চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…

নিউজ ডেস্কঃ এগৰাকী চিকিৎসকৰ চেম্বাৰলৈ চিকিৎসা কৰিবলৈ গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জীয়াৰী। কিন্তু অন্য সাধাৰণ ৰোগীৰ দৰেই মুখ্যমন্ত্ৰীৰ কন্যাকো কোৱা হ’ল এপইন্টমেণ্ট ল’বলৈ। তাতেই খৰ্গহস্ত হৈ চিকিৎসকৰ ওপৰতে জঁপিয়াই পৰিল মুখ্যমন্ত্ৰীৰ জীয়ৰী। এই চাঞ্চল্যকৰ কাণ্ড আন ক’ৰো নহয়, বৰং চুবুৰীয়া ৰাজ্য মিজোৰাম। এগৰাকী চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কন্যা মিলাৰী ছাংটেইৰ দুৰ্ব্যৱহাৰৰ সমগ্ৰ দৃশ্য বন্দী … Read more

ত্ৰিপুৰাত শ্বহীদ BSF জােৱানৰ পৰিয়াললৈ ১ কােটি টকাৰ ‘সন্মান নিধি’ প্ৰদানৰ ঘােষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

নিউজ ডেস্ক। যােৱা ১৯ আগষ্টত ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুদূৰ খাংলাং সীমান্ত চকীৰ সমীপত উগ্ৰবন্থীৰ আকস্মিক আক্ৰমণত শ্বহীদ হয় ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ হেড কনিষ্টবল গিৰিজেশ কুমাৰ উড্ডে। দেশমাতৃৰ সুৰক্ষাৰ বাবে চৰম ত্যাগ কৰা মধ্যপ্ৰদেশৰ মাণ্ডা জিলাৰ জাৰগাঁৱৰ বাসিন্দা গিৰিজেশ কুমাৰ উদেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মধ্য প্ৰদেশ চৰকাৰে। কাঞ্চনপুৰ মহকুমাৰ সীমা-দ্বিতীয় আউটপোষ্ট এলেকাত বিএছএফৰ এটা টহলদাৰী … Read more

ভাৰত-বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰে সংঘৰ্ষত শ্বহীদ বিএছএফ জােৱান

নিউজ ডেস্ক। পুনৰ দেশৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়ােজিত সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জােৱন শ্বহীদ হ’ল। এইবাৰ গাে মাফিয়া নহয়, উগ্ৰপন্থী সংগঠনৰ সৈতে হােৱা সংঘৰ্ষত প্ৰাণ ত্যাগ কৰিলে বিএছএফ জােৱানে। এইবাৰ ঘটনাৰ স্থান ত্ৰিপুৰা, মিজােৰমৰ সৈতে সংলগ্ন ভাৰত-বাংলাদেশ সীমান্ত। শ্বহীদ জােৱানজনৰ নাম গিৰজেশ কুমাৰ উদে বুলি জানিব পৰা গৈছে। এই জােৱানজন বিএছএফত হেড কনিষ্টবল আছিল। … Read more

ভাৰতীয় সেনাত যোগদান কৰি দেশ মাতৃৰ সেৱা কৰিব বিচাৰিছিল মাইনাই, সেই সপোন বাস্তৱায়িত নহ’লেও এতিয়া টেম্প’ চলাই এনেদৰে কৰিছে দেশৰ সেৱা….

নিউজ ডেস্কঃ স্বাধীনতাৰ প্ৰকৃত অৰ্থ লুকাই আছে মানৱতাত, দেশৰ সেৱাত। কাৰো অন্যায় চিন্তা নকৰাকৈ দেশৰ নাগৰিকৰ হকে ক্ষুদ্ৰতম সেৱা আগবঢ়োৱাৰ মানসিকতাই প্ৰকৃততে ৰচনা কৰে এখন স্বাধীন ভাৰতৰ প্ৰতিচ্ছবি। শেহতীয়াকৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত স্বাধীন ভাৰতৰ এনে এখন প্ৰতিচ্ছবিয়েই সমাজৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে। এগৰাকী সাধাৰণ টেম্প’ চালক হৈও ৭৫ সংখ্যক … Read more

প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ গৈ অৰুণাচলত মৃত্যু অসমৰ ৪ বন্ধুৰ, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ নৈসৰ্গিক প্ৰকৃতিৰ মাজত কিছু মুহূৰ্ত পাৰ কৰিবলৈ গৈ চিৰদিনৰ বাবেই হেৰাই থাকিল ৪ বন্ধু। অসমৰ ৪ ৰাইডাৰ বন্ধুৰ মৃতদেহ অৰুণাচল প্ৰদেশৰ ছেছা-ডিৰাং পথৰ পাহাৰৰ নামনিত উদ্ধাৰ হোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল। জানিব পৰা মতে, যোৱা ১৮ জুলাইত অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে গৈছিল অসমৰ ৪ ৰাইডাৰ বন্ধু। নগাঁও চহৰৰ লাওখোৱা … Read more

