মাজ আকাশত বিমানৰ পাইলটৰ হাৰ্ট এটেক, জৰুৰী অৱতৰণ

নিউজ ডেস্ক। মাজ আকাশত হ’ল বিজুতি। পিছে বিমানৰ হোৱা নাই কোনো বিজুতি। বিমানৰ পাইলটহে হৈ পৰিল অসুস্থ। প্ৰায় ৩৭ হাজাৰ ফুট উচ্চতাত বিমানখন উৰি থকাৰ সময়ত হঠাতে বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিলে বাংলাদেশৰ এখন বিমানৰ এজন পাইলটে। বিমানখন ওমানৰ ৰাজধানী মাস্কাতৰ পৰা ঢাকা অভিমুখে যাত্ৰা কৰিছিল। অৱশেষত নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় বিমানখন। … Read more

পোহনীয়া কুকুৰৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৱম মহলাৰ পৰা তললৈ পৰিল সপ্তম শ্ৰেণীৰ ছাত্ৰী…

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ মৰমৰ পোহনীয়া কুকুৰক বচাবলৈ গৈ নৱম মহলাৰ পৰা তললৈ পৰি মৃত্যু হ’ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। এই ঘটনা বুধবাৰে সংঘটিত হয় দিল্লীৰ কবি নগৰৰ গড হোম চছাইটিত। মৃত ছাত্ৰী গৰাকী গোবিন্দপুৰমৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী আছিল। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা বুলি জানিব পৰা যায়। খবৰ অনুসৰি ছোৱালীজনীয়ে দুৰ্ঘটনাটোৰ সময়ত … Read more

দিল্লী চৰকাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি চনু সুদক!

নিউজ ডেস্ক। পাঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে বৃহৎ চমক প্ৰদান দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ। দিল্লী চৰকাৰৰ এটা নতুন আঁচনি ‘দেশ কা মেন্টৰ’ ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত হ’ল অভিনেতা চনু সুদ। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে চনু সুদৰ সাক্ষাতৰ পিছত শুকুৰবাৰে দিল্লী চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়। মূলতঃ দিল্লী চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান … Read more

চলন্ত ৰে’লৰ সন্মুখত আহিল এজাক বনৰীয়া হাতী, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। ৰেলপথত জংঘলৰ পৰা ওলাই আহিছে হাতীৰ জাক। আনহাতে, সেই সময়ত গৈ আছে ইণ্টাৰচিটি এক্সপ্ৰেছ। হাতীৰ জাকটোত আছে প্ৰায় ১০/১২ টা হাতী। সেই দৃশ্য দেখি ৰেলখনৰ দুই চালকে ললে তাৎক্ষণিক পদক্ষেপ। মাৰিলে জৰুৰী ব্ৰেক। যাৰ ফলত কিছু দূৰত ৰৈ গল ৰেলখন আৰু ৰক্ষা পৰে হাতীকেইটাৰ জীৱন। হাতীৰ জাকটো পাৰ হৈ যোৱাৰ পিছত চালকে পুনৰ … Read more

শিশুৰ সমৰ কলা কালাৰিপায়াট্টু অনুশীলনৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

নিউজ ডেস্ক। উদ্যোগপতি আনন্দ মহিন্দ্ৰাই দক্ষিণ ভাৰতৰ এক আত্মৰক্ষা মূলক কাৰ্যকলাপ কালাৰিপায়াট্টু অনুশীলন কৰা এজন লৰাৰ ভিডিঅ’ৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়। যাৰ বাবে তেওঁ সেই ক্লিপটো টুইটাৰত শ্বেয়াৰ কৰে। উদ্যোগপতিজনে কেপচনত লিখে, “সতৰ্কবাণী: এই যুৱতীগৰাকীৰ পথত নাযাব!” অৱশ্যে, তেওঁৰ প’ষ্টৰ কেপচনত মহিন্দ্ৰাই এটা ভুল কৰিছিল কিয়নো তেওঁ শিশুটিক ভুলকৈ চিনাক্ত কৰিছিল। তেওঁ ভাবিছিল যে ভিডিঅ’টোত … Read more

