কৰ্তব্যত গাফিলতি, স্বেচ্ছাচাৰিতা আদি বিভিন্ন অভিযােগত আৰক্ষী প্ৰশাসনত ৰােষত পৰিছে ইজনৰ-পিছত সিজন আৰক্ষী বিষয়া। এইবাৰ ক্ষমতাৰ অপব্যৱহাৰৰ অভিযােগত নিলম্বিত কৰা হ’ল দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক। এই বিষয়াগৰাকীৰ নাম হৈছে নিতাই চন্দ্ৰ ৰয়। ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে আৰক্ষীৰ অনুশাসন ভংগৰ অভিযোগ উঠাৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বিত কৰা হয় আৰক্ষী … Read more

মৰ্মান্তিক! গাত উতলা গৰম গাখীৰ পৰি গুৰুতৰভাৱে আহত ডেৰ বছৰীয়া ছেৰা, হাস্পতালত সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ পাকঘৰত মাতৃৰ কাষত খেলি থকা সময়তে হঠাৎ উতলা গৰম গাখীৰ গাত পৰি গুৰুতৰভাৱে আহত হোৱা এটি ডেৰ বছৰীয়া কণমানিৰ হাস্পতালত মৃত্যু ঘটাৰ পিছতে শোকত ভাগি পৰিছে পিতৃ-মাতৃ। জানিব পৰা মতে, ১৫ দিন পূৰ্বে কেৰালাৰ কোট্টায়ামৰ নিৱাসী প্ৰিন্স মেথিউ আৰু দিয়া থমাছৰ ডেৰ বছৰীয়া কন্যা ছেৰা মাৰিয়া প্ৰিন্সে মাকৰ সৈতে পাকঘৰত খেলি আছিল। সেই … Read more

ৰাজ্যত ‘ছেমখৰ’ বিতৰ্ক! দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ পৰিচালক-অভিনেত্ৰী আইমী বৰুৱাৰ…

নিউজ ডেস্কঃ বিতৰ্কই লগ নেৰিলেই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে আইমী বৰুৱাৰ ছবি ‘ছেমখৰ’। ছেমখৰৰ বাবে আন এক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ কৰিলে আইমী বৰুৱাই। আইমী বৰুৱাই এই ছবিখনৰ বাবে লাভ কৰিছে ৰজত কমল বঁটা। দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আইমী বৰুৱাক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। উল্লেখ্য যে, তেওঁৰ ‘ছেমখৰ’ ছবিখনক লৈ … Read more

শোকাবহ! ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসসহ কেইবাজনো…

এশৰো অধিক যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল এখন যন্ত্ৰচালিত নাও। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীৰ ভাচামী চৰত। দলঙৰ খুঁটাত খুন্দা মৰাৰ পিছতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন। ঘটনাস্থলীত আৰক্ষী আৰু এছডি আৰ এফ বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। কিন্তু বৰ্তমানো সন্ধানহীন হৈছে আছে কেইবাজনো লোক। এই নাও দুৰ্ঘটনাত সন্ধানহীন ধুবুৰীৰ ৰাজহ চক্ৰ … Read more

স্থানীয় লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰি নিলম্বন DC অনুপম চৌধুৰী আৰু ADC ৰক্তিম বৰুৱা…

নিউজ ডেস্কঃ স্থানীয় লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা। অভিযোগ অনুসৰি, লংকাৰ ৭নং ৱাৰ্ডৰ শিলবস্তিত তালাচীৰ নামত এজন যুৱক আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিক লাঠিৰে প্ৰহাৰ কৰিছিল অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই। লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথৰে ওলোটা দিশেৰে আহি … Read more

এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, ঘোচ লৈ গ্ৰেপ্তাৰ UB নায়ক মিয়াচান্দ আলী…

ৰাজ্যত একেদিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দ্বিতীয়জন চৰকাৰী গ্ৰেপ্তাৰ। এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত কৰ্তব্যৰত ইউবিৰ নায়ক মিয়াচান্দ আলী। উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ মিয়াচান্দ আলী। অভিযোগকাৰীৰ বিচাৰাধীন বিলৰ প্ৰক্ৰিয়াকৰণ আৰু গৃহীতকৰণ ক্ষিপ্ৰ কৰাৰ বাবদ দাবী কৰা ধন গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত বিষয়াজন। … Read more

সুখবৰ! পুৰণি শৰাইঘাট দলঙৰ সমীপতে ব্ৰহ্মপুত্ৰৰ ওপৰত ৯৯৬ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব আন এখন দলং…

নিউজ ডেস্কঃ পুৰণি শৰাইঘাট দলঙৰ সমীপতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ’ব আন এখন দলং। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। অসমৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰা হ’ব দলংখন। ৰে’ল আৰু যান-বাহনৰ বাবে দুই তৰপীয়াকৈ নিৰ্মাণ কৰা হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন। Furthering PM Shri @narendramodi Ji's vision of #GatiShakti,The project for … Read more

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি গছত প্ৰচণ্ড খুন্দা আই-২০ বাহনৰ, শিক্ষক আচল মহন্তসহ ২ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ এক ভংয়কৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱ শিক্ষকসহ ২জনকৈ লোকে। মঙলবাৰে নিশা ধেমাজি জিলাৰ জোনাই গালীৰ ৰঙানৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। নিশা প্ৰায় ১১ বজাত এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি খুন্দা মাৰে এজোপা গছত। এই দুৰ্ঘটনাত নিহয় হয় জোনাই লাইমেকুৰীস্থিত মুৰ্কংচেলেক আদৰ্শ বিদ্যালয়ৰ শিক্ষক তথা নাৰায়ণপুৰ নিৱাসী … Read more

মৰ্মান্তিক! টায়াৰ ফাটি যোৱা অভাৰলোড ট্ৰাকৰ যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা, ১০ জনৰ মৃত্যু

নিউজ ডেস্কঃ এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত হয় ১০ জনৰো অধিক লোক। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত। ৰাষ্ট্ৰীয় ঘাইপথ ৭৩০ৰ পিলিভীত-বস্তি পথৰ এৰা দলঙত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, দুৰ্ঘটনাৰ পিছত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যু ঘটে ৮ জনৰ। আনহাতে আন দুজনৰ হাস্পতালত চিকিৎসাধীন … Read more