‘কাৰণ মোৰ চকু সৰু…’ নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে ক’লে চকু সৰু হােৱাৰ লাভ কি? সামাজিক মাধ্যমত হৈ পৰিল চৰ্চিত…

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে চৰ্চিত হৈ পৰিছে প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী। এই মন্ত্ৰীগৰাকী হৈছে নাগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা অলােং। দৰাচলতে মন্ত্ৰীগৰাকীয়ে এখন দলীয় সভাত ভাষণ প্ৰসংগত ‘সৰু চকু’ থকাৰ লাভালাভৰ বিষয়ে কৌতুক কৰে। ইনমাই কয় যে মানুহে প্ৰায়ে কয় যে উত্তৰ-পূবৰ লোকসকলৰ চকু সৰু। এই সন্দৰ্ভত … Read more

ৰােগাক্ৰান্ত পিতৃৰ অস্ত্ৰোপচাৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল, মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱান শংকৰে

নিউজ ডেস্কঃ নিজৰ ৰােগাক্ৰান্ত পিতৃৰ অস্ত্ৰােপচাৰৰ বাবে সােনকালে ঘৰলৈ উভতি অহা কথা আছিল ভাৰতীয় সেনাৰ জােৱান শংকৰৰ। কিন্তু এই প্ৰতিশ্ৰুতি পূৰণ কৰিব নােৱাৰিলে শংকৰ ছেত্ৰী নামৰ জােৱানজনে। কৰ্তব্যস্থলীৰ মণিপুৰৰ পৰা উত্তৰ বংগৰ মালবজাৰৰ নগৰকাতাৰ ঘৰলৈ আহিল সেনা জােৱানজনৰ মৃতদেহ। উল্লেখ্য যে মণিপুৰৰ নোনে জিলাৰ টুপুলত সংঘটিত প্ৰচণ্ড ভূমিস্খলনত শ্বহীদ হয় শংকৰ ছেত্ৰী নামৰ সেনা জােৱানজনাে। … Read more

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গভাইত গাড়ী চােৰ, জব্দ ১৫ খন চুৰি স্কুটী-বাইক…

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰত দিনকদিনে বৃদ্ধি পাইছে গাড়ী চুৰি চক্ৰৰ দৌৰাত্ম্য। গাড়ী চুৰি চক্ৰৰ লক্ষ্য দুচকীয়া বাহন, বিশেষকৈ নামী-দামী ব্ৰেণ্ডৰ স্কুটী। ৫੦ হাজাৰ টকাৰ কৰা ১ লাখ টকা পৰ্যন্ত মূল্যৰ এই স্কুটী চুৰি কৰি এই চক্ৰটােৱে গ্ৰাহকক বিক্ৰী কৰিছে ৫ হাজাৰ পৰা ১৫ হাজাৰ টকা মূল্যত। এই সন্দৰ্ভত ভুক্তভােগীৰ এজাহাৰৰ পিছতে … Read more

প্ৰতিযােগিতাত অংশ ল’বলৈ আহি নংপোত পথ দুর্ঘটনাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টি টি খেলুৱৈৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। সুদূৰ তামিলনাডুৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ টেবুল টেনিছ প্ৰতিযােগিতাত অংশ ল’বলৈ আহি কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিটি খেলুৱৈ দীনদয়ালন বিশ্বৰ। জানিব পৰা মতে, গুৱাহাটী বিমানবন্দৰৰ পৰা এখন চুইফ্ট ডিজায়াৰ টুৰিষ্ট টেক্সীত উঠি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ যাত্ৰা কৰাৰ পথতে নংপোত দুৰ্ঘটনাত পতিত হয় বাহনখন। শ্বিলঙত অনুষ্ঠিত ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টেবুল … Read more

মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত…

নিউজ ডেস্ক। অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ অভিযোগত দেওবাৰে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পী নীলিম মহন্তক মঙলবাৰে হাজিৰ কৰোৱা হয় ইটানগৰৰ এখন স্থানীয় আদালতত। ইফালে একে অভিযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মানৱাধিকাৰ কৰ্মী তথা অধিবক্তা ইবো মিলিকো মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয়। য’ত আদালতে দুয়োজনৰে জামিন মঞ্জুৰ কৰে। আদালতে … Read more