ভাল খবৰ! ইষ্টাৰ্ণ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল…

নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ দিনাই অসম বাসীলৈ ভাল খবৰ। অসমৰ সুযোগ্য সন্তান তথা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ ভাৰতৰ চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল সন্মান। সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত। উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ … Read more

অসম কন্যাৰ কৃতিত্ব! শ্ৰেয়া ভট্টচাৰ্যলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৩…

নিউজ ডেস্কঃ অসম কন্যা শ্ৰেয়া ভট্টাচাৰ্যৰ অনন্য কৃতিত্ব। তবলা বাদনেৰে অসমলৈ সুনাম কঢ়িয়ালে বোকাজানৰ শ্ৰেয়াই। শ্ৰেয়া ভট্টচাৰ্যলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৩ৰ সন্মান। উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি তবলা বজাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান দখল কৰিবলৈ সক্ষম হয় শ্ৰেয়াই। প্ৰতিযোগিতাত কেইবাগৰাকীও প্ৰতিযোগীক চেৰ পেলাই সন্মান বুটলে অসম কন্যা শ্ৰেয়া ভট্টচাৰ্যই। যোৱা ২৩ জানুৱাৰীত দেশৰ … Read more

শোকাবহ! নৈত গা ধুবলৈ নামি সাঁতুৰিব নজনাৰ বাবেই সলিল সমাধি ঘটিল নৱনীতৰ…

নিউজ ডেস্কঃ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ পিছলি পৰি সলিল সমাধি ঘটিল এজন চফল যুৱকৰ। সোমবাৰে মাজুলীৰ আউনীআটি অঞ্চলৰ জুগুনীধাৰী গাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মাজুলীত। জানিব পৰা মতে, জুগুনীধাৰী গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট শিল্পী গুণীন বৰাৰ একমাত্ৰ পুত্ৰ নৱনীত বৰাই সোমবাৰে দুপৰীয়া আলহী হিচাপে অহা আন … Read more

সংকটত প্ৰকৃতিৰ জমাদাৰ! গৰুৰ মৰাশ ভক্ষণৰ পিছতে যন্ত্ৰণাত চটবটাই মৃত্যু ২৫টা শগুণৰ…

নিউজ ডেস্কঃ গৰুৰ মৰাশ ভক্ষণ কৰাৰ পিছতে শিৱসাগৰ জিলাত ২৫টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শিৱসাগৰ জিলাৰ চিতলীয়া নাওজান বিলৰপাৰত কোনো লোকে মুকলিকৈ পেলাই যোৱা গৰু আৰু ম’হৰ মৰা শ ভক্ষণ কৰাৰ পিছতে মৃ্ত্যু ঘটে হিমলয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ ২৫টা শগুণ। ইয়াৰ উপৰি আন … Read more

দুঃখবৰ! লাডাখৰ হাড় কঁপোৱা শীতত হৃদক্ৰিয়া বন্ধ হৈ শ্বহীদ অসমৰ সেনা বিষয়া…

নিউজ ডেস্কঃ বৰফাবৃত্ত লাডাখৰ হাড় কঁপোৱা জাৰে প্ৰাণ কাঢ়িলে অসমৰ এগৰাকী সুযোগ্য সন্তানৰ। দেশৰ হকে সেৱা আগবঢ়াই প্ৰচণ্ড শীতত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ বিষয়া তথা অসমৰ সুযোগ্য সন্তান জাইখলং মুছাহাৰীৰ। ওদালগুৰি জিলাৰ টংলা নগৰৰ বানশেৰীয়াৰ নিৱাসী জাইখলং মুছাহাৰী (৪৪)ৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। উল্লেখ্য যে, জাইখলং মুছাহাৰী ভাৰতীয় সেনাত যোগদান কৰি সম্প্ৰতি পাৰা ৩১নং … Read more

মহানুভৱতা! এগৰাকী বিধৱাৰ উকা কপালত ৰঙা সেন্দূৰ সানি পত্নী কৰি ল’লে বিজু ফুকন শৰ্মাই…

