ক’ভিডক লৈ নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) ঘােষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

নিউজ ডেস্ক। পূৰ্বে ঘােষণা কৰা অনুসৰিয়েই বুধবাৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) ঘােষণা কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বােধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন এছঅ’পি নীতি-নিয়মৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে। তেওঁ কয় যে নতুন এছঅ’পি বুধবাৰে দিনৰ ১১ বজাৰ পৰাই কাৰ্যকৰী হ’ব। সান্ধ্য আইনৰ ক্ষেত্ৰত পূৰ্ব নিশা ৭ … Read more

মৰ্মান্তিক! স্বামীৰ চিতাগ্নি জ্বলি থাঁকােতেই পত্নীৰাে মৃত্যু

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। স্বামীৰ চিতাগ্নি জ্বলি থাঁকােতেই মৃত্যু ঘটিল পত্নীৰাে। এই ঘটনাৰ স্থান লখিমপুৰ জিলাৰ হাৰমতী। কেইটামান ঘণ্টাৰ অগা-পিছাকৈ মৃত্যু ঘটিল এহাল দম্পতীৰ। এনে মৰ্মান্তিক ঘটনাই বৃহত্তৰ অঞ্চলবাসী ৰাইজক শােকান্বিত কৰি তুলিছে। জানিব পৰা মতে, হাৰমতী বজাৰৰ ব্যৱসায়ী (কমাৰ) উমাকান্ত ধৰ(৬১)ৰ শনিবাৰে নিশা ১২.২੦ বজাত মৃত্যু ঘটে। ইয়াৰ পাছত দেওবাৰে পুৱা তেওঁৰ … Read more

জটিল ৰােগত আক্ৰান্ত পিতৃ চেন্নাইত চিকিৎসাধীন, পথ দুৰ্ঘটনাত অকাল মৃত্যু একমাত্ৰ পুত্ৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিমিষতে থানবান হৈ গ’ল এটা পৰিয়াল। জটিল ৰােগত আক্ৰান্ত পিতৃ চিকিৎসাৰ বাবে চেন্নাইত চিকিৎসাধীন হৈ থকাৰ সময়তে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল একমাত্ৰ পুত্ৰ সন্তানৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জত। জানিব পৰা মতে, সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ গৈ কৰুণ মৃত্যুক আকােৱালি ল’লে ফৰিদুল ইছলাম … Read more

নৈৰ বাঢ়নী পানী চাবলৈ গৈ শিশুৰ সলিল সমাধি

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। আত্মীয়ৰ সৈতে নৈৰ বাঢ়নী পানী চাবলৈ গৈ সলিল সমাধি ঘটিল এটি ৬ বছৰীয়া কন্যা শিশুৰ। এই ঘটনাৰ স্থান বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কয়াকুছি। জানিব পৰা মতে, গাঁওখনৰ আজিম উদ্দিনৰ কন্যা আফ্ৰিন জান্নাত (৬)ৰ বৃহস্পতিবাৰে পুৱা ৯ মান বজাত পানীত পৰি মৃত্যু হয়। আফ্ৰিন জান্নাতে বেঁকী নৈৰ বাঢ়নী পানী … Read more

অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই…

নিউজ ডেস্ক। মৰ্মান্তিক! অৱশেষত মৃত্যুৰে যুঁজি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই। এক ভয়ংকৰ আক্রমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত সংকটজনক অৱস্থাত জীৱন–মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ স্নাতক বর্ষৰ ছাত্রী তথা ঢকুৱাখনা নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়াই। উল্লেখ্য যে মৰিধল মহাবিদ্যালয়ৰ লাইব্রেৰী বীয়েৰাৰ ৰিণ্টু শর্মাৰ উপর্যুপৰি দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল নন্দিতা শইকীয়াৰ লগতে … Read more

