চাঞ্চল্যকৰ! আলফালৈ যাম বুলি এসপ্তাহে সন্ধানহীন অৰ্পিতা গগৈ, হাহাকাৰ লাগিছে পৰিয়ালত…

নিউজ ডেস্কঃ আলফালৈ যাম বুলি এসপ্তাহে চৰাইদেউৰ এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, যোৱা ২৮ নৱেম্বৰৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল চৰাইদেউজিলাৰ মাহমৰাৰ কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ কলেজীয়া ছাত্ৰীগৰাকীয়ে। পিছত মাতৃৰ সৈতে হোৱা হোৱাটছএপৰ কথা বতৰাত আলফালৈ যাম বুলি গৈছিল অৰ্পিতাই। তাৰ পিছৰে পৰা ছাত্ৰীগৰাকী সন্ধানহীন … Read more

ক্ৰমাৎ সুস্থ হৈছে আনন্দ! লাহে লাহে উঠিছে, বহিছে, খোজো কাঢ়িছে…

নিউজ ডেস্কঃ লাহে লাহে সুস্থ হৈছে আনন্দ শৰ্মা। দীৰ্ঘদিন ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দই এতিয়া লাহে লাহে উঠিছে, বহিছে, আনৰ সহায় লৈ খোজ কাঢ়িছে। দৃঢ় মনৰ আনন্দৰ মানসিক শক্তি দেখি স্তম্ভিত হৈ পৰিছে চিকিৎসকসকলো। উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেংগি কাণ্ডৰ ভুক্তভোগী আছিল আনন্দ শৰ্মা। একাংশ জ্যেষ্ঠ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ … Read more

শোকবহ! বিদ্যালয়লৈ যোৱাৰ পথত অঘটন, চলন্ত বাছৰ পৰা পিচলি অকাল মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ…

নিউজ ডেস্কঃ তেজপুৰৰ বিন্দুগুড়িত বিদ্যালয়লৈ যোৱাৰ পথতে চলন্ত বাছৰ পৰা পৰি এগৰাকী ছাত্ৰৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। শনিবাৰে পুৱা বিন্দুগুড়িৰ গৰৈমাৰী দুৰং গেটৰ সমীপত সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, বিন্দুগুড়ি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ জয়দ্বীপ চৌৰাও শনিবাৰে পুৱা ৰঙাপাৰাৰ পৰা তেজপুৰ অভিমুখী এএছ ১২ই ০১৯৪ নম্বৰৰ বাছত উঠি … Read more

শোকাবহ! আত্মীয়ৰ ঘৰলৈ গৈ থকা সময়তে অচিনাক্ত বাহনে মহতিয়াই থৈ গ’ল কৃতি শিক্ষকক, ৰাজপথত বহু সময় ধৰি চটবটাই হাস্পতালত সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ গোৰেশ্বৰৰ এগৰাকী কৃতি শিক্ষকৰ শুকুৰবাৰে পথ দুৰ্ঘটনাত মৃত্যু ঘটাৰ খবৰে শোকৰ বন্যা নমাইছে সমগ্ৰ অঞ্চলটোত। গুৱাহাটীত থকা আত্মীয়ৰ ঘৰৰ সকামলৈ মটৰ চাইকেল চলাই গৈ থকা সময়তে আমিনগাঁৱৰ জয়গুৰুত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় শিক্ষক ভূপেন কুমাৰে। জানিব পৰা মতে, গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক তথা গোৰেশ্বৰৰ সৰুফুলচকী গাঁৱৰ নিৱাসী ভূপেন কুমাৰ (৫৭)-এ বৃহস্পতিবাৰে … Read more

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ আত্মসমৰ্পণ কৰা আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ অব্যাহত আছে আৰক্ষীৰ অভিযান। ইপিনে, শনিবাৰে গ্ৰেপ্তাৰ হল ৰেগিং কাণ্ডৰ সৈতে জড়িত ষষ্ঠজন অভিযুক্তক। আত্মসমৰ্পণৰ বাবে আহোঁতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কল্যান দত্তক। উল্লেখ্য যে বৰ্তমানো পলাতক হৈ আছে মূল অভিযুক্ত ৰাহুল ছেত্ৰী।

