আদবাটতে বিকল হ’ল ৰে’লৰ ইঞ্জিন, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। আপুনি নিশ্চয় ট্ৰাক, বাছ বা সৰু গাড়ীকে ধৰি আন বহুতো বাহন ঠেলা-ঠেলি কৰা দেখিছে আৰু শুনিছে। গাড়ীৰ ষ্টাৰ্ট নহ’লেও প্ৰায়ে গাড়ী ঠেলা দেখা যায়। কিন্তু আপুনি ৰে’ল ঠেলা বুলি কেতিয়াবা শুনিছে বা দেখিছেনে? নিশ্চয়কৈ আপুনি তেনে অবান্তৰ কথা শুনা নাই বা হয়তো মানুহক ৰেল ঠেলি থকা দেখা নাই। কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে … Read more

শ্মশানলৈ পিতৃৰ মৃতদেহ কান্ধত নিলে দুই কন্যাই, কৰিলে মুখাগ্নিও

নিউজ ডেস্ক। সাধাৰণতে কোনো লোকৰ মৃত্যু হ’লে শ্মশানলৈ মৃতদেহ নিয়ে কেৱল পুৰুষে। এইক্ষেত্ৰত মহিলাৰ হস্তক্ষেপ যেন বৰ্জিত। আনকি মৃতদেহত মুখাগ্নি কৰাৰ দৃশ্যও অতি দুৰ্লভ। কিন্তু এইবাৰ দেখা গ’ল এক ব্যতিক্ৰম দৃশ্য। শ্মশানলৈ পিতৃৰ মৃতদেহ লৈ গল দুই কন্যা সহ আত্মীয় আন মহিলাই। মুখাগ্নিও কৰিলে কন্যাই। পুত্ৰ থকাৰ পিছতো কন্যাই কৰিলে এই কাম। এই ঘটনা যোৱা … Read more

মেৰী কমক উপহাৰ প্ৰদান ৰেন’ল্ট ইণ্ডিয়াৰ

নিউজ ডেস্ক। অলিম্পিক বিজেতা তথা ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমক উপহাৰ প্ৰদান ৰেন’ল্ট ইণ্ডিয়াৰ। ২৮ আগষ্টত এক অনুষ্ঠানত টকিঅ’ অলিম্পিকৰ পতাকাবাহক (flagbearer) তথা কিংবদন্তি বক্সাৰ মেৰী কমক সন্মানিত কৰে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰেন’ল্ট ইণ্ডিয়াই। গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টোৱে বক্সাৰ গৰাকীক এখন ৰেনল্ট কিগাৰ কম্পেক্ট এছইউভি গাড়ী উপহাৰ দিয়ে। ৰেন’ল্ট ইণ্ডিয়া অপাৰেচনৰ দেশৰ মুখ্য কাৰ্যবাহী … Read more

অগাধ সম্পত্তিৰ গৰাকী বহু পদপথৰ ব্যৱসায়ী! আয়কৰ বিভাগৰ হাতত কােটিপতিৰ তালিকা

নিউজ ডেস্ক। সাধাৰণতে পদপথত ফুচকা, চানা আদি বিক্ৰী কৰা লোকসকলক দৰিদ্ৰ শ্ৰেণী বুলিয়েই ধৰা হয়। যিয়ে এদিন নিজৰ ক্ষুদ্ৰ ব্যৱসায় নচলালে পৰিয়ালৰ পেট নভৰে বুলি কয়। কিন্তু সঁচাই তেনেকুৱা হয় জানো। আপোনাক যদি কওঁ যে তেনে ধৰণৰ ব্যৱসায়ী কোটিপতি। আপুনি বিশ্বাস কৰিবনে? নিশ্চয় নকৰিব। কিন্তু আপুনি বিশ্বাস নকৰিলেও উপায় নাই। আপোনাৰ ধাৰণা ভুল। তেনে লোক … Read more

বিজুতিৰ বাবে খেলপথাৰত অৱতৰণ কৰা হেলিকপ্টাৰৰ পূজা, উৰণৰ মুহূৰ্তত এইটাে শ্ল’গান ৰাইজৰ…

