মৰ্মান্তিক! টােলগে’ত পথত ৰৈ থকা গৰুৰ প্ৰাণ বচাবলৈ গৈয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ…

নিউজ ডেস্ক। ব্যস্ত ৰাজপথত গৰাকীবিহীন পশুধনৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ টােলগে’টৰ পথত ৰৈ থকা গৰুৰ বাবে ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন তীব্ৰবেগী এম্বুলেঞ্চ। থিতাতে প্ৰাণ হেৰুৱালে ৰােগীসহ ৪ জন লােকে। টােলগে’টত থকা একাধিক চিচিটিভি কেমেৰাত বন্দী হৈছে এই ভয়াৱহ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। এই দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ উডুপিত। এখন দ্ৰুতবেগী এম্বুলেন্স এখন … Read more

‘গণিত গুৰু’ জনপ্ৰিয় শিক্ষক ‘বি জি’ ছাৰৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু

নিউজ ডেস্ক। গ্ৰীষ্মৰ পৰা সাময়িক পৰিত্ৰাণ বিচাৰি কৰ্মব্যস্ততাৰ পৰা কেইদিনমানৰ বাবে বিৰতি লৈ তেওঁ যাত্ৰা কৰিছিল শ্বিলঙলৈ। লগত আছিল এজন প্ৰাক্তন ছাত্ৰও। কিন্তু এই যাত্ৰাই যে হৈ পৰিল তেওঁৰ জীৱনৰ শেষ যাত্ৰা। শ্বিলঙলৈ যােৱাৰ পথতে নিজে চলাই যােৱা মাৰুতি ৮੦੦ বাহনৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে গণিতৰ জনপ্ৰিয় শিক্ষক তথা শিলচৰ নিবাসী বিশ্বজিৎ ঘোষ ওৰফে বি জি … Read more

চলন্ত স্কুটীতে লেপটপ লৈ কামত ধৰিলে যুৱকে, ভাইৰেল আলোকচিত্ৰ

নিউজ ডেস্ক। এই গতিময় পৃথিৱীত নিৰ্দিষ্ট সময়সীমা মতে কাম শেষ কৰিব নোৱাৰিলেই সকলো শেষ। যিকোনো মূল্যত সময়ৰ আগতেই সমাপ্ত কৰিব লাগিব কাম। আনকি কামটো কৰিবলৈ যাওঁতে যদি আপোনাৰ মৃত্যুও হয়, কাৰো একো লোকচান নহয়। এই কথাৰ প্ৰকৃত ছবিখনেই যেন দেখা গ’ল বাংগালুৰু চহৰৰ ৰাজপথত। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এখন বিশেষ ছবি। য’ত স্কুটি চলাই … Read more

ঘৰলৈ আহিম বুলি ভুলতে পাকিস্তান অভিমুখী ৰে’লত উঠিল বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক মনোজ ওঝাই, বিচাৰিছে চৰকাৰৰ সহায়

নিউজ ডেস্কঃ উঠিব লাগিছিল গৃহাভিমুখী ৰে’লত। কিন্তু ভুলতে পাকিস্তানী অভিমুখী ৰে’লত উঠি সীমান্ত পালেগৈ বহিঃৰাজ্যত কৰ্মৰত অসমৰ এজন শ্ৰমিক। জানিব পৰা মতে, চৰাইদেউ জিলাৰ মাহমৰাৰ চেলেং গাঁৱৰ নিৱাসী মনোজ ওঝা নামৰ এজন ৪০ বছৰীয়া ব্যক্তিয়ে এমাহ পূৰ্বে কৰ্মৰ সন্ধানত গৈছিল ৰাজস্থানৰ জয়পুৰলৈ। তাত এটা প্লাইউড কোম্পানীত কৰ্মৰত হৈ আছিল মনোজ। কিন্তু কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত … Read more

নতুন দিল্লীৰ ভাৰাঘৰত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক। কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ পুনৰ অকাল মৃত্যুক আকােৱালি ল’লে এগৰাকী অসমীয়া যুৱতীয়ে। দেশৰ ৰাজধানী দিল্লীলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী অসমীয়া যুৱতীৰ। জানিব পৰা মতে, মৃত যুৱতীগৰাকী গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বচাপথাৰৰ পিংকী বড়ো। ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকী বড়োৰ মৃতদেহ উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে। অৱশ্যে বাতৰি লিখা পর্যন্ত যুৱতীগৰাকীৰ মৃত্যু সম্পৰ্কীয় সবিশেষ … Read more

