বিহাৰৰ পৰা অসমলৈ সৰবৰাহৰ সময়তে জব্দ ৯৩ লাখ টকা! গাড়ীৰ স্পেয়াৰ চকাত লুকুৱাই কৰিছিল সৰবৰাহৰ চেষ্টা…

নিউজ ডেস্কঃ বিহাৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়তে পশিমবংগ আৰক্ষীৰ জালত পৰিল ৫ সৰবৰাহকাৰীসহ প্ৰায় ৯৩ লাখ টকা নগদ ধন। সোমবাৰে পশ্চিমবংগৰ জলপাইগুৰিত আৰক্ষীয়ে অভিযান চলাই এখন স্কৰপিঅ’ বাহনৰ স্পেয়াৰ চকাত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ধনখিনি জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিমবংগ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিহাৰৰ পঞ্জীয়ন নম্বৰৰ ক’লা ৰঙৰ স্কৰপিঅ’ বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত … Read more

চাঞ্চল্যকৰ! আলফালৈ যাম বুলি এসপ্তাহে সন্ধানহীন অৰ্পিতা গগৈ, হাহাকাৰ লাগিছে পৰিয়ালত…

নিউজ ডেস্কঃ আলফালৈ যাম বুলি এসপ্তাহে চৰাইদেউৰ এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, যোৱা ২৮ নৱেম্বৰৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল চৰাইদেউজিলাৰ মাহমৰাৰ কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ কলেজীয়া ছাত্ৰীগৰাকীয়ে। পিছত মাতৃৰ সৈতে হোৱা হোৱাটছএপৰ কথা বতৰাত আলফালৈ যাম বুলি গৈছিল অৰ্পিতাই। তাৰ পিছৰে পৰা ছাত্ৰীগৰাকী সন্ধানহীন … Read more

এজন যুৱকৰেই প্ৰেমত পৰিল দুই যমজ ভগ্নী! একেদিনাই বহিল বিয়াৰ মণ্ডপত…

নিউজ ডেস্কঃ এহাল যমজ ভগ্নী। নাম- ৰিংকী আৰু পিংকী। একে ৰং, একে ফুল, একে খাদ্য দুয়োজনেই ভাল পায়। মুঠতে দুয়োৰে অধিকাংশ পচন্দই একে। গোটেই জীৱন কটাবলৈ একেজন পুৰুষকেই পচন্দও কৰিলে ৰিংকী-পিংকীয়ে। একেজন যুৱকৰ সৈতে প্ৰথমে একেলগে প্ৰেমত পৰি অৱশেষত বিয়াৰ মণ্ডপত বহিল দুই যমজ ভগ্নী। এনে এখন চৰ্চিত বিয়া সম্পন্ন হৈ গ’ল মহাৰাষ্ট্ৰৰ চোলাপুৰত। সামাজিক … Read more

৪ দিন ধৰি সন্ধানহীন ব্যক্তিৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী! কিন্তু কুঁৱাৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিলে পত্নীয়ে…

নিউজ ডেস্কঃ ৪ দিন ধৰি সন্ধানহীন হৈ থকা এজন ব্যক্তিৰ সন্ধান ওলাল কুঁৱাৰ ভিতৰত। ব্যক্তিজনৰ সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ হোৱাৰ সময়তে কুঁৱাৰ ভিতৰৰ পৰা তেওঁক জীৱিত অৱস্থাত বিচাৰি উলিয়ালে পত্নীয়ে। যাৰ বাবে এতিয়া সাৱিত্ৰী-সত্যৱানৰ কাহিনী মনত পেলাই মানুহে প্ৰশংসাৰে উপচাই পেলাইছে ব্যক্তিজনৰ পত্নীক। এনে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত। জানিব পৰা মতে, … Read more

ক্ৰমাৎ সুস্থ হৈছে আনন্দ! লাহে লাহে উঠিছে, বহিছে, খোজো কাঢ়িছে…

নিউজ ডেস্কঃ লাহে লাহে সুস্থ হৈছে আনন্দ শৰ্মা। দীৰ্ঘদিন ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দই এতিয়া লাহে লাহে উঠিছে, বহিছে, আনৰ সহায় লৈ খোজ কাঢ়িছে। দৃঢ় মনৰ আনন্দৰ মানসিক শক্তি দেখি স্তম্ভিত হৈ পৰিছে চিকিৎসকসকলো। উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেংগি কাণ্ডৰ ভুক্তভোগী আছিল আনন্দ শৰ্মা। একাংশ জ্যেষ্ঠ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ … Read more