নিউজ ডেস্ক। এক ব্যতিক্ৰমী দৃশ্য। কাৰিকৰী বিজুতিৰ বাবে ৪ দিন ধৰি আবদ্ধ হৈ থকা সেনাৰ অত্যাধুনিক হেলিকপ্টাৰ পুনৰ মেৰামতিৰ পাছতে উৰণৰ মুহূৰ্তত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। উক্ত ঠাইত সমবেত হােৱা শ শ স্থানীয় লােকে হেলিকপ্টাৰখনৰ উৰণৰ মুহূৰ্তত দিলে দেশপ্ৰেমমূলক শ্ল’গান। হাতে হাতে ত্ৰিৰং পতাকা লৈ থকা লােকৰ ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি … Read more

জোৱানে চখতে বিয়া কৰালে তিনিজনীক, অৱশেষত চম্ভালিব নোৱাৰি পৰিল বিপদত

নিউজ ডেস্ক। কেতিয়াবা কোৱা হয় যে বিবাহত আৱদ্ধ হোৱা মানেই যেন ডিঙিত জৰী লগোৱা। এইবাৰ এই কথা যেন কিছু হ’লেও সঁচা প্ৰমাণিত হ’ল এজন সেনা জোৱানৰ ক্ষেত্ৰত। জোৱানজনে চখতে মিছা কথা কৈ বিয়া কৰালে তিনি গৰাকীক। তিনি পত্নীৰ স্বামী হ’ল তেওঁ। কিন্তু পাৰিবাৰিক সমস্যা চম্ভালিব নোৱাৰি তেওঁ পৰিল বিপদত। পত্নীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক দিলে গোচৰ। … Read more

হঠাতে খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ এটা অংশ… কেমেৰাত বন্দী ভয়ানক দৃশ্য

নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ব্যস্ত দলঙৰ মাজৰ এটা অংশ হঠাতে পৰিল খহি। যাৰ ফলত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা। খহি পৰা অংশৰ মাজতে আবদ্ধ হৈ পৰিল কেবাখনাে যান-বাহন। চকুৰ পলকতে সংঘটিত হয় এই ঘটনা। এই ঘটনা শুকুৰবাৰে সংঘটিত হয় উত্তৰাখণ্ডৰ ডেৰাডুনত। জানিব পৰা মতে, কেইবাদিনো ধৰি ডেৰাডুনত হৈ আছে প্ৰৱল বৃষ্টিপাত। … Read more

নীৰজ চোপ্ৰাৰ নামত ষ্টেডিয়াম উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক। পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত এটি ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। কিছুদিন পূৰ্বে সেই ষ্টেডিয়ামটো অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰা হৈছিল। সেই অনুসৰি শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰে সেই ষ্টেডিয়ামটো। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল সেনা প্ৰধান জেনেৰেল এম.এম. নাৰাৱনে। ইয়াৰোপৰি অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা নিজেও … Read more

দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুওৱা হিমানী KBC-13 ৰ প্ৰথমগৰাকী কােটিপতি

নিউজ ডেস্ক। টেলিভিছনৰ পৰ্দাত পুনৰ আৰম্ভ হৈছে অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান কৌন বনেগা ক্ৰৌড়পতি। ছ’নি টিভিত সম্প্ৰচাৰিত কৌন বনেগা ক্ৰোড়পতি-১৩ (KBC-13) ৰ প্ৰথমগৰাকী কোটিপতি হিচাপে জয়ী হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুণ্ডেলা। ছ’নী টিভিয়ে নিজৰ টুইটাৰ একাউণ্টত এই কথা সদৰী কৰে। Khushmizaaj swabhaav se apni zindagi jeene wali ek drishtiheen contestant, Himani … Read more

পোহনীয়া কুকুৰৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৱম মহলাৰ পৰা তললৈ পৰিল সপ্তম শ্ৰেণীৰ ছাত্ৰী…

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ মৰমৰ পোহনীয়া কুকুৰক বচাবলৈ গৈ নৱম মহলাৰ পৰা তললৈ পৰি মৃত্যু হ’ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। এই ঘটনা বুধবাৰে সংঘটিত হয় দিল্লীৰ কবি নগৰৰ গড হোম চছাইটিত। মৃত ছাত্ৰী গৰাকী গোবিন্দপুৰমৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী আছিল। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা বুলি জানিব পৰা যায়। খবৰ অনুসৰি ছোৱালীজনীয়ে দুৰ্ঘটনাটোৰ সময়ত … Read more