শােকাৱহ! পথাৰৰ মাজত খন্দা গাঁতত যুৱতীৰ সলিল সমাধি

নিউজ ডেস্ক। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ বৰিহাট অঞ্চলৰ কাশী গংগা (কাঁহি গংগা) পথাৰত কােনাে লােকে খন্দা দ গাঁতত পৰিল এজনী যুৱতীৰ সলিল সমাধি ঘটে। বিৱৰণী মতে, শিকাৰহাটী নিৱাসী শিল্পী ৰত্নেশ্বৰ দাস আৰু ৰঞ্জিতা দাসৰ কনিষ্ঠা কন্যা জুৰি দাসে (২৫) সােমবাৰে পুৱা মাকৰ সৈতে পথাৰৰ ভূঁই ৰুবলৈ গৈছিল। ঘটনাক্ৰমে পুখুৰীৰ … Read more

সাগৰত জ্বালামুখীৰ প্ৰচণ্ড উদগীৰণ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। মাজ সাগৰত প্ৰচণ্ড বিস্ফােৰণৰ শব্দ কৰি আগ্নেগিৰিৰ উদগীৰণ। দূৰ-দূৰণিলৈ বিয়পিল এই উদগীৰণৰ ফলত সৃষ্টি হােৱা পােহৰ আৰু ধ্বনি। আজাৰবাইজানৰ উপকূলৰ সমীপৱৰ্তী এটা তেল খাদৰ ওচৰত সংঘটিত হ’ল এই ঘটনা। ঘটনাটো দেওবাৰে স্থানীয় সময় অনুসৰি নিশা ৯:৩০ বজাত সংঘটিত হৈছিল। যেতিয়া আজাৰবাইজানৰ ৰাজধানী বাকুৰ দক্ষিণে কাস্পিয়ান সাগৰত এক বৃহৎ বিস্ফোৰণ আৰু জুই লগাৰ দৃশ্য … Read more

শােকাৱহ পথ দুৰ্ঘটনাত মেধাৱী ছাত্ৰী তৃষ্ণাশ্ৰী শইকীয়াৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত কৰুণ মৃত্যু এগৰাকী মেধাৱী ছাত্ৰীৰ। ঘটনাৰ স্থান উত্তৰ লখিমপুৰৰ সমীপৱৰ্তী লালুক অঞ্চল। নিহত ছাত্ৰীগৰাকীৰ নাম তৃষ্ণাশ্ৰী শইকীয়া। জানিব পৰা মতে, লালুকৰ সমীপৱৰ্তী লোকামপুৰ গাঁৱৰ মতিলাল শইকীয়াৰ কন্যা তৃষ্ণাশ্ৰী শইকীয়া যোৱা ২ জুলাইত সন্ধিয়া উত্তৰ লখিমপুৰ চহৰৰ পৰা মটৰচাইকেলেৰে ঘৰলৈ যাত্ৰা কৰিছিল। তেনে অৱস্থাত নিজ বাসগৃহৰ … Read more

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জােৱান-বনকৰ্মীক গঁড়ৰ খৰ্গসহ আটক

নিউজ ডেস্ক। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ৰক্ষকেই অৱতীৰ্ণ হ’ল ভক্ষকৰ ৰূপত। গঁড়ৰ খৰ্গৰ টুকুৰাসহ উদ্যান কৰ্তৃপক্ষই আটক কৰিলে এজন গৃহৰক্ষী জােৱান আৰু বনকৰ্মীক। গােপন তথ্যৰ ভিত্তিত, উদ্যান কৰ্তৃপক্ষই বাগৰি বনাঞ্চলত শনিবাৰে অভিযান চলাই আটক কৰে বনকৰ্মী ছােনিয়া ওৰাং আৰু গৃহৰক্ষী জােৱান দ্বীপেন নাথক। জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত … Read more

আচৰিত! ‘মৃত’ ব্যক্তি জীৱিত হৈ পুনৰ বিবাহপাশত আবদ্ধ হ’ব পত্নীৰ সৈতে!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। একে গৰাকী পত্নীক পুনৰ বিবাহ কৰাব বিচাৰিছে এজন ৫৬ বছৰীয়া লোকে। বৰ্তমান নিজৰ ঘৰতে পত্নী হৈ থকা সত্ত্বেও স্বামীয়ে বিচাৰিছে তেওঁক পুনৰ বিবাহ কৰোৱাৰ। এই ঘটনা উত্তৰ প্ৰদেশৰ। সেই লোকজনৰ নাম লাল বিহাৰী। যিটো বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। অৱশ্যে তেওঁ পুনৰ বিবাহ কৰাব বিচৰাৰ কাৰণটো অলপ সুকীয়া। কাৰণ তেওঁক … Read more

