শোকাবহ! ঘৰৰ সন্মুখৰ আৱৰ্জনাত লগাই দিয়া জুইত অগ্নিদগ্ধ ৩ বছৰীয়া ৰায়ন, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ ঘৰৰ সন্মুখত আৱৰ্জনাত লগাই দিয়া জুইত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় এটি কণমানিয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কোঝিকোডত। জানিব পৰা মতে, কোঝিকোডৰ কন্দমংগলামৰ নিৱাসী নৌছাদ আৰু হছনাথৰ বছৰীয়া পুত্ৰ ৰায়নৰ ৮০ শতাংশ শৰীৰ অগ্নিদগ্ধ হৈ পৰিছিল। শিশুটিক চিকিৎসাৰ বাবে কোঝিকোড মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ … Read more

মৰ্মান্তিক! ছুটিত ঘৰলৈ অহাৰ কথা কৈ ৫ মিনিট পূৰ্বে ভিডিঅ’ কলত কথা পাতিছিল পত্নী-কন্যাৰ সৈতে, তাৰ পিছতে আহিল SSB জোৱান অনুজৰ মৃত্যুৰ বতৰা…

নিউজ ডেস্কঃ ৫ দিন পিছতে কিছু দিনৰ ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল সশস্ত্ৰ সীমা বলৰ জোৱান অনুজে। মাত্ৰ ৫ মিনিট পূৰ্বে ভিডিঅ’ কলত পত্নী আৰু কন্যাৰ সৈতে কথা পাতি সেই কথা জনাইছিল। কিন্তু তাৰ কিছু সময় পিছতে অনুজৰ মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো। বিশ্বাস কৰিব নোৱাৰা সেই দুঃসংবাদে যেন মুহূৰ্তৰ ভিতৰতে … Read more

৮ বছৰীয়া কৰ্মজীৱনত ১৪০০ৰো অধিক নিখোজ শিশুক উদ্ধাৰ কৰা দেশজুৰি চৰ্চিত এগৰাকী মহিলা আৰক্ষী বিষয়া…

নিউজ ডেস্কঃ আৰক্ষী বাহিনীত যোগদানৰ ৮ বছৰৰ ভিতৰতে ১৪০০ৰো অধিক নিখোজ শিশু আৰু কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি দেশজুৰি চৰ্চিত হৈছে এগৰাকী মহিলা আৰক্ষী বিষয়া। তেওঁৰ এই কৃতিত্বৰ বাবে ইতিমধ্যে প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতিৰ বঁটাও। কিন্তু মানৱীয় গুণৰ অধিকাৰী এইগৰাকী মহিলা আৰক্ষী বিষয়াই সেই বঁটাৰ পৰা লাভ কৰা এক লাখ টকাও গৃহহাৰা, খাদ্যহাৰা শিশুৰ বাবে দান কৰে। … Read more

দেশৰ ‘কমেডি কিং’ ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান

নিউজ ডেস্ক। অৱশেষত বিগত ৪২ দিনে মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে ‘কমেডি কিং’ হিচাপে বিখ্যাত কমেডিয়ান সত্য প্ৰকাশ শ্ৰীবাস্তৱ ওৰফে ৰাজু শ্ৰীবাস্তৱে। বুধবাৰে নতুন দিল্লী এইমছত চিকিৎসাধীন অৱস্থাতে শেষ নিস্বাস ত্যাগ কৰে জনপ্ৰিয় কমেডিয়ানগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ। উল্লেখ্য যে জিমত ব্যায়াম কৰি থকা অৱস্থাত বিগত ১੦ আগষ্টত বুকুত প্ৰচণ্ড বিষ অনুভৱ … Read more

পুত্ৰৰ পিগি বেংকৰ পৰা ৫੦੦ টকা উলিয়াই লটাৰীৰ টিকট ক্ৰয় কৰিছিল অনুপে, আজি হৈ পৰিল ২৫ কোটি টকাৰ মালিক

নিউজ ডেস্কঃ পুত্ৰৰ পিগি বেংকৰ টকাৰে লটাৰী টিকট ক্ৰয় কৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল এজন সাধাৰণ অটোৰিক্সা চালক। হঠাৎ লাভ কৰা এই খবৰৰ ওপৰত প্ৰথমে তেওঁ নিজেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু তেওঁৰ কাষলৈ সোঁত বোৱা সংবাদ মাধ্যমৰ বাবে অৱশেষত তেওঁ জানিছিল যে সঁচাকৈয়ে এয়া সপোন নহয়, বাস্তৱতে তেওঁ হৈ পৰিছে কোটিপতি। কেৰালা চৰকাৰৰ … Read more

