যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগত মৰ্মাহত হৈছে ৰাজ্যখনৰ সাংবাদিকসকল। মাত্ৰ বছৰ পূৰ্বে নিজ মাতৃক হেৰুওৱা সাংবাদিক মিন্টু তামুলীৰ মৃত্যুৰ খবৰে অসমৰ সংবাদ মহলতাে গভীৰ শােকৰ ছাঁ পেলাইছে। অতি কম সময়তে সংবাদজগতৰ চিনাকি মুখ হৈ পৰা তামুলীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ। জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি হৃদক্ৰিয়া … Read more

দলং ভাঙি উফন্দি উঠা নৈত ডাম্পাৰসহ উটি যােৱা অসমৰ ৩ যুৱকৰ নাই কােনাে শুংসূত্ৰ

নিউজ ডেস্ক। মৌচুমীৰ আগমনৰ লগে লগে প্ৰবল বাৰিষই বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত। ঠায়ে-ঠায়ে পাহাৰত সংঘটিত ভয়াৱহ ভূমি স্খলনৰ ফলত বন্ধ হৈ পৰিছে বাট-পথ। আনহােতে, একাধিক ঠাইত উফন্দি উঠা নৈ-উপনৈয়ে উটুৱাই নিছে দলং। যাৰ ফলত বিভিন্ন অঞ্চলৰ সৈতে জিলা সদৰ সমূহৰ যােগাযােগাে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ইপিনে, চলিত সপ্ততাহৰ মংগলবাৰে … Read more

বিৰল প্ৰজাতিৰ ৰেড্ পাণ্ডা উদ্ধাৰ দুই যুৱকৰ, পুনৰ বনাঞ্চলত মুকলি

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত পুনৰ দৃশ্যমান হ’ল দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰেড্ পাণ্ডা। ৰাজ্যখনৰ শি-য়মি জিলাৰ মেচুকা উপ-সংমণ্ডলৰ য়াৰগিয়াপ-চু নদীৰ নামনি অংশৰ পৰা দুজন যুৱকে উদ্ধাৰ কৰে এটা বিৰল ৰেড্ পাণ্ডা। উদ্ধাৰ কৰা সেই জন্তুবিধ শনিবাৰে পুৱা বন বিভাগ আৰু প্ৰশাসনে এখন বনাঞ্চলত মুকলি কৰি দিয়ে। খবৰ অনুসৰি, মেচুকা চহৰৰ টনি মচিং আৰু টাকাৰ কোটিন মচু নামৰ … Read more

জটিল অস্ত্ৰোপচাৰেৰে প্ৰসূতি সহ নৱজাতকৰ জীৱন ৰক্ষা কৰিলে সেনাৰ চিকিৎসকে

নিউজ ডেস্ক। সেনাৰ এক চিকিৎসকৰ দলৰ প্ৰশংসনীয় কাৰ্য। প্ৰসূতি আৰু নৱজাতকৰ জীৱন ৰক্ষাৰ বাবেই সম্পন্ন কৰিলে এক জটিল অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰ কৰা হয় অৰুণাচল প্ৰদেশৰ ডাহুংস্থিত সেনাৰ চিকিৎসালয়ত। বুধবাৰে সেনাৰ গজৰাজ শাখাই টুইটাৰ যোগে জানিবলৈ দিয়ে সেই কথা। টুইটাৰত তেওঁলোকে লিখে, “বৰ্তমান কভিড-১৯ ৰ প্ৰত্যাহ্বানৰ সময়ত অৰুণাচলৰ ডাহুংত সেনাৰ চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসূতি … Read more

জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত এগৰাকী আই এ এছ বিষয়া তথা ইষ্ট ছিয়াং জিলাৰ উপায়ুক্ত ড° কিন্নী সিঙৰ এক উল্লেখনীয় পদক্ষেপ। জিলাখনৰ বিভিন্ন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা জৰিমনাৰ ধনেৰে তেওঁ গঠন কৰিলে এক ‘কভিড কেয়াৰ বেংক’। যিটো বেংকৰ দ্বাৰা কভিড আক্ৰান্ত লোক সকলক চিকিৎসা সামগ্ৰী প্ৰদান কৰি কৰা হয় সহায়। এই সন্দৰ্ভত তেওঁ … Read more

