৫ বছৰতে বিবাহ বিচ্ছেদ, প্ৰশাসনিক সেৱাৰ পৰীক্ষাত পৌৰ সভাৰ চাফাই কৰ্মী ‘আশা’ৰ সাফল্য

নিউজ ডেস্ক। একাগ্ৰতা আৰু প্ৰৱল ধাউতি থাকিলে সকলো কামেই সম্ভৱ। সেই কথা প্ৰমাণ কৰিলে পৌৰ নিগমৰ এগৰাকী মহিলা চাফাই কৰ্মীয়ে। যিয়ে নিজৰ জীৱনৰ বহুতো প্ৰত্যাহ্বান অতিক্ৰম কৰি প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ বিবাহৰ পিছত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ দুই সন্তানৰ মাতৃয়ো। ইয়াৰোপৰি বিবাহৰ ৫ বছৰৰ পিছত তেওঁক এৰি দিছিল স্বামীয়ে। টকাৰ অভাৱত তেওঁ … Read more

চিকিৎসকে মৃত ঘােষণা কৰা নৱজাতক সৎকাৰৰ সময়ত কান্দি উঠিল, তাৰ পাছত…

নিউজ ডেস্ক। এক আচৰিত ঘটনা। নৱজাতক শিশুক মৃত ঘোষণা কৰিলে চিকিৎসকে। কিন্তু সৎকাৰৰ সময়ত কান্দি উঠিল শিশু। লগে লগে এক পৃথক পৰিৱেশৰ সৃষ্টি হল সৎকাৰস্থলীত। শিশুটিক জীৱন্তে দেখি পৰিয়ালৰ লোকে গৈ ভাঙি পেলালে মৃত ঘোষণা কৰা চিকিৎসকৰ ক্লিনিক। এই ঘটনা সংঘটিত হয় ঝাৰখণ্ডত। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, ঝাৰখণ্ডৰ দেৱঘৰৰ কালি মন্দা পথৰ এখন ব্যক্তিগত চিকিৎসালয়ত … Read more

নাৰী শক্তি! কৃষকৰ পৰিয়ালৰ ৫ গৰাকী কন্যাই হ’ল প্ৰশাসনিক বিষয়া

নিউজ ডেস্ক। বহুতৰে সপোন থাকে এজন প্ৰশাসনিক বিষয়া হোৱাৰ। পৰিয়াল বা আত্মীয়ইয়ো বিচাৰে নিজৰ পৰিয়ালত এজন প্ৰশাসনিক বিষয়া। কিন্তু যেতিয়া একেঘৰৰে ৫ সদস্যই প্ৰশাসনিক বিষয়া হয়। তেতিয়া কেনে হ’ব পাৰে বাৰু পৰিৱেশটো। আৰু যদিয়ে ৫ গৰাকীয়েই মহিলা হয়। আপোনাৰ নিশ্চয় ভাবিয়েই ভাল লাগিছে নহয়ন? কিন্তু এইবাৰ তেনে এক কথাই বাস্তব হ’ল। এঘৰ লোকৰ ৫ কন্যাৰ … Read more

শিশুক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাত পৰিল ৩০ জন লোক, মৃত ৪

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ বিদিশাত। এটি ১৪ বছৰীয়া শিশুক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাৰ ঢাকনি ভাঙি ভিতৰলৈ সোমাই গ’ল ৩০ জনৰো অধিক লোক। এই ঘটনাটো বৃহস্পতিবাৰৰ নিশা প্ৰায় ১১:৩০ মান সংঘটিত হয় বজাত বিদিশাৰ গঞ্জ বাসুদা অঞ্চলৰ লাল পাথৰ গাৱঁত। ঘটনাত চাৰিজন লোক মৃত্যু হোৱাৰ বিপৰীতে ২৩ জনক জীৱন্তে উদ্ধাৰ কৰা … Read more

দৃষ্টিহীন দৰা-কইনাই হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে নতুন জীৱন

নিউজ ডেস্ক। হোমাগ্নিক সাক্ষী কৰি সাত পাক ঘূৰিলে তেওঁলোকে। হয়, তেওঁলোক। যি জন্মৰ পৰাই অন্ধ। কেতিয়াও ভবা নাছিল যে তেওঁলোকে এদিন এনে শুভ মূহুৰ্তৰ সাক্ষী হ’ব। কিন্তু নভবাকৈয়ে তেওঁলোকৰ সেইয়া সম্পন্ন হ’ল। জন্মান্ধ দুয়োৱে দৰা-কইনাৰ সাজ পিন্ধি হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে যুগ্ম জীৱন। দৃষ্টিহীন সেই দুই দৰা কইনা হল জ্যোৎস্না আৰু বাপি। বুধবাৰে … Read more

