মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱালে জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামে

নিউজ ডেস্ক। কমেডিয়ান তথা জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামৰ শনিবাৰৰ এটা ইনষ্টাগ্ৰামৰ প’ষ্টে আৱেগিক কৰি তুলিছে তেওঁৰ লাখ লাখ অনুৰাগীক। এমাহৰ ভিতৰতে কভিডত নিজ পিতৃ-মাতৃক হেৰুৱাই শোকত ভাগি পৰে জনপ্ৰিয় ইউটিউবাৰজন। তেওঁ সেই প’ষ্টটোত পিতৃ-মাতৃৰ লগতে নিজৰ এক আনন্দৰ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰে। সদায় নিজৰ লাখ লাখ অনুৰাগীৰ ওঁঠত হাঁহি বিৰিঙাই আনন্দ বিলোৱা ইউটিউবাৰজনে ইনষ্টাগ্ৰামত লিখে- … Read more

ক’ভিড যােদ্ধা! নদী পাৰ হ’বলৈ ‘আৰ্থ মুভাৰ’ত উঠিল চিকিৎসা কৰ্মী, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। দেশত বৰ্তমানেও অব্যাহত আছে কোৰোনা মহামাৰী। এই কভিড যুদ্ধত দেশৰ জনতাৰ হকে কাম কৰাত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক বিবেচনা কৰা হৈছে প্ৰথম শাৰীৰ যোদ্ধা হিচাপে। ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসা কৰিয়েই হওক বা নিজে আক্ৰান্ত হৈয়ো দেশত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে। অশেষ কষ্ট আৰু ত্যাগেৰে … Read more

যেন সাক্ষাৎ ‘চুপাৰমেন’! নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এগৰাকী শিশুক

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে ‘মাৰে হৰি ৰাখে কোনে’। এইবাৰ পুনৰ সেই আপ্ত বাক্যশাৰীয়েই যেন প্ৰমাণিত হ’ল এক ঘটনাৰ ক্ষেত্ৰত। এই ঘটনাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম টুইটাৰত। টুইটাৰত ‘Rex Chapman’ নামৰ পেজটোৱে শ্বেয়াৰ কৰা দৃশ্যটোত দেখা অনুসৰি, এটা ব্যস্ত ৰাজপথ। অহৰহ অহা যোৱা হৈ আছে যান-বাহন। পথটোৰ ইটো পাৰে এজনী … Read more

আৰক্ষী বিষয়াই ‘O’ নিগেটিভ গ্ৰুপৰ ৰক্তদান কৰি জীৱন ৰক্ষা কৰিলে গৰ্ভৱতী মহিলাৰ

নিউজ ডেস্ক। এগৰাকী আৰক্ষী বিষয়া। বিষয়াগৰাকীয়ে দাঙি ধৰিলে মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন। এগৰাকী গৰ্ভৱতী মহিলাক অতি দুৰ্লভ ‘O’ নিগেটিভ গ্ৰুপৰ ৰক্তদান কৰি তেওঁ ৰক্ষা কৰিলে জীৱন। বিষয়াজনে ৰক্তদান কৰি থকা এখন ছবিয়ো সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। এই ঘটনা বিহাৰৰ নালন্দাৰ। ৰক্তদান কৰা সেই বিষয়া জন হ’ল নালন্দাৰ ট্ৰেফিক আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিং। … Read more

ক’ভিড-১৯ত সংক্ৰমিত সিংহৰ মৃত্যু, চিৰিয়াখানাত চিনাক্ত ৯ টা ক’ভিড পজিটিভ সিংহ-বাঘ

নিউজ ডেস্ক। কোৰোনা ভাইৰাছে মানৱ জীৱনত সংহাৰ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ আহিছে আন এক খবৰ। এই ভাইৰাছে এইবাৰ প্ৰাণ ল’লে বনৰীয়া জন্তুৰ। চিৰিয়াখানৰ সিংহৰ দেহত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ খবৰে এতিয়া সকলোকে কৰিছে চিন্তিত। জানিব পৰা মতে, চেন্নাইৰ এখন চিৰিয়াখানাত এই ভাইৰাছত আক্ৰান্ত হৈ যোৱা ৩ জুনৰ আবেলি মৃত্যু হ’ল এটা সিংহৰ। তাৰ বিপৰীতে … Read more