গুৱাহাটী-কলকাতাৰ সৈতে বিমান সেৱাৰে সংযুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট

নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰৰ বিমান পৰিবহন মন্ত্ৰালয়ে ‘উড়ান’ আঁচনিৰ অধীনত ক্ষিপ্রতৰ কৰি তুলিছে দেশৰ বিমান পৰিবহন ব্যৱস্থা। সেই আঁচনি অনুসৰি দেশৰ পৰিত্যক্ত সকলোবোৰ বিমানবন্দৰ কাৰ্যক্ষম কৰি তোলা হৈছে। এইবাৰ সেই আঁচনিৰ অন্তৰ্ভুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰ। দেওবাৰে আঞ্চলিক বিমান সেৱা ‘ফ্লাইবিগে’ এখন বিমান অৱতৰণেৰে বিমানবন্দৰটোৰ পৰীক্ষণ সম্পন্ন কৰে। সেই পৰীক্ষণৰ পিছতেই সিদ্ধান্ত লোৱা হয় … Read more

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌত বিৰূপ প্ৰভাৱ পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশতাে। ক’ভিড -১৯ আক্ৰান্ত হৈ দেওবাৰে মৃত্যু হয় অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ডিবাং টাটাক। চিম্পুৰ এখন কভিড চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন মন্ত্ৰী গৰাকীৰ। তেওঁ ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৱা কিছুদিন ধৰি ভৰ্তি হৈ আছিল চিকিৎসালয়ত। টাটকে ৰামগং বিধানসভা সমষ্টিৰ পৰা দুবাৰৰ বাবে … Read more

পৃথিৱীৰ সৰ্বােচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰােহণ অৰুণাচল প্ৰদেশৰ যুৱতীৰ!

নিউজ ডেস্ক। বৰ্তমান কভিড মহামাৰীৰ সময়তে এক সুখবৰ উত্তৰ পূৱবাসীৰ বাবে। মহামাৰীৰ সময়তো বহুতো কভিড বিধি মানি পৃথিৱীৰ সৰ্ব্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে। যুৱতী গৰাকীৰ নাম টাচি য়ংজাম। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙৰ যুৱতী গৰাকীয়ে সফলতাৰে যোৱা ১১ মে’ৰ পুৱা ৬ বজাত খোজ দিয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগটোত। … Read more

সীমান্তৱৰ্তী আনিনীৰ সৈতে সংযোগ বিচ্ছিন্ন দেশৰ, ভাঙি পৰিল একমাত্ৰ ব্ৰেইলী দলং

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ ড্ৰী নদীৰ ওপৰত থকা ওলমা দলংখন হঠাতে ভাঙি পৰে মংগলবাৰে। এখন ডাম্পাৰ গাড়ী আহি থকা অৱস্থাতে ভাঙি পৰে দলংখন। যিখন দলং দেশৰ প্ৰতিৰক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত। এই দলংখনেৰে ভাৰত-চীন সীমান্তৰ দেশৰ শেষৰখন নগৰ আনিনীলৈ যোৱা হয়। ৰয়িং আৰু অনিনি সংযোগী ৩১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এই … Read more

ৰাজ্যৰ দুৰ্গম অঞ্চললৈ অতি কষ্টসাধ্য যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা ৰাজ্যপালৰ

নিউজ ডেস্ক। জনতাৰ প্ৰতি দৰদী আৰু জনসেৱাৰ মানসিকতাৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক প্ৰশংসাৰে ওপচাই পেলায় ৰাজ্যখনৰ ৰাজ্যপাল বি ডি মিশ্ৰই। অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ অতি ভিতৰুৱা অঞ্চল বিজয়নগৰলৈ মিয়াও নগৰৰ সৈতে স্থলপথেৰে সংযুক্ত কৰিবলৈ লোৱা মুখ্যমন্ত্ৰীৰ পদক্ষেপকাে তেওঁ ভূৰি ভূৰি প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী খাণ্ডুৱে ২০২২ বৰ্ষৰ মাৰ্চৰ ভিতৰত বিজয়নগৰক স্থলপথেৰে সংযুক্ত … Read more