অভ্যাস সলনি নহয় ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ! এইবাৰ হাতে-লোটে কৰায়ত্ব লাট মণ্ডল ৰঞ্জিত মহন্ত

নিউজ ডেস্কঃ ঘোচ লৈ যিমানেই চৰকাৰী বিষয়া-কৰ্মচাৰী জালত নপৰিলেও নেগুৰ চিধা নহয় একাংশ দুৰ্নীতিগ্ৰস্তৰ। চৰকাৰৰ পৰা মোটা অংকৰ দৰমহা লাভ কৰিও অধিক উপাৰ্জনৰ লোভ সামৰিব নোৱাৰি এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন ঘোচখোৰ চৰকাৰী বিষয়া। এইবাৰ নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এজন ঘোচখোৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক। … Read more

আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে ভূটানৰ প্ৰৱেশ দুৱাৰ…

নিউজ ডেস্ক। আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশ দুৱাৰ। ইয়াৰ লগে লগে ভূটান ভ্ৰমণৰ বাবে প্ৰতিক্ষাৰত অসমৰ পৰ্যটকসকলেও লাভ কৰিব প্ৰতিবেশী ৰাষ্ট্ৰখনত প্ৰৱেশৰ সুবিধা। উল্লেখ্য যে শুকুৰবাৰে পুৱাই ভূটানৰ প্ৰধানমন্ত্ৰী লােটে শ্বেৰিঙে ভূটানৰ প্ৰৱেশ দুৱাৰৰ পৰম্পৰাগত ৰীতি-নীতিৰে মুকলি কৰে। ইয়াৰ লগে লগে ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ছােৱাৰ পৰাই বন্ধ হৈ থকা … Read more

সুৰাৰ নিচাত নিজৰ থানাৰ গাড়ী চালককে আক্ৰমণ অ’চি চাহাবৰ! কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্কঃ আৰক্ষীৰ ওপৰতে আৰক্ষীৰ গুণ্ডাগিৰিৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ গোলাঘাটত। মঙলবাৰে নিজৰে থানাৰ গাড়ী চালকক সুৰাৰ নিচাত আক্ৰমণ কৰে ভাৰপ্ৰাপ্ত বিষয়াই। ঘটনাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অভিযুক্ত অ’চি ৰাজেশ্বৰ গগৈক। উল্লেখ্য যে, মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্য সম্পাদন কৰি থকা ঘিলাধাৰী আৰক্ষী থানাৰ … Read more

ভয় লগা নাছিল, কিন্তু দুখ লাগিছিল, মায়ে মানুহজনক হেৰুৱালে, ল’ৰাটোক বা হেৰুৱাই কেনেকৈ? ভিডিঅ’ৰ মাজতে উচুপি উঠিল ভিক্টৰ দাস

নিউজ ডেস্কঃ মই মৰিলে চিধাই ভূতনাথলৈ আহি যাব। তাতেই মোৰ চিতা জ্বলাব। মোৰ দেউতাৰো তাতেই চিতা জ্বলিছিল। – এটা ভিডিঅ’টোত এনেদৰেই কান্দি উঠিল ভিক্টৰ দাস। নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলিছিল ভিক্টৰে। কিন্তু তেওঁলোকেই অভিযুক্ত সজাই গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছত আদালতে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে যদিও হেৰুওৱা সন্মান ঘূৰাই পাবলৈ যেন এতিয়া হাহাকাৰ কৰিবলগীয়া … Read more

শোকাবহ! জম্মু-কাশ্মীৰত মৃত্যু সীমান্ত সুৰক্ষা বাহিনীত কৰ্তব্যৰত অসম সন্তান দুলাল শৰ্মাৰ, শোকস্তব্ধ পৰিয়াল…

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সীমান্ত সুৰক্ষা বাহিনীত কৰ্তব্যৰত এগৰাকী অসমীয়া বিষয়াৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অসংখ্য জনক। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ উপ পৰিদৰ্শক দুলাল শৰ্মাৰ নশ্বৰ দেহ বুধবাৰে পুৱা বিমানযোগে অসমলৈ অনা হয়। তাৰ পিছতে লৈ যোৱা হয় নগাঁও জিলাৰ কুৰুৱাবাহী-বেবেজীয়া পথস্থিত স্বগৃহলৈ। সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পিছতে এক … Read more

