দিল্লী চৰকাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি চনু সুদক!

নিউজ ডেস্ক। পাঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে বৃহৎ চমক প্ৰদান দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ। দিল্লী চৰকাৰৰ এটা নতুন আঁচনি ‘দেশ কা মেন্টৰ’ ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত হ’ল অভিনেতা চনু সুদ। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে চনু সুদৰ সাক্ষাতৰ পিছত শুকুৰবাৰে দিল্লী চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়। মূলতঃ দিল্লী চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান … Read more

চলন্ত ৰে’লৰ সন্মুখত আহিল এজাক বনৰীয়া হাতী, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। ৰেলপথত জংঘলৰ পৰা ওলাই আহিছে হাতীৰ জাক। আনহাতে, সেই সময়ত গৈ আছে ইণ্টাৰচিটি এক্সপ্ৰেছ। হাতীৰ জাকটোত আছে প্ৰায় ১০/১২ টা হাতী। সেই দৃশ্য দেখি ৰেলখনৰ দুই চালকে ললে তাৎক্ষণিক পদক্ষেপ। মাৰিলে জৰুৰী ব্ৰেক। যাৰ ফলত কিছু দূৰত ৰৈ গল ৰেলখন আৰু ৰক্ষা পৰে হাতীকেইটাৰ জীৱন। হাতীৰ জাকটো পাৰ হৈ যোৱাৰ পিছত চালকে পুনৰ … Read more

শিশুৰ সমৰ কলা কালাৰিপায়াট্টু অনুশীলনৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

নিউজ ডেস্ক। উদ্যোগপতি আনন্দ মহিন্দ্ৰাই দক্ষিণ ভাৰতৰ এক আত্মৰক্ষা মূলক কাৰ্যকলাপ কালাৰিপায়াট্টু অনুশীলন কৰা এজন লৰাৰ ভিডিঅ’ৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়। যাৰ বাবে তেওঁ সেই ক্লিপটো টুইটাৰত শ্বেয়াৰ কৰে। উদ্যোগপতিজনে কেপচনত লিখে, “সতৰ্কবাণী: এই যুৱতীগৰাকীৰ পথত নাযাব!” অৱশ্যে, তেওঁৰ প’ষ্টৰ কেপচনত মহিন্দ্ৰাই এটা ভুল কৰিছিল কিয়নো তেওঁ শিশুটিক ভুলকৈ চিনাক্ত কৰিছিল। তেওঁ ভাবিছিল যে ভিডিঅ’টোত … Read more

কণমানি ৰিয়ানৰ প্ৰথমটো জন্মদিনৰ বাবে ঘৰত চলিছিল প্ৰস্তুতি, ঘটিল শােকাৱহ ঘটনা…

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। আনন্দৰ মূহুৰ্ত হৈ পৰিল বিষাদৰ মূহুৰ্ত। জন্মৰ পিছৰ প্ৰথমটো জন্মদিনৰ দিনাই খেলি থাকোতে ১২ নম্বৰ মহলাৰ পৰা পৰি মৃত্যু শিশুৰ। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ কাচা গ্ৰীণছ ফৰেষ্ট হাউচিং ছছাইটিত। মৃত শিশুটিক ৰিয়ান কাসাৰা বুলি জানিব পৰা যায়। জানিব পৰা মতে, সোমবাৰে শিশুটিৰ আছিল প্ৰথমটো জন্মদিন। পৰিয়ালৰ … Read more

ছুটি লৈ ঘৰলৈ অহা সেনা জােৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন ভাৰতীয় সেনাৰ জোৱানে। এই দুৰ্ঘটনা মংগলবাৰে সংঘটিত হয় উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম নগৰীত। নিহত সেনা জোৱান জনক বস্তি জিলাৰ চাৱনি পছবছৰ বিবেক সিং বুলি জানিব পৰা যায়। এজন স্থানীয় লোকে জনোৱা অনুসৰি, সেনা জোৱানজনে এগৰাকী মহিলা সহ এখন মটৰ চাইকেলত আহি আছিল। তুলসী উদ্যান পোৱাৰ … Read more

ভাতৃক লিভাৰ ‘উপহাৰ’ দি নতুন জীৱন প্ৰদান কৰিলে দুই ভগ্নীয়ে!