হাতীয়ে শেষ শ্ৰদ্ধা জনালে মৃত মাউতক, দৃশ্য দেখি উঠিল কান্দোনৰ ৰোল

নিউজ ডেস্ক। সাধাৰণতে কোৱা হয় যে হাতী এবিধ জ্ঞানী প্ৰাণী। মানুহৰ দৰেই যেন দুখ, আৱেগ সকলো বুজি পায় হাতীয়ে। সেই কথা প্ৰায়ে প্ৰমাণ হৈ আহিছে হাতীৰ কিছু কাৰ্যই। এইবাৰ তেনে এক দৃশ্যই পুনৰ প্ৰমাণ কৰিলে হাতীৰ বিশাল আৱেগক। যিটো দৃশ্য দেখি সকলোৱেই হৈ পৰিল আৱেগিক। দৃশ্যটো কেৰেলাৰ কট্টায়ামৰ। সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ভাৰতীয় … Read more

অন্য ৰূপত আৰক্ষী! গৃহহীন বৃদ্ধাক নিজেই আহাৰ খুৱালে আৰক্ষী বিষয়াই, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দৰিদ্ৰ, আশ্ৰয়হীন জনক সহায় কৰাটো যেন প্ৰত্যেকৰে একো একোটা দায়িত্ব। ইয়াৰোপৰি ই এক মানৱীয়তাৰ নিদৰ্শন। এইবাৰ তেনে এক নিদৰ্শন দাঙি ধৰিলে জন সেৱাৰ বাবে ২৪ ঘন্টাই অহৰ্নিশে অতন্দ্র প্রহৰি ৰূপে থকা এজন আৰক্ষী বিষয়াই। আৰক্ষীৰ পোছাকৰ আঁৰত যেন আছে এজন এজন হৃদয়বান লোক। তেনে এজন আৰক্ষী বিষয়াৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে … Read more

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত বিধ্বস্ত মালবাহী ট্ৰাক, CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক গাৰ নোম শিয়ৰি উঠা পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ মাজৰ ডিভাইদাৰত। ট্ৰাকৰ খুন্দাত কেবিনৰ পৰা ওলাই বহু দূৰলৈ উফৰি পৰে চালক আৰু ট্ৰাক বাগৰি হৈ পৰে টুকুৰা-টুকুৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় মধ্য প্ৰদেশৰ নাগপুৰ-জবলপুৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰমনপুৰ ঘাটিত। চি চি টিভিত বন্দী হোৱা সেই … Read more

Sanitizer নে Body Lotion! চাওক সামাজিক মাধ্যমত ভাইৰেল হােৱা এটা বিশেষ ভিডিঅ’

নিউজ ডেস্ক। মহামাৰী কোৰোনাৰ পৰা ৰক্ষা পাবলৈ প্ৰত্যেকেই গ্ৰহণ কৰিছে সুৰক্ষা মূলক ব্যৱস্থা। কোৰোনাৰ পৰা বাচিবলৈ লবলগীয়া সকলো সাৱধানতা গ্ৰহণ কৰিছে প্ৰত্যেকে। সকলোৱে পৰিধান কৰিছে মাস্ক, ব্যৱহাৰ কৰিছে চেনিটাইজাৰ, অৱলম্বন কৰিছে সামাজিক দূৰত্ব। কিন্তু তেনে সময়তে এক বিশেষ দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। যিটো দৃশ্য দেখিলে আপুনিও এবাৰ হাঁহিবলৈ বাধ্য হ’ব। দৃশ্যটোত কোৰোনাৰ পৰা … Read more

বিবাহ চলি থাকোতেই মৃত্যু হ‘ল কইনাৰ, খুলশালীৰ লগত বিবাহ সম্পন্ন হ‘ল দৰাৰ

নিউজ ডেস্ক। এক শোকজনক তথা আচৰিত ঘটনা। বিবাহৰ দিনা সুকলমে চলি আছিল বিবাহৰ সকলাে নীতি-নিয়ম। ৰীতি অনুসৰি প্ৰায়সমূহ কাৰ্য সম্পন্ন হৈছিল বিবাহৰ। কিন্তু বিবাহৰ শেষৰটো ৰীতি সম্পন্ন হোৱাৰ প্ৰাক মূহুৰ্তত ঘটিল এক শােকাৱহ ঘটনা। হঠাৎ মৃত্যু হ’ল ন-কইনাৰ। তেনে অৱস্থাত দোমোজাত পৰিল সকলো আৰু শেষত কইনাৰ ভগ্নী অৰ্থাৎ খুলশালীৰ সৈতে বিবাহ সম্পন্ন হ’ল ভিনদেউ অৰ্থাৎ … Read more