কণমানি ৰিয়ানৰ প্ৰথমটো জন্মদিনৰ বাবে ঘৰত চলিছিল প্ৰস্তুতি, ঘটিল শােকাৱহ ঘটনা…

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। আনন্দৰ মূহুৰ্ত হৈ পৰিল বিষাদৰ মূহুৰ্ত। জন্মৰ পিছৰ প্ৰথমটো জন্মদিনৰ দিনাই খেলি থাকোতে ১২ নম্বৰ মহলাৰ পৰা পৰি মৃত্যু শিশুৰ। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ কাচা গ্ৰীণছ ফৰেষ্ট হাউচিং ছছাইটিত। মৃত শিশুটিক ৰিয়ান কাসাৰা বুলি জানিব পৰা যায়। জানিব পৰা মতে, সোমবাৰে শিশুটিৰ আছিল প্ৰথমটো জন্মদিন। পৰিয়ালৰ … Read more

পুৰােহিত ভাৰতত, আমেৰিকাত থকা দৰা-কইনাৰ অনলাইনত সম্পন্ন হ’ল বিয়া!

নিউজ ডেস্ক। বৰ্তমান সময়ত অনলাইন তথা ভাৰ্চুৱেল পদ্ধতিৰে নহয় কি? শিক্ষা, কৰ্মচাৰীৰ কাম, বিভিন্ন সভা আদি সকলো কাৰ্যই সম্পন্ন হয় ভাৰ্চুৱেল পদ্ধতিৰে। যিটোৰ দ্বাৰা খৰচ কম হোৱাৰ লগতে ঘৰ অথবা যিকোনো ঠাইৰ পৰা সকলোৱে অংশ লব পাৰে। কিন্তু এইবাৰ এটা আগতে কতো নুশুনা খবৰ শুনিবলৈ পোৱা গৈছে। সেইয়া হ’ল এইবাৰ ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন হল বিবাহ। … Read more

ছুটি লৈ ঘৰলৈ অহা সেনা জােৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন ভাৰতীয় সেনাৰ জোৱানে। এই দুৰ্ঘটনা মংগলবাৰে সংঘটিত হয় উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম নগৰীত। নিহত সেনা জোৱান জনক বস্তি জিলাৰ চাৱনি পছবছৰ বিবেক সিং বুলি জানিব পৰা যায়। এজন স্থানীয় লোকে জনোৱা অনুসৰি, সেনা জোৱানজনে এগৰাকী মহিলা সহ এখন মটৰ চাইকেলত আহি আছিল। তুলসী উদ্যান পোৱাৰ … Read more

অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই…

নিউজ ডেস্ক। মৰ্মান্তিক! অৱশেষত মৃত্যুৰে যুঁজি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই। এক ভয়ংকৰ আক্রমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত সংকটজনক অৱস্থাত জীৱন–মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ স্নাতক বর্ষৰ ছাত্রী তথা ঢকুৱাখনা নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়াই। উল্লেখ্য যে মৰিধল মহাবিদ্যালয়ৰ লাইব্রেৰী বীয়েৰাৰ ৰিণ্টু শর্মাৰ উপর্যুপৰি দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল নন্দিতা শইকীয়াৰ লগতে … Read more

ভাতৃক লিভাৰ ‘উপহাৰ’ দি নতুন জীৱন প্ৰদান কৰিলে দুই ভগ্নীয়ে!

নিউজ ডেস্ক। হিন্দু ধৰ্মত ভাতৃ-ভগ্নীৰ বান্ধোনৰ প্ৰেমৰ প্ৰতীক উৎসৱ হৈছে ৰাখী বন্ধন। দেওবাৰে দেশজুৰি উদযাপন কৰা হয় এই উৎসৱটি। এইবাৰৰ ৰাখী বন্ধনৰ দিনা এনে এটা খবৰ পোহৰলৈ আহিছে যি ভাতৃ-ভগ্নীৰ এই বান্ধোনক অধিক শক্তিশালী কৰি তুলিছে। য’ত উত্তৰ প্ৰদেশৰ বদাউনৰ বাসিন্দা ১৪ বছৰীয়া কিশোৰ অক্ষতক তেওঁৰ দুই জ্যেষ্ঠ ভগ্নীয়ে অংগ দান কৰি এক অনন্য উপহাৰ … Read more