সফলতা গছত লগা ফল নহয়! পথাৰত হাল বাই, শাক-পাচলি বিক্ৰী কৰি অৱশেষত আৰক্ষী কমাণ্ডো হ’ল টিংখঙৰ মায়াদেৱী…

নিউজ ডেস্কঃ সফলতা গছত লগা কোনো ফল নহয়। সফলতা লাভ কৰিবলৈ হ’লে কৰিব লাগিব পৰিশ্ৰম, থাকিব লাগিব আগুৱাই যোৱাৰ মানসিকতা আৰু এটা সুস্থিৰ লক্ষ্য। মায়াদেৱীৰ বাবেও সফলতা এক প্ৰত্যাহ্বান আছিল। ৰুগীয়া পিতৃৰ সহায় কৰাৰ পৰা ঘৰখনৰ আধা দায়িত্ব মূৰ পাতি লোৱালৈকে অলেখ দায়িত্ব আছিল মায়াদেৱীৰ মূৰত। কৰো বুলিলে, অজুহাত এটা লৈ মায়াদেৱীয়েও জীৱনৰ পৰা পলায়ন … Read more

এয়াৰ হোষ্টেচৰ সৈতে বিমানৰ ভিতৰতে ফটো উঠিল বিধায়ক অখিল গগৈ, তাৰ পিছতে সামাজিক মাধ্যমত লিখিলে…

নিউজ ডেস্কঃ বিভিন্ন কাৰণত বহুবাৰ বিমানত গুৱাহাটীৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছে বিধায়ক অখিল গগৈয়ে। কিন্তু এইবাৰ এটা বিশেষ যাত্ৰাৰ কথাহে তেওঁ সামাজিক মাধ্যমযোগে সদৰী কৰিছে। এই যাত্ৰাটো ভিষ্টাৰা এয়াৰলাইনযোগে তেওঁৰ গুৱাহাটীৰ পৰা দিল্লী যাত্ৰাৰ। এই যাত্ৰাৰ সময়ত তেওঁ লগ পোৱা ভিষ্টাৰা এয়াৰ লাইনত কৰ্মৰত উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচাৰিকাসকলৰ ব্যৱহাৰ আৰু আপ্যায়নত অভিভূত হৈ … Read more

শীঘ্ৰে ১২৯৮ গৰাকী গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকক নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰেঃ ঘোষণা শিক্ষামন্ত্ৰীৰ

নিউজ ডেস্কঃ অতি শীঘ্ৰে ১২৯৮ গৰাকী গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে। -এই ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে। সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকৰ বিষয় সন্দৰ্ভত আদালতত গোচৰ চলি আছে যদিও ইতিমধ্যে উচ্চ ন্যায়ালয়ে দিয়া বাধা দূৰ হৈছে। অসমৰ … Read more

বহিঃৰাজ্যৰ হাস্পতালত মৃত্যু ৮ মাহ ধৰি সন্ধানহীন হৈ থকা নুমলীগড়ৰ ভানুৰ, খবৰ লাভ কৰি শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ ৮ মাহ ধৰি সন্ধানহীন হৈ থকাৰ পিছত হঠাৎ কন্যাৰ মৃত্যুৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছে ভানু দাসৰ পৰিয়াল। বহিঃৰাজ্যৰ এখন হাস্পতালত অসমৰ যুৱতীগৰাকীৰ মৃত্যু ঘটা বুলি বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়ালটো। ইফালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল … Read more

চাঞ্চল্যকৰ! পিতৃ-মাতৃ কামলৈ ওলাই যোৱাৰ পিছতে সন্ধানহীন একমাত্ৰ কন্যা পাহি, বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ পিতৃ-মাতৃ কামলৈ যোৱাৰ পিছতে সন্ধানহীন হোৱা এগৰাকী কিশোৰীক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালটোৱে। চৰাইদেউৰ সাপেখাতীৰ লংপতীয়াৰ কিশোৰীগৰাকীৰ নিৰুদ্দেশে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, লংপতীয়াৰ নিৱাসী সুৰেন গগৈ আৰু দ্বীপশিখা গগৈৰ একমাত্ৰ কন্যা পাহি গগৈক বুধবাৰে ঘৰত অকলে এৰি কামলৈ ওলাই গৈছিল পিতৃ-মাতৃ দুয়োজন। কিন্তু ঘৰলৈ উভতি আহি তেওঁলোকে কন্যাক পাহিক নেদেখি … Read more