সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, সন্ধানহীন দুই পাইলট

নিউজ ডেস্ক। মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ কঠুৱাৰ সীমান্তৱৰ্তী ৰঞ্জিত সাগৰ নদী বান্ধত ভাৰতীয় সেনাৰ ধ্ৰুৱহেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়। পুৱা ১০.৫০ বজাত ৰঞ্জিত সাগৰ বান্ধ হ্ৰদত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুজন পাইলট। জানিব পৰা মতে, হেলিকপ্টাৰখন মামুন কেণ্টৰ পৰা পুৱা ৮.৩০ বজাত উৰা মাৰিছিল। অঞ্চলটোৰ ঘন অৰণ্য আৰু হ্ৰদৰ চাৰিওফালৰ … Read more

মূল্যবৃদ্ধিৰ প্ৰতিবাদ! সংসদলৈ চাইকেল চলাই গ’ল ৰাহুল গান্ধী

নিউজ ডেস্ক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আহিছে। এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ নেতাজনে চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ। সেই অনুসৰি মঙলবাৰে তেওঁ চাইকেল চলাই গল সংসদলৈ। ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিৰোধী সাংসদসকলৰ সৈতে তেওঁ সংসদলৈ চাইকেল চলাই যায়। বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ সেই ৰেলীৰ নেতৃত্ব দিছিল কংগ্ৰেছ নেতাজনে। Participated in the cycle rally … Read more

চনু সুদ ৰাছিয়া বিশেষ অলিম্পিকৰ বাবে ভাৰতৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত

নিউজ ডেস্ক। বিগত বছৰৰ পৰা সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰি আহিছে বলিউড অভিনেতা চনু সুদে। ক’ভিড মহামাৰীৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰাৰ বাবে তেওঁ সকলোৰে প্ৰিয় তথা ধন্যবাদৰ পাত্ৰ হৈ পৰে। তেওঁৰ সেই কাৰ্যৰ দ্বাৰা বিশ্বত পৰিচিত হৈ পৰিছিল। এইবাৰ পুনৰ অভিনেতাজনে বিশেষ অলিম্পিক ভাৰতৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। … Read more

মৰ্মান্তিক! উদ্ধাৰ অভিযানৰ সময়ত হােৱা ভূমিস্খলনত শ্বহীদ বি আৰ অ’ৰ ২ বিষয়া

নিউজ ডেস্ক। ভূমিস্খলনত বন্ধ হৈ পৰা পথ মুকলি কৰাৰ সময়ত পুনৰ সংঘটিত ভূমিস্খলনৰ ঘটনাত শ্বহীদ হ’ল সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ’ৰ দুজনকৈ বিষয়া। হিমাচল প্ৰদেশত দুটা পৃথক পৃথক ভূমিস্খলনত শ্বহীদ হয় বিষয়া দুজন। ইয়াৰে প্ৰথম ঘটনা সংঘটিত হয় যােৱা ৩੦ জুলাইত ৰাজ্যখনৰ মানালী-চৰচু পথত। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা উক্ত পথছােৱাৰ এটা অংশত … Read more

কৃতজ্ঞতা! চনু সুদক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিশেষ ভিডিঅ’ প্ৰস্তুত অনুৰাগীৰ

নিউজ ডেস্ক। চনু সুদ। আজিৰ দিনত সেই নাম দেশ-বিদেশত সকলোৰে পৰিচিত। বিপদৰ বন্ধু আৰু দুখীয়াৰ ভগৱান হিচাপে পৰিচিত তেওঁ। শুকুৰবাৰে আছিল তেওঁৰ ৪৮ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত শুভেচ্ছা জনোৱা সকলোকে তেওঁ জনাইছিল কৃতজ্ঞতা। ইয়াৰোপৰি তেওঁ আনৰ বাবে কৰিব বিচৰা ইচ্ছাৰ কথাও উল্লেখ কৰিছিল সেইদিনা। সেইয়া আছিল চিকিৎসালয়ত ৰোগীৰ বাবে ১০০০ খন বিচনা দিয়া আৰু ছাত্ৰ-ছাত্ৰীক … Read more

