৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এগৰাকী ৬ বছৰীয়া কন্যা শিশু। নাম কালমাৱিজো মাৰ। ঘৰ অসমৰ হাফলঙত। তেওঁৰ এক বিশেষ প্ৰতিভা এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। শিশু গৰাকীয়ে অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ পৰিবেশন কৰি এৰি দিয়ে সামাজিক মাধ্যম ইউটিউবত আৰু তাৰ পিছতেই ভাইৰেল হৈ পৰে হাফলঙৰ এই ৬ বছৰীয়া কন্যা কালমাৱিজো মাৰ। উল্লেখ্য যে, সদৌ … Read more

হেলমেটৰ বাবেই ৰক্ষা পৰিল এজন বাইক চালকৰ জীৱন! কেমেৰাত বন্দী হ’ল দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। সাধাৰণতে আমি দেখা এটা সুলভ দৃশ্য হ’ল যে বাইক আৰোহীয়ে পৰিধান নকৰে হেলমেট। কিছুমানে আকৌ হেলমেট মূৰত পিন্ধাৰ পৰিৱৰ্তে পিন্ধে হাতত আৰু যদিহে আৰক্ষীক দেখে জৰিমনা ভৰাৰ ভয়ত পিন্ধি লয় মূৰত। যেন জীৱনৰ নিৰাপত্তাক কৰা হয় চূড়ান্ত ভেঙুচালি। কিন্তু হেলমেট যে জীৱনদায়িনী, এইবাৰ সেই কথা প্ৰমাণ কৰিলে এটা পথ দুৰ্ঘটনাই। পথ দুৰ্ঘটনাত পতিত … Read more

দেশৰ সবাতোকৈ বয়সীয়াল ভােটাৰে গ্ৰহণ কৰিলে ক’ভিড-১৯ৰ প্ৰতিষেধক

নিউজ ডেস্ক। দেশৰ সবাতোকৈ বয়সীয়াল ভােটাৰ হিচাপে পৰিচিত নাম হৈছে হিমাচল প্ৰদেশৰ কিন্নাওৰ জিলাৰ শ্যাম চৰণ নেগী। এই লােকজনৰ বয়স হৈছে ১০৩ বছৰ। এইবাৰ এই শতায়ু গৰকা বৃদ্ধজনে সকলোকে ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাই মংগলবাৰে গ্ৰহণ কৰিলে কভিড প্ৰতিষেধক। তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিলে কল্পস্থিত তেওঁৰ ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বৰ এটা স্বাস্থ্য কেন্দ্ৰত। প্ৰতিষেধক … Read more

পদপথত চানাচুৰ বিক্ৰী কৰিছে ৯৮ বছৰীয়া বৃদ্ধই! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এজন ৯৮ বছৰীয়া বৃদ্ধ লোক। নাম বিজয় পাল সিং। ঘৰ উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ হৰচান্দপুৰত। যিটো বয়সত আন লোকে কেনেকৈ কাম কৰিম বুলি অজুহাত দেখুৱাই তেনে বয়সত তেওঁ গাঁৱে গাঁৱে গৈ বিক্ৰী কৰে চানাচুৰ। এক প্ৰকাৰ সকলোৰে বাবে চানাৱালা। তেওঁক অৱশ্যে সকলোৱে বাবা বুলিহে মাতে আৰু সামাজিক মাধ্যমত এই বৃদ্ধজনৰ এটা ভিডিঅ’ এতিয়া হৈ … Read more

বিধানসভা নিৰ্বাচনঃ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ

নিউজ ডেস্ক। অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ পালে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰদলৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা। শুক্ৰবাৰে সন্ধিয়া নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নাম ঘােষণা কৰা হয়। প্ৰকাশিত তালিকা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােনােৱালে মাজুলীৰ … Read more

