অৰুণাচল প্ৰদেশত বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা দুই পাইলটসহ ৫ জনৰ

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ MI-17 হেলিকপ্টাৰ। ৰাজ্যখনৰ পূব প্ৰান্তৰ আনজাও জিলাৰ ৰোচাম হেলিপেডত অৱতৰণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, হেলিকপ্টাৰে হায়ুলিয়াঙৰ পৰা ৰোচামলৈ সেনাৰ বাবে ৰেচন চৰ্টি কৰি আছিল। সেই সময়তে অৱতৰণৰ সময়ত দিনৰ ৯ বাজি ২৫ মিনিটত যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ৰােচাম হেলিপেডৰ নিচেই কাষত ভূ-পতিত … Read more

ক’ভিডত আক্ৰান্ত হৈ মানৱ দৰদী মহিলা চিকিৎসকৰ মৃত্যু

নিউজ ডেস্ক। এক দুঃখবৰ। দৰিদ্ৰ তথা বিশেষভাৱে সক্ষম লোকক সহায়ৰ বাবে অহৰ্নিশে কাম কৰি অহা মানৱ দৰদী চিকিৎসকৰ মৃত্যু। যাৰ মৃত্যুত ভাগি পৰিছে বহুতো দৰিদ্ৰ তথা অসহায় লোক। সেই মহান চিকিৎসক গৰাকী হ’ল অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ চিকিৎসক ডাঃ গাম্বা পাডু ৰিবা। যি ইটানগৰৰ দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ তেওঁৰ নিয়মীয়া কৰ্তব্যৰ উপৰিও গৈছিল। আৰু অৱশেষত মঙলবাৰে … Read more

NSD ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেক

নিউজ ডেস্ক। উত্তৰ-পূব, বিশেষকৈ অৰুণাচল প্ৰদেশৰ নাট্যপ্ৰেমী লােকৰ বাবে এক ভাল খবৰ। নতুন দিল্লীৰ সন্মানীয় নেচনেল স্কুল অৱ ড্ৰামা (এনএছডি)ত সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্তি লাভ কৰিছে অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেয়ে। এনএছডিৰ সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্ত হোৱা ৰাজ্যখনৰ তেওঁৱেই হৈছে প্ৰথমজন লোক। নগমলে লৱাৰ চিয়াং জিলাৰ হিমে গাঁৱৰ বাসিন্দা। ইয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ … Read more

গাড়ীসহ পাহাৰৰ পৰা ৭੦੦ ফুট তললৈ পৰি মৃত্যু যুৱকৰ, ৰাইজৰ সহযােগত মৃতদেহ উদ্ধাৰ SDRF ৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিনত ফুৰিবলৈ শােকাৱহভাৱে মৃত্যু এজন যুৱকৰ। দুৰ্ভাগ্যক্ৰমে উচ্চ পাহাৰৰ পৰা গাড়ীসহ তললৈ পৰি মৃত্যু হােৱা যুৱকজন হৈছে ধেমাজী জিলাৰ জোনাইৰ হৰিশ দলে। অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিনত মঙলবাৰে ফুৰিবলৈ গৈ পাহাৰৰ পৰা গাড়ীসহ তললৈ পৰি নিখোজ হৈ থকা জোনাইৰ হৰিশ দলে নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুধবাৰে দিনৰ প্ৰায় … Read more

শােকাৱহ! সুউচ্চ পাহাৰৰ পৰা গাড়ীসহ তললৈ সৰি পৰি যুৱকৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। গাড়ীসহ সুউচ্চ পাহাৰৰ পৰা তললৈ সৰি পৰিল মৃত্যু যুৱকৰ। এই ঘটনাৰ স্থান ধেমাজী জিলাৰ জােনাইৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিন। জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাটৰ পাংগিনত এখন বলেন’ গাড়ী লৈ ফুৰিবলৈ গৈছিল জোনাইৰ কেইজনমান যুৱক। পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ পংগিঙৰ ওখ পাহাৰৰ ভিউ পইণ্টৰ পৰা গাড়ীসহ … Read more

ভয়ংকৰ! ভূমিস্খলনত খহি পৰিল ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ অংশ

নিউজ ডেষ্ক। এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ। এই ঘটনা শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ পাংগিন-পাছিঘাট পথত। Another mishap between Pangin-Pasighat Road: A portion of highway (NH-13) was completely washed away this afternoon at Sirki near Pasighat before reaching Rengging. The people of Siang, West Siang, Upper … Read more

ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন ফৰ্ড ফিগ’ গাড়ী। এই দুৰ্ঘটনাত শিশু সহ তিনিজন লোক থিতাতে নিহত হয়। এই ঘটনা ২৫ জুলাইৰ নিশা সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামচাইত। নামচাই নগৰৰ পৰা ১৫ কিমি দূৰত্বৰ টেঙাপানী সংৰক্ষিত বনাঞ্চলৰ পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা অনুসৰি, ২৬ জুলাইৰ পুৱা … Read more

ক’ভিড-১৯ত প্ৰাণ গ’ল জ্যেষ্ঠ চিকিৎসক তথা অন্তঃসত্বা স্বাস্থ্য কৰ্মীৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে জটিল ৰূপ ধাৰণ কৰিছে অসমকে ধৰি উত্তৰ পূবৰ অধিকাংশ ৰাজ্যতে। নিতৌ জনসাধাৰণৰ মৃত্যুৰ ঘটনা অব্যাহত থকাৰ লগতে মৃত্যু হৈছে প্ৰথম শাৰীৰ ক’ভিড যােদ্ধা হিচাপে পৰিচিত বহু চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ। ইয়াৰ মাজতে জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য কৰ্মীসকলে কৰিব লগীয়া হৈছে অশেষ কষ্ট। ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে নদী, পাহাৰ … Read more

এটা প্ৰকাণ্ড শিলাখণ্ড হাতেৰে দাঙি নিছে NDRF জোৱানে, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দুৰ্যোগ আৰু জৰুৰী সেৱাৰ বাবে সদায় আগত থাকে ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী (NDRF)। সংকট অৱস্থাত বা বিপদ সংকুল অৱস্থাতো প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা হোৱা জনতাক উদ্ধাৰ কৰেগৈ তেওঁলোকে। মূলতঃ যিকোনো উদ্ধাৰ অভিযানত জনসাধাৰণৰ প্ৰধান সাৰথি ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী। এই ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনীৰ উদ্ধাৰকাৰী দলৰ এক দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক … Read more

ভেকচিনৰ হােম ডেলিভাৰী! টিকাকৰণৰ বাবে সুউচ্চ পাহাৰ আৰোহণ উপায়ুক্ত- চিকিৎসা কৰ্মীৰ

নিউজ ডেস্ক। যি সময়ত অসমত চৰকাৰে সুৰাৰ হােম ডেলিভাৰী কৰাৰ বাবে উঠি-পৰি লাগিছে, তেনে সময়তে অসমৰ প্ৰতিবেশী ৰাজ্যত ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ হােম ডেলিভাৰীৰ বাবে মনে-প্ৰাণে নামি পৰিছে চৰকাৰ-প্ৰশাসন যন্ত্ৰ। জনসাধাৰণক কোৰোনাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে চৰকাৰে লৈছে ঘৰ-ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী। সেই অনুসৰি চহৰ, নগৰ আৰু গাঁও সকলোৰে জনতাক প্ৰদান কৰা হৈছে প্ৰতিষেধক। … Read more