এয়াই ভালপোৱা! পত্নীক ন্যায়াধীশ বনাবলৈ বেংকৰ চাকৰি ত্যাগ কৰিলে স্বামীয়ে, অৱশেষত লাভ কৰিলে ত্যাগৰ বিনিময়…

নিউজ ডেস্কঃ যি ভালপোৱাৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পাৰি, তেনে ভালপোৱাক হয়তো ভাষাৰে বুজাবলৈ কঠিন। কিন্তু কৰ্মই পৰিস্ফুট কৰি তোলে অন্তৰৰ পৰা নিৰ্গত গভীৰ ভালপোৱা। হাৰিয়ানাৰ ৰোহতকৰ নিৱাসী সুমিতেও অত্যাধিক ভালপায় তেওঁৰ পত্নী মঞ্জুলাক। আৰু সেইবাবেই পত্নীৰ সপোন পূৰণ কৰিবলৈ নিজৰ চাকৰি পৰ্যন্ত ত্যাগ কৰিবলৈ সক্ষম হৈছিল সুমিতে। অৱশেষত সেই ত্যাগৰ বিনিয়ম যেন লাভ কৰিলে … Read more

দিন বেয়া! ৰে’লৰ খিৰিকীৰে ম’বাইল চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

নিউজ ডেস্কঃ চলন্ত ৰে’লত মোবাইল চুৰি কৰিবলৈ আহি খিৰিকিৰ বাহিৰত ওলমি ৰ’ল এটা মোবাইল চোৰ। এনে এটি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভাইৰেল ভিডিঅ’ৰ স্থান বিহাৰৰ খগৰীয়া ৰে’ল ষ্টেছন বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, মোবাইল চোৰটোৱে খিৰিকিৰে যাত্ৰীৰ মোবাইল থপিয়াব খোজতেই যাত্ৰীৰ হাতত ধৰা পৰে। আনহাতে সেই সময়তে ৰে’লখনে খগৰীয়া ষ্টেছন এৰাত … Read more

ঘৰৰ মেৰামতিৰ কাম কৰাই দিয়া নাছিল পাৰিশ্ৰমিক, ক্ষুব্ধ হৈ ৰাজমিস্ত্ৰীয়ে ৰাজপথত জ্বলাই দিলে মালিকৰ বিলাসী মাৰ্চিডিজ বাহন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়ডাৰ ৰাজপথত সংঘটিত এক ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এজন ব্যক্তিয়ে এখন বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ কৰাৰ এই লোমহৰ্ষক ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিলাসী বাহন জ্বলাই দিয়া ৰণবীৰ নামৰ অভিযুক্তজনক। দেওবাৰে পুৱা নয়ডাৰ ৩৯ চেক্টৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, লোকজনে আন এজন … Read more

শোকাবহ! স্কুটী চলাই ক্লিনিকলৈ গৈ থকা সময়তে দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ গ’ল মহিলা চিকিৎসকক, মৃত্যু

নিউজ ডেস্কঃ স্কুটী চলাই ক্লিনিকলৈ গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ যায় এগৰাকী মহিলা চিকিৎসক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় চিকিৎসকগৰাকী। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ পিম্পৰিত। মঙলবাৰে দুপৰীয়া মহিলা চিকিৎসগৰাকীয়ে ঘৰত আহাৰ গ্ৰহণ কৰি নিজৰ ক্লিনিকলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। নিহত চিকিৎসকগৰাকীক কেৰালাৰ … Read more

ৰে’ল যাত্ৰাৰ সময়তে প্ৰসৱ বেদনা আৰম্ভ হ’ল এগৰাকী প্ৰসূতিৰ, ডবাৰ ভিতৰতে সন্তান প্ৰসৱ কৰালে মেডিকেলৰ ছাত্ৰীয়ে…

নিউজ ডেস্কঃ ৰে’ল যাত্ৰাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত চলন্ত ৰে’লত সন্তান প্ৰসৱ কৰালে একেটা ডবাতে সেই সময়ত যাত্ৰা কৰি থকা এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে। তেলেংগানাৰ এই ঘটনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। মহিলাগৰাকীক সন্তান প্ৰসৱত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীকো প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। দৰাচলতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা … Read more