হঠাতে ৰাজনীতিৰ পৰা সন্যাস ল’লে বিজেপি সাংসদ বাবুল সুপ্ৰিয়ই…

নিউজ ডেস্ক। যোৱা কিছুদিন চলি থকা জল্পনা-কল্পনাই অৱশেষত সত্য প্ৰমাণিত হ’ল। ফেচবুকত প’ষ্ট কৰি পশ্চিম বংগৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই জনাই দিলে তেওঁ ৰাজনীতিৰ পৰা বিদায় লোৱাৰ কথা। বিজেপিৰ দলীয় সূত্ৰ অনুসৰি শনিবাৰেই সাংসদ পদ ত্যাগ কৰিব পাৰে সুপ্ৰিয়ই। অৱশ্যে তেওঁ এই কথা স্পষ্ট কৰি দিছে যে তৃণমূল কংগ্ৰেছ বা আন … Read more

ৰাজপথত হঠাতে সৃষ্টি প্ৰকাণ্ড গাঁত, বন্ধ হৈ পৰিল যাতায়ত

নিউজ ডেস্ক। কিছুদিন পূৰ্বে দিল্লীৰ ৰাজপথত হঠাতে সৃষ্টি হৈছিল এক প্ৰকাণ্ড গাঁত। য’ত সোমাই পৰিছিল এখন বাহন। এইবাৰ পুনৰ দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত সৃষ্টি হল আন এক প্ৰকাণ্ড গাঁত। অৱশ্যে কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই গাঁতত। এই ঘটনা দিল্লীৰ হাউজ খাছ অঞ্চলৰ আইআইটি দিল্লী উৰণীয়া সেঁতুৰ তলত। খবৰ অনুসৰি, ৰাজধানী দিল্লীত বিগত কেইবাদিনো ধৰি … Read more

জাকৰ পৰা বিচ্ছিন্ন হৈ গাঁতত সােমাল হাতীৰ পােৱালি, উদ্ধাৰৰ বাবে চলিল বন বিভাগৰ অভিযান

নিউজ ডেস্ক। এটি ডেৰ বছৰীয়া হাতী পোৱালি। নিশা হাতীৰ জাকৰ লগত আহোতে এখন কফি বাগানৰ এটা শৌচালয়ৰ টেংকীৰ গাঁতত সোমাল পোৱালিটো। যাৰ ফলত সৰু গাঁতটোৰ পৰা ওলাই আহিব নোৱাৰিলে পোৱালিটো। নিশা সোমাই থাকিলে গাঁতটোত। আৰু পিছদিনা প্ৰায় তিনি ঘণ্টা জোৰা অভিযানৰ অন্তত বন বিভাগে উদ্ধাৰ কৰে হাতী পোৱালিটো। এই ঘটনা সংঘটিত হয় কৰ্ণাটকৰ কডাগো জিলাত। … Read more

টকিঅ’ পাৰা অলিম্পিকলৈ লেণ্ড মাইন বিস্ফােৰণত এখন ভৰি হেৰুওৱা শ্বিলঙৰ সৈনিক

নিউজ ডেস্ক। বৰ্তমান টকিঅ’ত অব্যাহত আছে অলিম্পিক গেমছ্। ৰূপৰ পদক লাভেৰে দেশ তথা উত্তৰ পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ মীৰাবাই চানুৱে। লাভলীনা বৰগোহাঁইয়েও বক্সিঙত পদক নিশ্চিত কৰিলে শুকুৰবাৰে। আৰু তাৰ মাজতেই আহিছে আন এক সুখবৰ। সেইয়া হ’ল ভাৰতীয় সেনা জোৱান হাভালদাৰ সোমন ৰাণাই টকিঅ’ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে অৰ্জন কৰিছে যোগ্যতা। তেওঁ শ্বট পুটৰ বাবে যোগ্যতা … Read more

ওপজা দিনত চনু সুদক অনুৰাগীৰ শুভেচ্ছা, জন্মদিনত চনুৱে প্ৰকাশ কৰিলে এই ইচ্ছা…

নিউজ ডেস্ক। বলিউড অভিনেতা চনু সুদে ৩০ জুলাইত পালন কৰে তেওঁৰ ৪৮ সংখ্যক জন্মদিন। চনু সুদ বলিউদৰ এনেকুৱা এজন তাৰকা, যিয়ে কেৱল নিজৰ অভিনয়ৰ যোগেদিয়েই নহয়, নিজৰ অসামান্য কামৰ জৰিয়তে জয় কৰিছে সকলোৰে অন্তৰ। কোৰোনা মহামাৰীৰ সময়ত তেওঁ যেনেদৰে আনক সহায় কৰিছে, সেইয়াক যিমান কৃতজ্ঞতা জনালেও পৰ্যাপ্ত নহ’ব। কোৰোনা কালত তেওঁ দৰিদ্ৰ তথা প্ৰব্ৰজিত শ্ৰমিক … Read more