স্থানীয় লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰি নিলম্বন DC অনুপম চৌধুৰী আৰু ADC ৰক্তিম বৰুৱা…

নিউজ ডেস্কঃ স্থানীয় লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা। অভিযোগ অনুসৰি, লংকাৰ ৭নং ৱাৰ্ডৰ শিলবস্তিত তালাচীৰ নামত এজন যুৱক আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিক লাঠিৰে প্ৰহাৰ কৰিছিল অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই। লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথৰে ওলোটা দিশেৰে আহি … Read more

এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, ঘোচ লৈ গ্ৰেপ্তাৰ UB নায়ক মিয়াচান্দ আলী…

ৰাজ্যত একেদিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দ্বিতীয়জন চৰকাৰী গ্ৰেপ্তাৰ। এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত কৰ্তব্যৰত ইউবিৰ নায়ক মিয়াচান্দ আলী। উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ মিয়াচান্দ আলী। অভিযোগকাৰীৰ বিচাৰাধীন বিলৰ প্ৰক্ৰিয়াকৰণ আৰু গৃহীতকৰণ ক্ষিপ্ৰ কৰাৰ বাবদ দাবী কৰা ধন গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত বিষয়াজন। … Read more

সুখবৰ! পুৰণি শৰাইঘাট দলঙৰ সমীপতে ব্ৰহ্মপুত্ৰৰ ওপৰত ৯৯৬ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব আন এখন দলং…

নিউজ ডেস্কঃ পুৰণি শৰাইঘাট দলঙৰ সমীপতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ’ব আন এখন দলং। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। অসমৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰা হ’ব দলংখন। ৰে’ল আৰু যান-বাহনৰ বাবে দুই তৰপীয়াকৈ নিৰ্মাণ কৰা হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন। Furthering PM Shri @narendramodi Ji's vision of #GatiShakti,The project for … Read more

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি গছত প্ৰচণ্ড খুন্দা আই-২০ বাহনৰ, শিক্ষক আচল মহন্তসহ ২ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ এক ভংয়কৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱ শিক্ষকসহ ২জনকৈ লোকে। মঙলবাৰে নিশা ধেমাজি জিলাৰ জোনাই গালীৰ ৰঙানৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। নিশা প্ৰায় ১১ বজাত এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি খুন্দা মাৰে এজোপা গছত। এই দুৰ্ঘটনাত নিহয় হয় জোনাই লাইমেকুৰীস্থিত মুৰ্কংচেলেক আদৰ্শ বিদ্যালয়ৰ শিক্ষক তথা নাৰায়ণপুৰ নিৱাসী … Read more

পূজাৰ পূৰ্বে ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এগৰাকী চৰকাৰী কৰ্মচাৰী…

দুৰ্গা পূজাৰ পূৰ্বে ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া। এইবাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভূমি বন্দোবস্তি কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্যালয়টোৰ সহকাৰী পাটোৱাৰী উৎপল কুমাৰ নাথ। ভূমি প্ৰমাণপত্ৰৰ কামৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্ত বিষয়াজন। টুইটাৰযোগে এই কথা সদৰী কৰিছে … Read more

সাপ, কেঁচু নহয়; স্বয়ম্ভূ বাবা আব্দুল কৰিমৰ ঘৰত মাটি খান্দোতে উদ্ধাৰ হ’ল লাখে লাখে টকা…

নিউজ ডেস্কঃ মাটি খান্দোতে সাপ, কেঁচু নহয়, বৰং উদ্ধাৰ হ’ল কেইবা লক্ষাধিক টকা। শোণিতপুৰৰ এজন স্বয়ম্ভূ কবিৰাজৰ বাসগৃহত উদ্ধাৰ হ’ল এই বৃহৎ পৰিমানৰ ধন। স্বয়ম্ভূ কবিৰাজ বাবা আব্দুল কৰিমৰ ঘৰত মাটি খান্দি পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫ লক্ষাধিক টকা। শোণিতপুৰৰ তেজপুৰ বৰঘাট আৰক্ষীৰ অন্তৰ্গত পাঁচমাইলত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলায় বৃহৎ পৰিমাণৰ … Read more

অসম এৰিলে আনন্দ মিশ্ৰই! বিদায় বেলাত অসম আৰু অসমীয়াৰ কথা কি কৈ গ’ল IPS বিষয়াগৰাকীয়ে…

নিউজ ডেস্কঃ অসমৰ পৰা বিদায় ল’লে জনপ্ৰিয় আৰু সুদক্ষ আইপিএছ বিষয়া আনন্দ মিশ্ৰই। অপৰাধীৰ বিৰুদ্ধে কঠোৰ, কিন্তু সাধাৰণ নীৰিহ জনতাৰ বাবে কোমল অন্তৰৰ আইপিএছ বিষয়াগৰাকীয়ে অসম এৰাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে দুখ ব্যক্ত কৰিছে তেওঁক ভালপোৱা অলেখ অসমীয়াই। আৰক্ষী অধীক্ষক ৰূপে অসমৰ কেইবাখনো জিলাত কাৰ্যনিৰ্বাহ কৰা কালত সদায় জনতাৰ মাজৰ এজন হৈ অহা আইপিএছ আনন্দ … Read more

চাঞ্চল্যকৰ! মহানগৰীত ৰখাই থোৱা বলেৰ’ৰ ভিতৰত উদ্ধাৰ কংকণৰ মৃতদেহ…

নিউজ ডেস্কঃ মহানগৰীৰ চচলত এখন গাড়ীৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে চচলৰ পথৰ কাষত ৰখাই থোৱা এখন বলেৰ’ বাহনৰ ভিতৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। জানিব পৰা মতে, এএছ ০১বিএম ২৮০৬ নম্বৰৰ বলেৰ’ বাহনখনৰ ভিতৰত উদ্ধাৰ হয় মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো কামৰূপ জিলাৰ কমলপুৰৰ কংকণ কলিতা নামৰ যুৱকজনৰ বুলি … Read more

বন আইন উলংঘা! মুখ্যমন্ত্ৰী, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দুই সচেতন নাগৰিকৰ

নিউজ ডেস্ক। বিতৰ্কত মাজত সােমাই পৰিছে সদগুৰুৰ কাজিৰঙা ভ্ৰমণ। শনিবাৰে এন্ধাৰ হােৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক জীপত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ সচেতন লােকে। এনে কাৰ্যৰ জৰিয়তে বন আইন ১৯৭২ ভংগ কৰাৰ অভিযােগ তুলি তিনিওজনৰ বিৰুদ্ধে বােকাখাত থানাত এজাহাৰ দাখিল কৰিছে সোণেশ্বৰ নৰহ আৰু … Read more

ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ২০০ টা ছবিগৃহঃ ঘোষণা সীমান্ত শেখৰৰ…

নিউজ ডেস্কঃ ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ২০০ টা ছবিগৃহ। -এই ঘোষণা কৰে অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। সীমান্ত শেখৰে জানিবলৈ দিয়া মতে, এই ছবিগৃহ স্থাপন সন্দৰ্ভত বিজ্ঞাপনো দিয়া হৈছে। খানাপাৰাৰ ষ্টাফ কলেজত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এখন বিশেষ চলচ্ছিত্ৰ কৰ্মশালাত উপস্থিত থাকি এই মন্তব্য কৰে সীমান্ত শেখৰে। উল্লেখ্য যে, অসম ৰাজ্যিক … Read more