ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবদ ঘােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা

নিউজ ডেস্ক। দুৰ্নীতি নিবাৰকৰ ধাৰাবাহিক অভিযানৰ পাছতাে অভ্যাস সলনি হােৱা নাই একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ। পুনৰ কামৰ বিনিময়ত উৎকােচ দাবী কৰি ৰঙাঘৰৰ আলহী হ’বলগা হ’ল এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল যােৰহাট স্থিত জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত। ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত উৎকােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা। জাহ্নৱী কলিতাক হাতে-লােটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ অভিযানকাৰী দলে। … Read more

গৰু-ম’হ নহয়, এইবাৰ পথৰ দাঁতিত বস্তাৰ ভিতৰত উদ্ধাৰ ৩১টাকৈ কুকুৰ

নিউজ ডেস্কঃ চোৰাং গৰু-ম’হ নহয়, এইবাৰ বোকাখাতত উদ্ধাৰ হ’ল ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ। বোকাখাতৰ কুৰুৱাবাহীত পথৰ দাঁতিত বস্তাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰে কুকুৰ কেইটা। আৰক্ষীয়ে এই কুকুৰ কেইটা কোনো দুস্কৃতিকাৰীয়ে সৰবৰাহৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰিছে। অৱশ্যে কুকুৰ সৰবৰাহৰে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ইফালে এই … Read more

পুনৰ মুকলি আকাশৰ তলত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৩ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী…

নিউজ ডেস্ক। পুনৰ মুকলি আকাশৰ তললৈ আহিল উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা ৩ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী। দুৰ্নীতি নিবাৰক শাখৰ অভিযানত গ্ৰেপ্তাৰ বৰণ কৰা এজন আবকাৰী অধীক্ষকৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ এজন উপ-পঞ্জীয়ক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলে লাভ কৰিলে জামিন। এই তিনি বিষয়া-কৰ্মচাৰীসকল হৈছেঃ মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা … Read more

চাকৰিয়ালৰ যিদৰে দৰমহা বাঢ়ে, সেইদৰে নিয়মমাফিক বিদ্যুতৰ বিল বাঢ়িবইঃ দায়সৰা মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিউজ ডেস্কঃ এতিয়া প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধ্বিত মূল্যই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। এসাজ ভাতৰ যোগাৰ কৰি আন এসাজৰ কথা চিন্তা কৰিবলৈ গৈ হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ আৰু দৰিদ্ৰ জনতাই। তাৰ ওপৰতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি বিগত কিছু মাহত ৰাজ্যত অকল্পনীয়ভাৱে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল। একেখিনি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰি যিটো পৰিয়ালে মাহেকত ৩০০-৪০০ টকা … Read more

সকাহ! ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। অৱশেষত ভিক্টৰ দাসলৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভিক্টৰ দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আদালতে লগতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় … Read more

আকৌ সামাজিক সংকীৰ্ণতাৰ ঘটনা! ঘৰত ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই সমাজে এঘৰীয়া কৰি ৰাখিছে অপূৰ্বৰ পৰিয়ালক…

নিউজ ডেস্কঃ যুগৰ যিমানেই পৰিৱৰ্তন নহ’লেও সলনি হোৱা নাই সামাজিক সংকীৰ্ণতা। শেহতীয়াকৈ অসমত সামাজিক সংকীৰ্ণতাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। এইবাৰ তেনে এক সামাজিক সংকীৰ্ণতাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে এজন যুৱকে ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই সামাজিকভাৱে এঘৰীয়া কৰা হ’ল তেওঁৰ পৰিয়ালটোক। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত। জানিব পৰা মতে, … Read more

শোকাবহ! পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু কৃতী শিক্ষক হেমন্ত বৈশ্যৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বিগত ৪ দিন হাস্পতালত মৃত্যু সৈতে যুঁজি অৱশেষত হাৰ মানিলে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কৃতী শিক্ষক হেমন্ত বৈশ্য (৫৭)ই। ঘগ্ৰাপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক তথা সামাজিক কৰ্মী হিচাপে পৰিচিত হেমন্ত বৈশ্যৰ বিয়োগে মৰ্মাহত কৰিছে সমগ্ৰ ঘগ্ৰাপাৰবাসীক। উল্লেখ্য যে, যোৱা ১০ ছেপ্টেম্বৰৰ পুৱা বিদ্যালয়লৈ বাইকেৰে গৈ থকা সময়ত এক দুৰ্ঘটনাত … Read more

ঘৰৰ মেৰামতিৰ কাম কৰাই দিয়া নাছিল পাৰিশ্ৰমিক, ক্ষুব্ধ হৈ ৰাজমিস্ত্ৰীয়ে ৰাজপথত জ্বলাই দিলে মালিকৰ বিলাসী মাৰ্চিডিজ বাহন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়ডাৰ ৰাজপথত সংঘটিত এক ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এজন ব্যক্তিয়ে এখন বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ কৰাৰ এই লোমহৰ্ষক ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিলাসী বাহন জ্বলাই দিয়া ৰণবীৰ নামৰ অভিযুক্তজনক। দেওবাৰে পুৱা নয়ডাৰ ৩৯ চেক্টৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, লোকজনে আন এজন … Read more

ঠিকাদাৰৰ বিলৰ ধন ধন মুকলি কৰাৰ বাবদ ধন দাবী কৰি গ্ৰেপ্তাৰ সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হলেও এতিয়াও গা লৰা নাই একাংশৰ। দৰমহাৰ টকা কেইটাৰ বাহিৰেও দুটা অধিক উপাৰ্জনৰ লালসাত দুৰ্নীতিৰ আশ্ৰয় লোৱা আন এগৰাকী চৰকাৰী কৰ্মচাৰী এইবাৰ জালত পৰিল দুৰ্নীতি নিবাৰক শাখাৰ। এইবাৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়াক। উৎকোচ লোৱাৰ সময়তে … Read more

ময়ো পকৰি বিক্ৰী কৰিছিলো, যথেষ্ট লাভ হয়! কাক চাহ-পকৰি, ফুচকা বিক্ৰী কৰিবলৈ পৰামৰ্শ দিলে ৰূপজ্যোতি কুৰ্মীয়ে

নিউজ ডেস্কঃ ৰাজ্যত ভুৱা এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। চৰকাৰ আৰু আৰক্ষীয়ে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি এনকাউণ্টাৰৰ নাম দি নিৰীহৰ হত্যাযজ্ঞ চলাইছে বুলি অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। বিগত সময়ছোৱাত বহু কেইজন অভিযুক্ত-অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়ত গুলীবিদ্ধ হৈ ঘূণীয়া বা মৃত্যুমুখত পৰা বুলি সদৰী কৰি আহিছে আৰক্ষী-প্ৰশাসনে। এনে সময়তে অসম আৰক্ষীৰ … Read more