মৰ্মান্তিক! দৰাৰ ডিঙিত বৰমালা পিন্ধায়েই ৰভাথলীত হঠাৎ ঢলি পৰিল কইনা শিৱাংগী, হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু

নিউজ ডেস্কঃ কিমান মৰ্মান্তিক হ’ব পাৰে সেই দৃশ্য, য’ত জীৱনৰ আটাইতকৈ বিশেষ দিনটোতে নামি আহে শোকৰ বন্যা! শেহতীয়ালৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন বিবাহথলীতো হঠাৎ দুখৰ উজান উঠিল। আনন্দত আত্মহাৰা মনবোৰ হঠাৎ হৈ পৰিল শোকাকুল। বিয়াৰ মঞ্চত দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী কইনাই। আকস্মিকভাৱে ঘটা এই ঘটনাই এতিয়া শোকস্তব্ধ কৰিছে … Read more

ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল একমাত্ৰ পুত্ৰক! তাৰ পিছতে পুনৰ দুটি যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল এহাল বৃদ্ধ দম্পতী…

নিউজ ডেস্কঃ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত উকা হৈ পৰা জীৱনটো পুনৰ ভৰি পৰিল এহাল বৃদ্ধ দম্পতীৰ। পুত্ৰ শোকত ব্যথিত মনে যেন আকৌ পালে জীয়াই থকাৰ লক্ষ্য। এইবাৰ একেলগে দুটি সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে বৃদ্ধ দম্পতীহালে। পুনৰ শিশুৰ কলৰৱেৰে ভৰি পৰা ঘৰখনত খোজ দি আনন্দত আত্মহাৰা হৈ পৰিছে দম্পতীহাল। উল্লেখ্য যে, ২০১৯ চনৰ জুলাই … Read more

মৰ্মান্তিক! আত্মীয় বিয়াৰ পৰা উভতি অহাৰ পথতে চলন্ত ৰে’লত লোহাৰ ৰ’ডে ডিঙি ভেদ কৰিলে হৰিকেশৰ, মৃত্যু

নিউজ ডেস্কঃ ভগ্নীৰ ননদৰ বিবাহ অনুষ্ঠানত ভাগ লৈ ৰে’লেৰে গৃহাভিমুখে ওভতাৰ পথতে কোনেও কল্পনা নকৰাকৈ মৃত্যুক সাৱটি ললে এজন ব্যক্তিয়ে। ৰে’লত খিৰিকিৰ কাষৰ চিটত বহি একান্তমনে আহি থকাৰ সময়তে হঠাৎ খিৰিকি ভাঙি প্ৰৱেশ কৰা এডাল লোহাৰ ৰডে ডিঙি ভেদি যায় উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ গোপীনাথপুৰৰ নিৱাসী হৰিকেশৰ। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় যুৱকজনে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ … Read more

শোকবহ! বিদ্যালয়লৈ যোৱাৰ পথত অঘটন, চলন্ত বাছৰ পৰা পিচলি অকাল মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ…

নিউজ ডেস্কঃ তেজপুৰৰ বিন্দুগুড়িত বিদ্যালয়লৈ যোৱাৰ পথতে চলন্ত বাছৰ পৰা পৰি এগৰাকী ছাত্ৰৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। শনিবাৰে পুৱা বিন্দুগুড়িৰ গৰৈমাৰী দুৰং গেটৰ সমীপত সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, বিন্দুগুড়ি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ জয়দ্বীপ চৌৰাও শনিবাৰে পুৱা ৰঙাপাৰাৰ পৰা তেজপুৰ অভিমুখী এএছ ১২ই ০১৯৪ নম্বৰৰ বাছত উঠি … Read more

হৰ্ণবিল ফেষ্টিভেলত গীটাৰত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ঝংকাৰ মহিলা গীটাৰিষ্ট ইমনাইনলাৰ, মুগ্ধ নেট দুনীয়া…

নিউজ ডেস্কঃ ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা হৰ্ণবিল ফেষ্টিভেলৰ উদ্বোধনীৰ দিনটোতে চৰ্চাত ৰাজ্যখনৰ এগৰাকী মহিলা গীটাৰিষ্ট। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ইলেক্ট্ৰিক গীটাৰত আঙুলিৰ যাদু দেখুৱাই লাখ লাখ দৰ্শকক মুগ্ধ কৰিলে গীটাৰিষ্ট ইমনাইনলা জমিৰে। উত্তৰ পূবৰ ৰাজ্যখনৰ এই মহোৎসৱতে কেইবাগৰাকী অতিথি আৰু অলেখ দৰ্শকৰ উপস্থিতিত ইলেক্ট্ৰিক গীটাৰত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ ঝংকাৰ তোলে গীটাৰিষ্ট … Read more