নিউজ ডেস্ক। হিন্দু ধৰ্মত ভাতৃ-ভগ্নীৰ বান্ধোনৰ প্ৰেমৰ প্ৰতীক উৎসৱ হৈছে ৰাখী বন্ধন। দেওবাৰে দেশজুৰি উদযাপন কৰা হয় এই উৎসৱটি। এইবাৰৰ ৰাখী বন্ধনৰ দিনা এনে এটা খবৰ পোহৰলৈ আহিছে যি ভাতৃ-ভগ্নীৰ এই বান্ধোনক অধিক শক্তিশালী কৰি তুলিছে। য’ত উত্তৰ প্ৰদেশৰ বদাউনৰ বাসিন্দা ১৪ বছৰীয়া কিশোৰ অক্ষতক তেওঁৰ দুই জ্যেষ্ঠ ভগ্নীয়ে অংগ দান কৰি এক অনন্য উপহাৰ … Read more

মুখ্যমন্ত্ৰীক ‘প্ৰচণ্ড চৰ’ মাৰিবলৈ কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী!

নিউজ ডেস্ক। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক ২৪ আগষ্ট অৰ্থাৎ মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰত্নগিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক ‘প্ৰচণ্ড চৰ’ দিয়াৰ বিষয়ে কৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় ৰাণেক। তেওঁ দাবী কৰিছিল যে স্বাধীনতাৰ বৰ্ষৰ বিষয়ে অজ্ঞ আছিল মুখ্যমন্ত্ৰীজন। যিটো অতি লজ্জাজনক। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাণেৰ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল … Read more

বিদেশত কৰ্মৰত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মাতৃৰাে মৃত্যু, একেলগে জ্বলিল দুয়ােৰে চিতা

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। একেলগে জ্বলিল মাতৃ তথা পুত্ৰৰ চিতা। বিদেশত থকা পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মৃত্যু ঘটিল ভাৰতত থকা ৰুগীয়া মাতৃৰ। জানিবপ পৰা মতে, ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ উদ্দেশ্যে পুত্ৰ গৈছিল ডুবাইত সংস্থাপন বিচাৰি। কিন্তু দুৰ্ভাগ্যবশতঃ কৰ্মস্থলীত কোম্পানীৰ নিয়ম ভংগ কৰি হেৰুৱালে চাকৰি। ইয়াৰ পাছতে কোম্পানীয়ে তেওঁৰ বিৰুদ্ধে দিলে গোচৰ। ফলত … Read more

চলন্ত ইন’ভাৰ চালকৰ হাৰ্ট এটেকত মৃত্যু, গাড়ীৰ খুন্দাত মৃত্যু স্কুটী আৰােহী মহিলাৰ

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। চলন্ত অৱস্থাতে ইনভা চালকৰ হাৰ্ট এটেক, নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে খুন্দিয়ালে চলন্ত স্কুটীক। এই ঘটনাত মৃত্যু স্কুটী আৰােহী মহিলাৰ, লগতে হাৰ্ট এটেকত মৃত্যু ইনভা গাড়ীৰ চালকৰাে। জানিব পৰা মতে, এই ঘটনা শনিবাৰে সংঘটিত হয় পাঞ্জাৱৰ লুধিয়ানাৰ বাষ্টি যোধেৱাল অঞ্চলৰ সম্ব্রান পথত। বাহনখনৰ চালকক অৰ্জুন জৈন (৫০) আৰু স্কুটি আৰোহী গৰাকীক ৰীমা … Read more

সাপক ৰাখী পিন্ধাবলৈ গৈ বিপদত পৰিল এজন বেজ, ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। ৰাখী বন্ধনৰ দিনা সংঘটিত হয় এক শোকাৱহ ঘটনা। ভগ্নীক সাপক ৰাখী পিন্ধাবলৈ দি সাপৰ দংশনত মৃত্যু হ’ল যুৱকৰ। এই ঘটনা সংঘটিত হয় বিহাৰৰ ছপা জিলাৰ মাঁঝি সীতালপুৰ গাঁৱত। সৰ্প দংশনৰ পিছত যুৱকজনক বেজৰ দ্বাৰা চিকিৎসা কৰোৱাৰ পিছত স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনক মনমোহন ওৰফে … Read more