প্ৰায় ডেৰ কোটি মূল্যৰ বাৰ্মিজ চেগুণ সৰবৰাহৰ সময়ত শিলিগুৰিত গ্ৰেপ্তাৰ অসমৰ বিজেপি নেতাসহ ৩ জন

নিউজ ডেস্কঃ বহিঃৰাজ্যলৈ গোপনে বাৰ্মিজ চেগুণ সৰবৰাহ কৰি শিলিগুৰিত গ্ৰেপ্তাৰ হ’ল অসমৰ বিজেপি নেতা। পশ্চিমবংগৰ শিলিগুৰিৰ ঘোচপুকুৰত সোমবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুণভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে অসমৰ এজন বিজেপি নেতাসহ ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পশ্চিম বংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক কেইজনক বৰপেটা জিলাৰ সৰভোগৰ বিজেপি … Read more

সৰুকৈ পাচলি দোকান এখন দি চলাই আছিল পৰিয়াল! পথ দুৰ্ঘটনাই কাঢ়ি নিলে মহিউদ্দিনসহ দুজনৰ প্ৰাণ

নিউজ ডেস্কঃ বৰপেটাৰ বজাৰৰ পৰা পাচলি আনিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল নলবাৰী জিলাৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাৰ কৈঠালকুছি আৰু সমীপৱৰ্তী অঞ্চলত। জানিব পৰা মতে, কৈঠালকুছিৰ চ’কত এখন সাধাৰণ পাচলি দোকান দি জীৱন নিৰ্বাহ কৰা মহম্মদ মহিউদ্দিন (৫২) নামৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই উমেশ ডেকা … Read more

আজৱ কাণ্ড! জীয়াই থাকোতেই মৃত ঘোষণা কৰি এগৰাকী বৃদ্ধাৰ মাটি আনৰ নামত নামজাৰি কৰিলে ৰাজহ বিভাগে

নিউজ ডেস্কঃ এগৰাকী অশীতিপৰ বৃদ্ধাক জীৱিত অৱস্থাতে মৃত ঘোষণা কৰিলে ৰাজহ বিভাগে। বৃদ্ধাগৰাকীক মৃত ঘোষণা কৰি তেওঁৰ প্ৰায় ৪ বিঘা মাটি উত্তৰাধিকাৰীসূত্ৰে আনৰ নামত নামজাৰি কৰে ৰাজহ চক্ৰ কাৰ্যালয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ প্ৰয়াত খগেন বায়ন (সাউ)ৰ পত্নী হৰিপ্ৰিয়া বায়ন … Read more

উপায়ুক্ত কাৰ্যালয়ত ভিজিলেঞ্চৰ অভিযান, ঘােচ লৈ গ্ৰেপ্তাৰ কৰ্মচাৰী

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক অভিযান। এইবাৰ স্থান বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়। উপায়ুক্ত কাৰ্যালয়ৰ চৌহত থকা জিলা উপ পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহাক এগৰাকী লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে। জানিব পৰা মতে, এজন লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ৭ … Read more

মুখ্যমন্ত্ৰীৰ মানহানিৰ গােচৰ, অহা ২৯ ছেপ্টেম্বৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ কামৰূপ চিজেএম আদালতৰ

নিউজ ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক চমন জাৰি কৰিছে কামৰুপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ফৌজদাৰী মানহানিৰ গোচৰ সন্দৰ্ভত ছিছ’ডিয়ালৈ চমন জাৰি কৰি ২৯ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে চিজেএম আদালতে। উল্লেখ্য যে, ২০২০ চনত অসম চৰকাৰে শৰ্মাৰ পৰিয়ালৰ সদস্যৰ অন্তৰ্গত ফাৰ্মসমূহক উচ্চ হাৰত পিপিই কিট যোগান ধৰাৰ … Read more

শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু

নিউজ ডেস্কঃ দুপৰীয়া শুই থকা সময়তে বিষাক্ত সৰ্পৰ দংশনত মৃত্যু ঘটিল এগৰাকী মহিলাৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগৰ মৌৰাত। জানিব পৰা মতে, মৌৰাৰ মাকণি কলিতা নামৰ মহিলাগৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া ভাত খাই মজিয়াত শুইছিল। সেই সময়তে বিষাক্ত সাপে দংশন কৰে মহিলাগৰাকীক। লগে লগে মহিলাগৰাকীক পৰিয়ালৰ লোকে নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও স্বাস্থ্যৰ … Read more