‘কাৰণ মোৰ চকু সৰু…’ নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে ক’লে চকু সৰু হােৱাৰ লাভ কি? সামাজিক মাধ্যমত হৈ পৰিল চৰ্চিত…

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে চৰ্চিত হৈ পৰিছে প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী। এই মন্ত্ৰীগৰাকী হৈছে নাগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা অলােং। দৰাচলতে মন্ত্ৰীগৰাকীয়ে এখন দলীয় সভাত ভাষণ প্ৰসংগত ‘সৰু চকু’ থকাৰ লাভালাভৰ বিষয়ে কৌতুক কৰে। ইনমাই কয় যে মানুহে প্ৰায়ে কয় যে উত্তৰ-পূবৰ লোকসকলৰ চকু সৰু। এই সন্দৰ্ভত … Read more

ৰাজপথত হঠাৎ বুলেট বাইকত উঠি আৱিৰ্ভাৱ হৰ-পাৰ্বতীৰ! “মহাদেৱ”ক আটক আৰক্ষীৰ

নিউজ ডেস্কঃ শনিবাৰে পুৱাৰে পৰা সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল এটা বিশেষ ভিডিঅ’। নগাঁৱৰ ৰাজপথত হঠাৎ আৱিৰ্ভাৱ ঘটিছিল হৰ-পাৰ্বতীৰ। বুলেট বাইকত উঠি ৰাজপথৰে যাত্ৰা কৰা হৰ-পাৰ্বতীক দেখি ৰৈ ৰৈ চাইছিল বাটৰুৱাইও। নিমিষতে ভিৰ কৰিছিল সাংবাদিকে। কিন্তু তাৰ পিছত এতিয়া বিপদত পৰিবলগীয়া হ’ল মহাদেৱ! দৰাচলতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হৰ-পাৰ্বতীৰ ভেশ লৈ নগাঁৱৰ ৰাজপথত এক বাটৰ নাট মঞ্চস্থ … Read more

মৰ্মান্তিক! জাপানীজ এনকেফেলাইটিছে অকালতে কাঢ়ি নিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ…

নিউজ ডেস্কঃ ৰাজ্যত বানৰ সংহাৰৰ পিছতে আতংকৰ সৃষ্টি কৰিছে কোভিডৰ লগতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৱে। বহু অঞ্চলত বানপানী শুকোৱাৰ পিছতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ দৰে ৰোগে দেখা দিয়াত আতংকিত হৈ পৰিছে বন্যাৰ্ত। ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ প্ৰকাশিত তথ্য অনুসৰি এপ্ৰিল মাহৰ পৰা ৭ জুলাই পৰ্যন্ত অসমত 48 জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ ইয়াৰে … Read more

ৰভাতলীত দৰাৰ সন্মুখতে ভয়ংকৰ কাণ্ড কৰিলে কইনাৰ প্ৰাক্তন প্ৰেমিক, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ ৰভাতলীত অঘটন! ৰভাতলীত আচম্বিতে প্ৰৱেশ ঘটিল কইনাৰ প্ৰাক্তন প্ৰেমিকৰ, তাৰ পিছতে ঘটিল অভাৱনীয় ঘটনা। দৰাৰ সন্মুখতে প্ৰাক্তন প্ৰেয়সীৰ ডিঙিত প্ৰেমিকে পিন্ধালে বৰমালা, আনকি প্ৰেয়সীৰ সেউতাত সেন্দুৰ দিয়াৰো চেষ্টা চলায় প্ৰাক্তন প্ৰেমিকে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিহাৰৰ এখন বিবাহথলীত। বিহাৰৰ নালন্দা জিলাৰ এখন বিবাহ অনুষ্ঠানত হঠাৎ প্ৰৱেশ কৰা কইনাৰ প্ৰাক্তন প্ৰেমিকে সৃষ্টি কৰে … Read more

মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

নিউজ ডেস্ক। অভূতপূৰ্ব বানে জলপ্ৰলয়ৰ সৃষ্টি কৰিছে সমগ্ৰ বৰাক উপত্যকাত। বৰাক নৈৰ লগতে উপনৈসমূহৰ বলিয়া বানে দুৰ্বিষহ কৰি তুলিছে স্থানীয় লােকৰ জীৱন। বানৰ কবলত পৰি অকালতে মৃত্যু ঘটিছে বহু লােকৰ। ইপিনে, শেহতীয়াকৈ শিলচৰত এটা হৃদয়বিদারক ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে। বানপানীত ওপঙি থকা অৱস্থাত এটা চাৰি বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা কৰুণ ঘটনাই অঞ্চলটোত শোকৰ … Read more