থানালৈ ন্যায় বিচাৰি যোৱা যুৱতীক অশ্লীল প্ৰস্তাৱ SI ছাৰৰ! ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্ক। আৰক্ষী থানালৈ ন্যায় বিচাৰি যোৱা যুৱতীক অশ্লীল প্ৰস্তাৱ আৰক্ষী বিষয়াৰ। ঘটনা পোহৰলৈ অহাৰ পিছতে ৰিজাৰ্ভ ক্লজ জাগীৰোড আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক। অভিযোগ অনুসৰি থানাত অভিযোগ দাখিল কৰিবলৈ অহা এগৰাকী যুৱতীক অশ্লীল প্ৰস্তাৱ দিছিল এছ আই অমিতাভ শেনচোৱাই। যাৰ বাবে মৰিগাঁওৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে আৰক্ষী বিষয়াজনক। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে … Read more

সভ্য সমাজত স্থান নাই ৰেগিঙৰ! প্ৰয়োজনত বিষয়াকো গ্ৰেপ্তাৰৰ সকিয়নী DGP ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্কঃ সভ্য সমাজত স্থান নাই ৰেগিঙৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত পোহৰলৈ অহা কেইবাটাও ৰেগিং ঘটনাক লৈ এইবাৰ কঠোৰ সকিয়নী প্ৰদান কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। ৰেগিঙৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নী দি ডিজিপি মহন্তই কয় যে কেৱল জগৰীয়া কৰিয়েই অভিযুক্তক এৰি দিয়া নহয়। সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই বুলি মন্তব্য কৰি … Read more

মৰ্মান্তিক! পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ মেধাৱী ছাত্ৰী অজন্তাৰ…

নিউজ ডেস্কঃ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই জীৱনৰ অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। গোৰেশ্বৰত অজন্তা বড়ো নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ আত্মহননৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। ঘৰত কোনো নথকাৰ সুযোগ লৈ চৰম সিদ্ধান্ত বাচি লোৱা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন চুইচাইড নোট। য’ত পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবেই জীৱনৰ প্ৰতি বিৰক্ত হৈ … Read more

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! মূল অভিযুক্ত ৰাহুল চেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি

নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি। বৰ্তমানো পলাতক হৈ আছে ৰাহুল চেত্ৰী। আনন্দ শৰ্মা ৰেংগি কাণ্ডৰ মূল অভিযুক্ত হিচাপে ধৰা হৈছে ৰাহুল চেত্ৰীক। এইগৰাকী ৰাহুল চেত্ৰীৰ নেতৃত্বতে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁঞিবৰুৱা ছাত্ৰ নিৱাসত জুনিয়ৰৰ ওপৰত চলোৱা হৈছিল ৰেগিং। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ … Read more

ৰহস্য ফাদিল! পিতৃয়ে বাইক কিনি নিদিয়াৰ বাবেই বন্ধুৰ সৈতে মিলি অপহৰণৰ নাটক ৰচিছিল যোৰহাটৰ অমৰজিতে, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ পিতৃয়ে বাইক কিনি নিদিয়াৰ বাবেই বন্ধুৰ সৈতে মিলি নিজেই অপহৰণৰ নাটক ৰচিলে এজন কিশোৰে। শেহতীয়াকৈ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুই বন্ধুক। উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰে পৰা এক অপহৰণ কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যোৰহাটৰ ৰাজাবাৰীত। অমৰজিৎ প্ৰসাদ নামৰ এজন কিশোৰৰ অপহৰণ কাণ্ডক লৈ পৰিয়াল আৰু আৰক্ষীৰ মাজতো … Read more