সমাজে এঘৰীয়া কৰা ব্যক্তিক শিৱ পূজাৰ প্ৰসাদ খাবলৈ মতাৰ বাবেই বিপদত পৰিবলগীয়া হ’ল এটা পৰিয়াল…

নিউজ ডেস্কঃ ইশ্বৰৰ কৃপাদৃষ্টি পৰক বুলি ঘৰতে সৰুকৈ এখন শিৱ পূজাৰ আয়োজন কৰিছিল এটা ব্ৰাহ্মণ পৰিয়ালে। কিন্তু তাতেই লাগিল কেৰোণ। শিৱ পূজাত নঘটিবলগীয়া ঘটনা ঘটিল, নাহিবলগীয়া এজন মানুহ আহিল। যাৰ বাবে এতিয়া সমাজৰ ৰোষত পৰিবলগীয়া হ’ল পৰিয়ালটো। আধুনিক সমাজক লজ্জানত কৰা পাতালসিং পাৰাৰ গণক চুবাৰ দৰে আন একে ঘটনা সংঘটিত হৈছে মঙলদৈতে। ঘৰত আয়োজিত শিৱ … Read more

পুনৰ ঘােচকাণ্ড! এইবাৰ শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰধান শিক্ষক

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ তীব্ৰ অভিযান। এনে অভিযানত নিতৌ ঘােচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী-বিষয়া কৰ্মচাৰী। মংগলবাৰে পুনৰ ভিজিলেঞ্চৰ অভিযানত গ্ৰেপ্তাৰ হ’ল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। জানিব পৰা মতে, মৰিগাঁও জিলাত এগৰাকী শিক্ষকৰ পৰা ১২੦੦ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হয় এগৰাকী প্ৰধান শিক্ষক। এই প্ৰধান শিক্ষকগৰাকী … Read more

ডিঙিত জীৱন্ত সাপ মেৰিয়াই ৰাজপথত বিচৰণ উদণ্ড ব্যক্তিৰ, ৰাইজে কৰায়ত্ব কৰি দিলে লপাথপা

নিউজ ডেস্কঃ ডিঙিত জীৱন্ত সাপ মেৰিয়াই মহানগৰীৰ ৰাজপথত আতংকৰ সৃষ্টি কৰিলে এজন লোকে। সোমবাৰে মহানগৰীৰ বীৰকুছিত ডিঙিত সাপ মেৰিয়াই দেখা পোৱা যায় ব্যক্তিজনক। বীৰকুছি অঞ্চলত ব্যক্তিজনৰ ডিঙিত জীৱন্ত সাপ দেখি আতংকিত হৈ পৰে সকলো। দিনৰ পোহৰতে এনেদৰে বাধাহীন ভাৱে ঘূৰি ফুৰা লোকজনক অৱশেষত কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায় ৰাইজে। ইয়াৰ পিছতে উদণ্ড লোকজনক গতাই দিয়া … Read more

প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে ভিডিঅ’ কলত কথা পাতিছিল শৰ্মিষ্ঠাই, তাৰ পিছতে বাচি ল’লে এই পথ…

নিউজ ডেস্কঃ প্ৰেমিকৰ সৈতে ভিডিঅ’ কলত শেষবাৰৰ বাবে কথা পাতি নিজৰ জীৱন শেষ কৰিলে গুৱাহাটীত অধ্যয়নৰত এগৰাকী পশ্চিমবংগৰ ছাত্ৰীয়ে। দেওবাৰে সন্ধিয়া মহানগৰীৰ উলুবাৰীস্থিত পেয়িং গেষ্টৰ বাথৰুমত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা যুৱতীগৰাকীৰ পৰিচয় আলিপুুৰদুৱাৰৰ শৰ্মিষ্ঠা ঘোষ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ এটা নাৰ্ছিং ইনষ্টিটিউটত শিক্ষা … Read more