এমাহত এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

পূৰ্বৰ দৰে এতিয়া আৰু প্ৰতিদিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হোৱাৰ পাছতে নিয়ম সলনি কৰিলে ড০ শৰ্মাই। এমাহত মাত্ৰ এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে সাংবাদিকৰে মুখামুখি হৈ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক উদ্দশ্যি কয়- সদায়ে প্ৰশ্ন সুধিলে খেলিমেলি হৈ যাব পাৰে। আগ বেলা সুধা প্ৰশ্নৰ উত্তৰ পিছবেলা সলনি … Read more

হাতীৰ বেটিং, বলিং-ফিল্ডিং কৰিছে মানুহে! হাতী-মানুহৰ ক্ৰিকেট খেলৰ ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে বৃহৎ জন্তু হিচাপে হাতীয়ে বহুতো কাম কৰে অথবা গৰাকীয়ে কৰোৱাই। কিন্তু কিছুমান এনে কাম হাতীয়ে কৰে, যিটো দেখিলে আপুনিও আচৰিত হ’ব। এইবাৰ তেনে এক আচৰিত দৃশ্যই ক্ষণিকতে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যিটো দৃশ্যত হাতীয়ে কেইজনমান মানুহৰ লগত খেলিছে ক্ৰিকেট। হাতীয়ে কেনেকৈ ক্ৰিকেট খেলিব পাৰে বুলি ভাবি নিশ্চয় আপুনিও আচৰিত হৈছে। কিন্তু … Read more

আৱেগিক মুহূৰ্ত! নতুন মুখ্যমন্ত্ৰীৰ মাতৃৰ পৰা আশীৰ্বাদ ল’লে বিদায়ী মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। বিগত ৫ বছৰে দুৰ্নীতি-স্বজনপ্ৰীতিৰ পৰা বহু দূৰত থাকি মুখ্যমন্ত্ৰীৰ ৰূপত অসমক সবলভাৱে নেতৃত্ব দিলে সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে। সদ্য সমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনত সােণােৱালৰ নেতৃত্বতে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজােঁটে। ৰাইজে নিবিচাৰিলে পৰিৱৰ্তন। কিন্তু ইয়াৰ পাছতো ৰাজ্যবাসীৰ বৃহত্তৰ স্বাৰ্থ তথা দলীয় হাইকামাণ্ডৰ ইচ্ছা অনুসৰিয়েই শেষ মুহূৰ্তত নিজৰ গাদী এৰি বদান্যতাৰ পৰিচয় … Read more

কৰ’ণাৰ সন্ত্ৰাসঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল…

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা। কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা। সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ কৰা হ’ব উত্তীৰ্ণ। ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত AHSECৰ। ৪ মে’ৰ পৰা HS প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত … Read more

আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শপত গ্ৰহণৰ পিছতেই প্ৰথমখন সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলাক্ষেত্ৰত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। সংবাদমেলত আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰেশ বৰুৱাক মূল সূতিলৈ ঘূৰি আহিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আলাপ আলোচনাৰ মাজেৰে জনজাতীকৰণৰ সমস্যা সমাধান কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণেই হ’ব চৰকাৰৰ প্ৰথম … Read more

কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্যসহ ১৩ বিধায়কে…

হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও বিধায়কে। হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ পিছতে শপত ল’লে অতুল বৰাই। বৰাৰ পিছতে শপত লয় ইউ জি ব্ৰহ্মই। শৰ্মাৰ মন্ত্ৰী সভাত ইউপিপিএলৰ একমাত্ৰ প্ৰতিনিধি ব্ৰহ্ম। বড়ো ভাষাত শপত লয় ব্ৰহ্মই। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মন্তইও শপত গ্ৰহণ কৰে। ইপিনে বৰাকৰ একমাত্ৰ প্ৰতিনিধি হিচাপে … Read more

মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই…

ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। ১২.০৫ বজাত শপত গ্ৰহন কৰে কৰে শৰ্মাই। তেওঁৰ লগতে ১৩ সতীৰ্থ মন্ত্ৰীয়ে লয় শপত। ৰাজ্যপাল অধ্যপক জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰায়। হিমন্ত বিশ্ব শৰ্মাৰ পিছতে শপত গ্ৰহন কৰে ৰঞ্জিত কুমাৰ দাসে। কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দাসে। পাটাছাৰকুছিৰ পৰা নিৰ্বাচিত হৈ … Read more

আজি ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই…

বহু উৎকণ্ঠাৰ অন্ত পেলাই দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম। নিৰ্বাচন ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়। ড০ শৰ্মা হব ৰাজ্যৰ ১৫ সংখ্যক তথা ২১তম মুখ্যমন্ত্ৰী। আজি কলাক্ষেত্ৰত ১২ বজাত এক সভাত শপত গ্ৰহণ কৰিব শৰ্মাই। ইতিমধ্যেই সজাই পৰাই তোলা হৈছে কলাক্ষেত্ৰৰ বাকৰি। আজিৰ এই … Read more

উৰণৰ পাছতে সৰি পৰিল এয়াৰ এম্বুলেন্সৰ চকা, চকা অবিহনেই জৰুৰী অৱতৰণ

নিউজ ডেস্ক। এক নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ৫ জনকৈ লােকৰ। এখন এয়াৰ এম্বুলেন্সে বিমানবন্দৰৰ পৰা উৰণৰ পাছতে চকা খুলি তললৈ সৰি পৰাৰ পাছতে সৃষ্টি হয় এক জৰুৰীকালীন পৰিস্থিতিৰ। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা হায়দৰাবাদলৈ ৰােগী কঢ়িয়াইছিল এখন এয়াৰ এম্বুলেন্সে। জেটচাৰ্চ এভিয়েচনৰ চি-৯੦ বিমানখনে বৃহস্পতিবাৰে বিয়লি নাগপুৰ বিমানবন্দৰৰ ৩২ নং ৰানৱে’ৰ পৰা উৰা … Read more

ৰসগোল্লা বিতৰণ কৰি বিপদত পৰিল দুই যুৱক! আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ৰসগোল্লা বিতৰণৰ বাবে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্বাভাৱিকতে প্ৰশ্নৰ উত্থাপন হ’ব যে কি কাৰণত ৰসগোল্লা সহ দুজন লোকক কৰা হ’ল গ্ৰেপ্তাৰ? আচলতে ক’ভিড বিধি ভংগ কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লোক দুজনৰ পৰা ২০ কিলো ৰসগোল্লাও জব্দ কৰিছে আৰক্ষীয়ে। এই ঘটনাটো ঘটিছে বুধবাৰে উত্তৰ প্ৰদেশৰ হাপুৰত। হাপুৰ আৰক্ষীয়ে সামাজিক মাধ্যমত … Read more