মন্ত্ৰী-বিধায়কৰ গাড়ী হ’লেও ২ মিনিটতকৈ অধিক সময় ৰখাই থব নোৱাৰিব সাধাৰণ যাত্ৰীক

নিউজ ডেস্ক। ভিআইপি-ভিভিআইপিৰ কনভয়ক লৈ প্ৰায়ে ৰাজপথত ব্যতিব্যস্ত হৈ আহিছে সাধাৰণ যাত্ৰী। কনভয় পাৰ কৰাৰ নামত আৰু নিৰাপত্তাৰ দোহাই দি সাধাৰণ নাগৰিকক ঘণ্টাৰ পিছত ঘণ্টাধৰি ৰখাই থোৱাৰ পৰম্পৰা চলিয়েই আহিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অঘোষিত পৰম্পৰা ভঙ্গ কৰাৰ বাবে এতিয়া দেখুৱাইছে তৎপৰতা। শেহতীয়াকৈ নগাঁৱৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰাৰ নামত আন আন যাত্ৰীক … Read more

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী, দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ মৃত্যুৰ কিৰিলি। পথ দুৰ্ঘটনাত পুনৰ অকালতে প্ৰাণ গ’ল দুটি নিষ্পাপ শিশুসহ এগৰাকী শিক্ষয়িত্ৰীৰ। এইবাৰ ঘটনাৰ স্থান বাক্সা জিলাৰ ভাৰত-ভূটানৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ সংখ্যা ১২৭। বাক্সা জিলাৰ দাওধাৰাত তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰােহী শিক্ষয়ত্ৰী, দুই ছাত্ৰীক। ভূটান অভিমুখে গৈ থকা ট্ৰাকৰ খুন্দাত নিহত হয় তিনিওজন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ … Read more

অসমৰ ধৃতিষ্মানক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান

নিউজ ডেস্ক। অসমবাসীক গৌৰৱান্বিত কৰিলে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৫ বছৰীয়া শিশু মাষ্টাৰ ধৃতিষ্মান চক্ৰৱৰ্তীয়ে। এইবেলি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অসম ধৃতিষ্মান চক্ৰৱৰ্তীয়ে। ধৃতিষ্মানে কলা আৰু সংস্কৃতি শাখাত ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ধৃতিস্মান চক্ৰৱৰ্তীৰ পিতৃ, মাতৃৰ লগতে জিলা উপায়ুক্ত মেঘ নিধি দাহাল ডাঙৰীয়াৰ উপস্থিতিত … Read more

২২ মহীয়া শিশুৱে অনলাইনত অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

নিউজ ডেস্ক। ই-কমাৰ্চ কোম্পানীৰ পৰা ইটোৰ পিছত সিটো ফাৰ্নিচাৰ আচবাব ডেলিভাৰীয়ে আচৰিত কৰিছিল এহাল দম্পতীক। প্ৰথমে ভাবিছিল- ভুলবশতঃ এই আচ-বাববোৰ তেওঁলোকৰ ঠিকনাত ডেলিভাৰ হোৱা নাইতো? কিন্তু ডেলিভাৰী কোম্পানীয়ে যেতিয়া নিশ্চিত কৰিলে যে এয়া তেওঁলোকৰ ঠিকনাতেই ডেলিভাৰী দিয়াৰ নিৰ্দেশ আছে, তাৰ পিছতে চিন্তাত পৰে পৰিয়ালটো। এক অজান ভয়েও পৰিয়াটোৰ মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে অৰ্ডাৰ … Read more

ভূত-প্ৰেতৰ কাৰণে নে আন কিবা কাৰণত মৃত্যু ঘটিল ৩ শ্ৰমিকৰ? ৰহস্যৰ আৱৰ্তত বাইহাটা কাণ্ড

ভূত-প্ৰেত নে আন কিবা! ৰঙিয়াত একে নিশাই তিনি শ্ৰমিকৰ আকস্মিক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। নিৰ্জন পথাৰৰ মাজত তম্বু তৰি থকা জলসঞ্চন বিভাগৰ নলা নিৰ্মান কাৰ্যত নিয়োজিত তিনি শ্ৰমিকৰ নিশা আহাৰ গ্ৰহণ কৰাৰ পিছতে আকস্মিক মৃত্যু ঘটে। আন এজন শ্ৰমিকৰোঁ অৱস্থা সংকটজনক। বর্তমান হাস্পতালৰ আই টি ইউত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, বাইহাটা … Read more