মৰ্মান্তিক! শৰাইঘাটত পথ দুৰ্ঘটনাত ভগ্নীৰ মৃত্যুৰ ৮ দিন পাছতে ভাতৃৰাে অকাল মৃত্যু

নিউজ ডেস্ক। এক হৃদয়বিদাৰক ঘটনা। যেন কাল অমানিশা নামি আহিল এজন শিক্ষকৰ পৰিয়াললৈ। মাত্ৰ ৮ দিনৰ ব্যৱধানতে নিজৰ দুটাকৈ সন্তানক অকালতে হেৰুৱাই নিঠৰুৱা হ’ল শিক্ষক পিতৃ তথা মাতৃ। কন্যাৰ মৃত্যুৰ ৮ দিনৰ পাছতে পুত্ৰৰ বিয়োগত বাকৰুদ্ধ পিতৃ-মাতৃ। ভগ্নীৰ সকাম শেষ নৌহওঁতেই অকাল মৃত্যু ঘটিল ভায়েকৰাে। ভাতৃ-ভগ্নীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে পৰিয়ালটোৰ লগতে অঞ্চলটােৰ প্ৰতিজন ব্যক্তিক। … Read more

চিৰনিদ্ৰাত শুই পৰিল প্ৰেমিক যুগল ফকৰুল-ৰুমিজা, সম্পন্ন হ’ল জানাজা

নিউজ ডেস্ক। অহা মাহত সম্পন্ন হোৱাৰ কথা আছিল বিয়া। একেখন ৰভাৰ তলত বহিব লাগিছিল দ’ৰা-কইনা। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস কবৰস্থানত একেলগে সম্পন্ন হ’ল দুয়োৰে জানাজ। দুমনিচকী (মাৰুৱাচকী)ৰ দুটাকৈ পৰিয়ালত এতিয়া কেৱল চকুপানী। শোকৰ্ত আত্মীয়-স্বজন তথা শুভাকাঙ্খীবৃন্দ। অঞ্চলৰ প্ৰতিজন বাসিন্দাৰ হৃদয়-মন জােকাৰি গৈছে প্ৰেমিক যুগলৰ অকাল মৃত্যুৰ ঘটনাই। এনে এক পৰিৱেশতে ক’ভিড নিয়মৰ মাজেৰে সম্পন্ন … Read more

মৰ্মান্তিক! বিবাহৰ এমাহ পূৰ্বে পথ দুৰ্ঘটনাত প্ৰেমিক যুগলৰ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা। এক প্ৰেম কাহিনীৰ শােকাৱহ পৰিসমাপ্তি। অহা মাহত বিবাহপাশত আবদ্ধ হ’বলগীয়া প্ৰেমিক যুগলৰ শৰাইঘাট দলঙত পথ দুৰ্ঘটনাত প্ৰাণহানি। নিহত প্ৰেমিক যুগলদ্বয় হৈছে দৰং জিলাৰ ছিপাঝাৰৰ মৰােৱাচুকীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ নিশা ঘৰৰ পৰা এএছ ০১ বি এফ ০৩৮০ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহনেৰে গুৱাহাটী অভিমুখে ফুৰিবলৈ … Read more

এইবাৰ কংগ্ৰেছৰ সংগ এৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেবে

নিউজ ডেস্ক। অসমত পুনৰ এক মােক্ষম আঘাতৰ সন্মুখীন হ’ল কংগ্ৰেছ দল। একাধিক নিৰ্বাচিত দলীয় বিধায়কৰ দলত্যাগৰ পাছতে এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে বৰাকৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেবে। ১৫ আগষ্টৰ দিনাই দলৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ। Former Congress MP Sushmita Dev resigns from the party (file photo) pic.twitter.com/tlEyG5aKxX … Read more

শিক্ষয়িত্ৰী-গল্পকাৰ কৰিশ্মা শইকায়ীৰ ক’ভিড-১৯ত অকাল মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ বিভীষিকা। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে বহু লােক। অকালতে হেৰাই গৈছে বহু প্ৰতিভাসম্পন্ন ব্যক্তিত্ব। ইয়াৰ মাজতে গোলাঘাটত এগৰাকী জনপ্ৰিয় শিক্ষয়িত্ৰী তথা গল্পকাৰ, কৰিশ্মা শইকীয়াৰ মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন … Read more