নিউজ ডেস্কঃ বৈধব্য কেৱল এটা শব্দই নহয়, বৈধব্য হৈছে এক অভিশাপ। এযোৰ উকা সাজৰ আঁৰত ঢাকি ৰখা অব্যক্ত অলেখ বিষাদৰ নামেই হৈছে বৈধব্য। যি কথা উপলব্ধি সকলোৱে কৰিব নোৱাৰে। এনে বৈধব্য যন্ত্ৰণাতে দগ্ধ এগৰাকী মহিলাক নতুন জীৱন দি সমাজৰ মাজলৈ উলিয়াই লৈ আহিবলৈ সক্ষম হ’ল দৰঙৰ এজন যুৱকে। সমাজে হেয় দৃষ্টিৰে চোৱা এগৰাকী বিধৱাকে জীৱন … Read more

চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত ঠিক হৈছিল বিয়া, তাৰ পূৰ্বেই ৰহস্যজনভাৱে উদ্ধাৰ মুখ্যমন্ত্ৰীৰ আৱাসত কৰ্তব্যৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ…

নিউজ ডেস্কঃ বিয়ালৈ মাজত আৰু এসপ্তাহো নাই। ইতিমধ্যে সম্পন্ন হৈছিল যা-যোগাৰ। মাত্ৰ দুদিন পূৰ্বে হ’বলগীয়া পত্নীক লগত লৈ বিয়াৰ বজাৰ কৰিবলৈ গৈছিল পিএচি জোৱান বিপিন কুমাৰ। পৰিয়ালৰ সকলোৰে লগতে বিয়াখনক লৈ সুখী আছিল তেৱোঁ। কিন্তু বিয়া সম্পন্ন হোৱাৰ পূৰ্বেই গাড়ীৰ ভিতৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। শোকত ভাগি পৰিছে … Read more

চাঞ্চল্যকৰ! পথৰ দাঁতিত ৰখাই থোৱা বাহনৰ ভিতৰত উদ্ধাৰ ২৮ বৰ্ষীয় চিৰঞ্জীৱ গগৈৰ মৃতদেহ…

নিউজ ডেস্কঃ ডিমৌৰ ৰাজমাই শেনছোৱা আলিৰ সমীপত শুকুৰবাৰে বিয়লি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ৰখাই থোৱা এখন বাহনৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এএছ ০৪টি ২৫৪৯ নম্বৰৰ এখন টাটা টিয়াগ’ বাহনৰ ভিতৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো থাওৰাৰ বামুণবাৰীৰ প্ৰয়াত জিতু গগৈৰ পুত্ৰ চিৰঞ্জীৱ গগৈ … Read more

হৃদয় বিদাৰক! বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশ লৈ শ্ৰেণীকোঠাত সোমাওতেই আকস্মিকভাৱে ঢলি পৰি মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াৰ…

নিউজ ডেস্কঃ বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণৰ পিছত অন্য সহপাঠীৰ সৈতে নিজৰ শ্ৰেণীকোঠাত সোমাইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াইও। কিন্তু কোনেও জনা নাছিল সেয়াই যে আছিল ৰিয়াৰ জীৱনৰ শেষ ক্ষণ! শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ কিছুসময় পিছতে হঠাৎ অচেতন হৈ ঢলি পৰে অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকী। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ৰিয়াক হাস্পতাললৈ লৈ যায় যদিও হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীগৰাকীৰ … Read more

মৰ্মান্তিক! উদণ্ড চিকিৎসকৰ বাহনৰ খুন্দাত প্ৰাণ গ’ল এহাল ভাতৃ-ভগ্নীৰ, চিকিৎসাধীন আন দুজন…

নিউজ ডেস্কঃ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত কেন্দুকোণাত শোকাবহ পথ দুৰ্ঘটনা। উদণ্ড চিকিৎসকৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু এহাল ভাতৃ-ভগ্নীৰ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এগৰাকী কিশোৰী আৰু এগৰাকী ফেৰীৱালাও বৰ্তমান চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, মঙলবাৰে কেন্দুকোণাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। বাৰাংহাটীৰ নিৱাসী অৱসৰী চিকিৎসক নৰেন … Read more