পিতৃৰ পদাংক অনুসৰণ, আছাম ৰাইফলছত যােগদান কৰি দেশৰ সুৰক্ষাত নিয়ােজিত এগৰাকী যুৱতী

নিউজ ডেস্ক। এগৰাকী যুৱতী। নাম আথিৰা কে. পিল্লাই। ঘৰ কেৰেলাৰ আলাপুঝাত। তেওঁ ডাঙৰ হৈ নিজৰ দেউতাকৰ পদাংক অনুসৰণ কৰি এগৰাকী সৈনিক হোৱাৰ সপোন দেখিছিল। তেওঁ সপোন পূৰণৰ বাবে কৰিছিল আহোপুৰুষাৰ্থ। আৰু অৱশেষত তেঁওৰ সেই সপোন পূৰণ হৈছিল। মূলতঃ চাৰি বছৰ পূৰ্বে যেতিয়া তেওঁ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছত যোগদান কৰিছিল তেতিয়া তেওঁৰ প্ৰিয় … Read more

বিভাগীয় অভিযানৰ সময়ত গােপনে অবৈধ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ গৈছিল যুৱক, ঘটিল আজব ঘটনা

নিউজ ডেস্ক। বিদ্যুৎ চুৰিৰ এটা সাধাৰণ লক্ষ হ’ল যে যেতিয়াই বিভাগীয় লোক অহা গম পাই, তেতিয়াই তেওঁ লৰালৰিকৈ গৈ এৰুৱাই থয় বিদ্যুৎ সংযোগ ব্যৱস্থা। কিন্তু যদিহে বিদ্যুৎ কৰ্মচাৰী অতি চতুৰ হয়, তেন্তে চুৰি কৰা জন ধৰা পৰাটো নিশ্চিত। এইবাৰ তেনে এক দৃশ্যই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিদ্যুৎ চুৰিৰ খবৰ লাভ কৰি বিভাগীয় দল গৈছিল … Read more

ছেল্ফি উঠি সাগৰৰ পানীত পৰিল মহিলা, প্ৰাণৰক্ষা কৰিলে ৫৫ বছৰীয়া ফটোগ্ৰাফাৰে

নিউজ ডেস্ক। ছেল্ফি উঠবিলৈ গৈ পানীত পৰি মৃত্যু হোৱা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় মুম্বাইত। অৱশ্যে এইবাৰ নদীত নহয়, ছেল্ফি লৈ থাকোতে সাগৰৰ পানীতহে পৰিল মহিলা। আৰু সেই মহিলাক উদ্ধাৰ কৰিলে এজন ৫৫ বছৰীয়া ফটো গ্ৰাফাৰে। সেই ঘটনা মুম্বাইৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে ২৩ বছৰীয়া মহিলা গৰাকীয়ে মুম্বাইৰ বিখ্যাত … Read more

সাৱধান! বৰষুণৰ মাজতে ছেল্ফি লোৱাটো আপােনাৰ বাবে হ’ব পাৰে বিপজ্জনক…

নিউজ ডেস্ক। বৰ্তমান সময়ত স্মাৰ্টফোনবোৰে মানুহৰ জীৱন অতি সহজ কৰি তুলিছে। জনসাধাৰণৰ বহুতো কাম একেলগে সম্পন্ন হয় ফোনত। আজিৰ পৃথিৱীত স্মাৰ্টফোন মানুহৰ পছন্দ আৰু প্ৰয়োজনীয়তা দুয়োটাই হৈ পৰিছে। বহুতে অৱশ্যে ফোনৰ সহায়ত তেওঁলোকৰ প্ৰয়োজনীয় কাম কৰে। কিন্তু তাৰ বিপৰীতে বহুতে ফোনৰ কেমেৰাৰে ফটো ল’বলৈহে ভাল পায় বা ব্যৱহাৰ কৰে। ফোনৰ দ্বাৰা ছেলফি লোৱাটোও আজিকালি এক … Read more

পথ দুৰ্ঘটনাত আহত দুই যুৱকৰ জীৱন ৰক্ষা কৰিলে সেনাই

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গাড়ী সোমাই পৰে এটা খাৱৈত। যাৰফলত বাহনখনত যোৱা দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই জীৱন ৰক্ষা কৰে সেনা জোৱানে। এই ঘটনা সংঘটিত হয় জম্মু কাশ্মীৰৰ ৰাজৌৰীত। জানিব পৰা মতে ৰাজৌৰী-পুঞ্চ পথৰ ৰামলুথা অঞ্চলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। … Read more