আৰক্ষীৰ জােৱানৰ সততাৰ বাবে এক লাখ টকাসহ মহিলাই পুনৰ ঘূৰাই পালে হেৰুওৱা বেগ

নিউজ ডেস্ক। কৰ্তব্যৰত আৰক্ষী জােৱান সকলে সততাৰ পৰিচয় দি লাভ কৰিছে বিশেষ চৰ্চা। সততাৰ এই নিদৰ্শন দাঙি ধৰিলে গুজৰাটৰ চুৰাট আৰক্ষীৰ যান-বাহন শাখাত কৰ্মৰত জােৱানসকলে। জানিব পৰা মতে, ট্ৰেফিক আৰক্ষীৰ জোৱানসকলৰ কৰ্তব্যৰত অৱস্থাত ৰাজপথত পৰি থকা এটা পৰিত্যক্ত বস্তুৰ ওপৰত চকু পৰে। জােৱানসকলে বস্তুত উঠাই সেইটাে মহিলাৰ পাৰ্ছ বুলি নিশ্চিত হয়। পাৰ্ছটােত আছিল নগদ ১ … Read more

‘৫ কিলাে’ উৎকােচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ ED ৰ দুই বিষয়াক

নিউজ ডেস্ক। কিছুদিন পূৰ্বে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি তদন্তৰ সন্মুখীন হৈছিল অসম আৰক্ষীৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। এক কিলাে অৰ্থাৎ ১ লাখ টকা। অনুৰূপ ধৰণে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি গুজৰাটত গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ দুজন তদন্তকাৰী বিষয়া। তদন্তত ৰেহাই দিয়াৰ নামত প্ৰথম পৰ্যায়ত ‘৫ কিলাে’ উৎকোচ লৈ চিবিআইৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ … Read more

পানীত জুই! সাগৰ পৃষ্ঠৰ ভয়াৱহ জুইৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল

নিউজ ডেস্ক। এক অবিশ্বাস্য লগা যেন ঘটনা। সাগৰ পৃষ্ঠৰ ভয়াৱহ জুই। সেই দৃশ্য ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে। অৱশ্যে সম্প্ৰতি সেই জুই নিৰ্বাপিত হৈছে। শুকুৰবাৰে পুৱতি নিশা মেক্সিকোৰ য়ুকাটান উপদ্বীপৰ পশ্চিমে সাগৰ পৃষ্ঠত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। এই কথা জানিবলৈ দিয়ে ৰাজ্যিক তেল কোম্পানী পেমেক্সে। পানীৰ তলৰ পাইপলাইনৰ পৰা গেছ লিক হোৱাৰ বাবে অগ্নিৰ সূত্ৰপাত … Read more

দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদৰ ঘােষণা আমিৰ খানৰ

নিউজ ডেস্ক। ইতি পৰিল ১৫ বছৰীয়া সম্পৰ্কৰ। বিবাহ বিচ্ছেদ ঘোষণা কৰিলে বলিউড অভিনেতা আমিৰ খান আৰু চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওৱে। এক বিবৃতি যোগে এই কথা ঘোষণা কৰে দুয়োৱে। বিবৃতিত আমিৰ-কিৰণে লিখে, “বিগত ১৫ বছৰৰ আমাৰ বহু অভিজ্ঞতা হৈছে। আমাৰ সম্পৰ্কৰ মূল আছিল বিশ্বাস, শ্ৰদ্ধা আৰু অনুৰাগ। এইবাৰ আমাৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হব, কিন্তু … Read more

পানীৰ পৰা উঠি নগৰ ফুৰিবলৈ আহিল ঘঁৰিয়াল! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে পানী অথবা নৈ কাষত দেখা পোৱা যায় ঘঁৰিয়াল। কিন্তু এইবাৰ এটা ঘঁৰিয়ালক দেখা পোৱা গ’ল এক আৱাসিক এলেকাত। বৃহস্পতিবাৰে পুৱা এটা ঘঁৰিয়ালক খোজকাঢ়ি যোৱা দৃশ্য দেখা পোৱা গ’ল কৰ্ণাটকৰ উত্তৰা কানাড়া জিলাৰ কোগিলাবান্না গাঁৱৰ পথত। পুৱা সেই দৃশ্য দেখি আচৰিত হৈ পৰে স্থানীয় লোকসকল। বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। … Read more