সুধাকণ্ঠৰ গীতৰ দৰেই সম্পন্ন হ’ল এখন বিশেষ বিয়া, উখল-মাখল কােকৰাঝাৰ

নিউজ ডেস্ক। এখন বিশেষ বিবাহ অনুষ্ঠান। এই বিয়া অনুষ্ঠানত অংশ লৈছে ৰজাঘৰীয়াৰ পৰা প্ৰজাঘৰীয়াই। উখল-মাখল হৈ পৰিছে সমগ্ৰ কােকৰাঝাৰ- বড়াে ভূমি। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিটিএডিৰ মুখ্য কাৰ্যবাহী প্ৰমােদ বড়াে, অসম চৰকাৰৰ একাধিক মন্ত্ৰী-বিধায়ক, আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিয়াস্থলীত উপস্থিত হৈ ন দৰা-কইনাক যুগ্ম জীৱনৰ শুভেচ্ছা … Read more

গৰুক গো-মাতা বুলি পূজা কৰা বিজেপিৰ নেতাই উজনি অসমত চলাই আহিছিল গৰুৰ ছিণ্ডিকেট! অৱশেষত গ্ৰেপ্তাৰ

গো-আইন প্ৰণয়ন কৰি গো-সুৰক্ষাৰ কথা কয় বিজেপিয়ে। গৰুক গো-মাতা বুলি পূজা কৰি অতি হিন্দুত্ববাদী আদৰ্শ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা বিজেপি চৰকাৰৰ একাংশ নেতা-পালিনেতাই পিছে অবৈধ গৰু ছিণ্ডিকেট চলাই আছে। শেহতীয়াকৈ উজনি অসমৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ অতি ঘনিষ্ঠ … Read more

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

এটা মাথোঁ বন্দুকৰ গুলি! কিন্তু সেই বন্দুকৰ গুলীয়েই নিঃশেষ কৰি পেলালে এজন চফল যুৱকৰ অলেখ সপোন। নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হোৱা ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ সপোন আছিল বিশাল। ৰাশিত বিষয়া হোৱাৰ হেঁপাহ আছিল কীৰ্তিকমলৰ। তাৰবাবে তেওঁ চলাই আছিল প্ৰস্তুতিও। এইবছৰ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ বাবে প-পত্ৰ পূৰণৰ কথা আছিল … Read more

দৃষ্টিশক্তি হেৰুৱাই পেলোৱা কাজিৰঙাৰ ‘কৃষ্ণা’ৰ কৰুণ কাহিনী…

জীৱনৰ আঁত হেৰুৱাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ‘কৃষ্ণা’ই। জীৱনৰ আধা বয়সতে দৃষ্টিশক্তি হেৰুৱাই আজি দুৰ্বিসহ হৈ পৰিছে এই হাতীজনীৰ জীৱন। অচিন ৰোগত আক্ৰান্ত হৈ উদ্যানখনৰ ‘কৃষ্ণা’ নামৰ হাতীজনীয়ে হেৰুৱাই পেলাইছে দৃষ্টিশক্তি। এই সুন্দৰ পৃথিৱীখন দুচকুৰে নেদেখাৰ ব্যথা কিমান সেয়া হয়তো দৃষ্টিশক্তি হেৰুৱাই পেলোৱা প্ৰতিজনেই উপলব্ধি কৰে। কিন্তু কৃষ্ণাই সেয়া উপলব্ধি কৰিও আনক বুজাবলৈ সক্ষম নহয়। ৰাষ্ট্ৰীয় … Read more

দিব্যাংগ অভিনেতা মজিবৰ ৰহমান ওৰফে জৰ্জৰ দেহাৱসান

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে দিব্যাংগ অভিনেতা মজিবৰ ৰহমান ওৰফে জৰ্জে। মৃত্যুৰ সময়তে তেওঁৰ বয়স আছিল ৫৫ বছৰ। উল্লেখ্য যে মজিবৰ ৰহমান ওৰফে জৰ্জ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত মাৰৈ গাওঁ নিবাসী। বৃক্ক ৰােগত ভুগি থকা শিল্পীগৰাকীয়ে শুকুৰবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে। সৰবৰহী শিল্পী গৰাকীৰ মৃৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে … Read more