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড

নিউজ ডেস্ক। গাড়ী চুৰিৰ ঘটনা সঘনাই সংঘটিত হৈ থকাৰ মাজতে এইবাৰ চােৰৰ লক্ষ্য হৈ পৰিছে বিলাসী গাড়ীৰ চকা। চোৰৰ লক্ষ্য হৈ পৰিছে পৰিছে Hyundai Creta আৰু Kia Seltos ৰ দৰে ব্যয়বহুল বাহনৰ চকা। বিশেষকৈ এই দুয়োখন গাড়ীৰ এলয় হুইল সমূহ হৈছে অতি আকৰ্ষণীয় আৰু ব্যয়বহুল। সেয়েহে চোৰৰ লক্ষ্য এই দুখন গাড়ীৰ এলয় হুইল। বৰ্তমান চোৰে … Read more

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

নিউজ ডেস্ক। সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ এইমছত গ্ৰহণ কৰিলে কভিড-১৯ ৰ প্ৰতিষেধক ক’ভেক্সিন। প্ৰধানমন্ত্ৰীৰ সেই কাৰ্যক এতিয়া ভূঁয়সী প্ৰশংসা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই। সোমবাৰে এই সন্দৰ্ভত মন্ত্ৰীজনে কয় যে- “প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰি দেশৰ সকলো জনতাক অনুপ্ৰেৰণা যোগালে। যিয়ে সকলোকে প্ৰতিষেধক গ্ৰহণত আগ্ৰহ যোগাব। তেওঁ … Read more

এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

নিউজ ডেস্ক। দেশত প্ৰথমবাৰৰ বাবে ছত্তীশগড়ত কনিষ্টবল পদত একেলগে নিযুক্তি দিয়া হ’ল ১৩ জন তৃতীয় লিংগৰ ব্যক্তিক। সোমবাৰে ৰাজ্যখনত ২০১৯-২০ বৰ্ষৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতেই এই কথা জানিবলৈ দিয়ে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই। জানিব পৰা মতে ১৩ জনক ৪ খন জিলাত নিযুক্তি দিয়া হৈছে। ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান ডি এম আৱাস্থিয়ে এই সন্দৰ্ভত … Read more

টিকট অবিহনে ৰে’লত যাত্ৰা কৰিছিল ২০ আৰক্ষী, জৰিমনা আদায় দিবলৈও হ’ল অমান্তি! তাৰ পাছত…

নিউজ ডেস্ক। একাংশ লােকে নিজৰ পদ মৰ্যাদা লাঘৱ কৰি আইন হাতত তুলি লােৱা ঘটনা কােনাে নতুন কথা নহয়। কিন্তু এইবাৰ নিজেই আইন ভংগ কৰি আইনৰ ৰােষত পৰিল ২੦ জনকৈ আৰক্ষীৰ লােক। জানিব পৰা মতে, ৰে’লত টিকট অবিহনে যাত্ৰা কৰােঁতে টিটইৰ হাতত ধৰা পৰিছিল ২੦ জনকৈ আৰক্ষীৰ লােক। কিন্তু আইন মতে নিৰ্ধাৰিত জৰিমনা আদায় দিয়াৰ পৰিৱৰ্তে … Read more

এইবাৰ সেনাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল! সমগ্ৰ দেশতে স্থগিত ৰখা হ’ল পৰীক্ষা

নিউজ ডেস্ক। সমগ্ৰ দেশত হ’বলগীয়া ভাৰতীয় সেনাৰ সাধাৰণ কৰ্তব্য (GD) বিভাগৰ কৰ্মচাৰীৰ পৰীক্ষা বাতিল কৰা হ’ল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবেই স্থগিত ৰখা হ’ল এই পৰীক্ষা। পুনেত যোৱা নিশা কোনো দুৰ্বৃত্তই ফাদিল কৰে এই প্ৰশ্নকাকত। দেওবাৰে এই কথা জানিবলৈ দিয়ে সেনাৰ নিযুক্তি কৰ্তৃপক্ষই। সেনাৰ এজন বিষয়াই কয় যে, সেনাৰ নিযুক্তিৰ শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা … Read more