মূৰ্গী, ছাগলী মাংসৰ তুলনাত অধিক গো মাংস খাবলৈ পৰামৰ্শ মেঘালয়ৰ বিজেপি নেতা তথা মন্ত্ৰীৰ

নিউজ ডেস্ক। সাধাৰণতে বিজেপি শাসিত ৰাজ্যসমূহত চৰকাৰে গো মাংস ভক্ষণৰ বিৰোধিতা কৰি আহিছে। বহু ৰাজ্যত এই মাংসৰ ভক্ষণ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰযোজ্য কৰা হৈছে আইন। কিন্তু এইবাৰ সকলোকে আন মাংসতকৈ বেছিকৈ গো মাংস খাবলৈ আহ্বান জনালে এজন বিজেপি মন্ত্ৰীয়ে। তেওঁ হ’ল মেঘালয়ৰ বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চানবৰ শুল্লাই। তেওঁ ৰাজ্যৰ জনসাধাৰণক আন … Read more

মোৰ বাবে কৰা সকলো ত্যাগৰ বাবে আপোনালোকলৈ ধন্যবাদ এমা আৰু বাবা: মীৰাবাই চানু

নিউজ ডেস্ক। চলিত অলিম্পিক ২০২০ ত ভাৰোত্তোলক মীৰাবাই চানুৱে দেশক প্ৰদান কৰিলে প্ৰথমটো পদক। ভাৰোত্তোলৰ মহিলাৰ ৪৯ কিলো শাখাত তেওঁ লাভ কৰিছিল ৰূপৰ পদক। পদক লাভৰ পিছৰে পৰা সামাজিক মাধ্যমত তেওঁক লৈ বহুতে কৰিছে ভিন্ন প’ষ্ট। তেওঁ আপলোড কৰা বিভিন্ন প’ষ্ট ব্যৱহাৰকাৰী সকলে শ্বেয়াৰ কৰিছে। সেই সমূহৰ ভিতৰত তেওঁ আপলোড কৰা এখন ছবিয়ে ব্যৱহাৰকাৰী সকলৰ … Read more

অসম-মিজোৰাম সীমান্তৰ ঘটনাত মৰ্মাহত মেঘালয়ৰ ৰাজ্যপাল, দিলে এই পৰামৰ্শ

নিউজ ডেস্ক। অসম তথা মিজােৰাম মাজত সীমা সমস্যাক লৈ শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত উদ্বিগ্ন হৈ পৰিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক। এই প্ৰতিবেদকৰ সৈতে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং স্থিত ৰাজভৱনত হােৱা এক আছুতীয়া সাক্ষাৎকাৰত এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাজ্যপালগৰাকীয়ে। এই প্ৰতিবেদকৰ আগৰ মন্তব্য কৰি তেওঁ কয় যে দুই ৰাজ্য প্ৰশাসনৰ মাজত আলােচনাৰ জৰিয়তে এই সমস্যাৰ … Read more

বহু দিনৰ মূৰত সাক্ষাৎ, মাতৃক সাৱটি ধৰি উচুপি উঠিল মীৰাবাই চানু

নিউজ ডেস্ক। অলিম্পিকত প্ৰথম বাৰৰ বাবে বিজয়ী মুকুট পিন্ধা মীৰাবাই চানুৰ বাবে এয়া আছিল এক আৱেগিক মূহুৰ্ত। নিজ ঘৰলৈ উভতি আহি অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানু আৱেগিক হৈ পৰিল। মঙলবাৰে বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁ মাতৃক লগ পায় আৱেগিক হৈ পৰে। ২০১৬ ৰ ৰিঅ’ অলিম্পিক গেমছৰ পিছত কঠোৰ প্ৰশিক্ষণ পদ্ধতিৰ বাবে চানুৱে যোৱা পাঁচ … Read more

ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন ফৰ্ড ফিগ’ গাড়ী। এই দুৰ্ঘটনাত শিশু সহ তিনিজন লোক থিতাতে নিহত হয়। এই ঘটনা ২৫ জুলাইৰ নিশা সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামচাইত। নামচাই নগৰৰ পৰা ১৫ কিমি দূৰত্বৰ টেঙাপানী সংৰক্ষিত বনাঞ্চলৰ পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা অনুসৰি, ২৬ জুলাইৰ পুৱা … Read more

অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে মীৰাবাই চানুক নিযুক্তি মণিপুৰ চৰকাৰৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ‍ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিছিল মীৰাবাই চানুৱে। দেশ তথা মণিপুৰলৈ এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে মীৰাবাই চানুক মণিপুৰ চৰকাৰে প্ৰদান কৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক পদ। এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক ইতিমধ্যে চৰকাৰে ঘোষণা কৰা ১ কোটি টকা প্ৰদানেৰে পুৰস্কৃত … Read more

ক’ভিড-১৯ত প্ৰাণ গ’ল জ্যেষ্ঠ চিকিৎসক তথা অন্তঃসত্বা স্বাস্থ্য কৰ্মীৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে জটিল ৰূপ ধাৰণ কৰিছে অসমকে ধৰি উত্তৰ পূবৰ অধিকাংশ ৰাজ্যতে। নিতৌ জনসাধাৰণৰ মৃত্যুৰ ঘটনা অব্যাহত থকাৰ লগতে মৃত্যু হৈছে প্ৰথম শাৰীৰ ক’ভিড যােদ্ধা হিচাপে পৰিচিত বহু চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ। ইয়াৰ মাজতে জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য কৰ্মীসকলে কৰিব লগীয়া হৈছে অশেষ কষ্ট। ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে নদী, পাহাৰ … Read more

এটা প্ৰকাণ্ড শিলাখণ্ড হাতেৰে দাঙি নিছে NDRF জোৱানে, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দুৰ্যোগ আৰু জৰুৰী সেৱাৰ বাবে সদায় আগত থাকে ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী (NDRF)। সংকট অৱস্থাত বা বিপদ সংকুল অৱস্থাতো প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা হোৱা জনতাক উদ্ধাৰ কৰেগৈ তেওঁলোকে। মূলতঃ যিকোনো উদ্ধাৰ অভিযানত জনসাধাৰণৰ প্ৰধান সাৰথি ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী। এই ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনীৰ উদ্ধাৰকাৰী দলৰ এক দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক … Read more

ভেকচিনৰ হােম ডেলিভাৰী! টিকাকৰণৰ বাবে সুউচ্চ পাহাৰ আৰোহণ উপায়ুক্ত- চিকিৎসা কৰ্মীৰ

নিউজ ডেস্ক। যি সময়ত অসমত চৰকাৰে সুৰাৰ হােম ডেলিভাৰী কৰাৰ বাবে উঠি-পৰি লাগিছে, তেনে সময়তে অসমৰ প্ৰতিবেশী ৰাজ্যত ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ হােম ডেলিভাৰীৰ বাবে মনে-প্ৰাণে নামি পৰিছে চৰকাৰ-প্ৰশাসন যন্ত্ৰ। জনসাধাৰণক কোৰোনাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে চৰকাৰে লৈছে ঘৰ-ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী। সেই অনুসৰি চহৰ, নগৰ আৰু গাঁও সকলোৰে জনতাক প্ৰদান কৰা হৈছে প্ৰতিষেধক। … Read more

NDA ৰ পৰীক্ষাত উজলিল অসম-মণিপুৰৰ দুই কৃতী ছাত্ৰ, প্ৰথম প্ৰয়াসতে সুখ্যাতিৰে উত্তীৰ্ণ

নিউজ ডেস্ক। এক সুখবৰ। নেশ্যনেল ডিফেন্স একাডেমী (NDA) ৰ পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ’ল অসম আৰু মণিপুৰৰ দুই সন্তান। দুই সন্তান ক্ৰমে অসমৰ বোকাখাতৰ অমন নিবাস ঘোষ আৰু মণিপুৰৰ নমোইজাম নাওবা মিতে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত দুয়োৱে সুখ্যাতিৰে উত্তীৰ্ণ হয়। জানিব পৰা মতে, বোকাখাতৰ ডিফলু পথাৰ নিবাসী সুনীল কুমাৰ ঘোষ আৰু জয়া ঘোষৰ … Read more