চুটি ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত শােকাৱহ ঘটনা, দুজন যুৱকৰ হৃদৰ পানীত ডুবি মৃত্যু

নিউজ ডেস্ক। চেল্ফী উঠিবলৈ গৈ বৰ্তমানলৈকে নিজৰ জীৱন শেষ কৰিছে বহুতে। কিন্তু এইবাৰ প্ৰকৃতিৰ দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিবলৈ গৈ মৃত্যু হ’ল দুজন যুৱকৰ। এই ঘটনাটো সোমবাৰে সংঘটিত হৈছে চেন্নাইৰ তিৰোচুলামৰ কাল্লো-কুটাই হ্ৰদত। ঘটনা অনুসৰি, ভিজুৱেল কমিউনিকেশ্বনৰ শিক্ষা সাং কৰি চাৰি যুৱকে নিয়মীয়াকৈ নিৰ্মাণ কৰিবলৈ লৈছিল চুটি ছবি, ফটো শ্বুট আৰু ভিডিঅ’। সোমবাৰেও যুৱক কেইজন … Read more

৭ ঘণ্টা বাথৰূমত একেলগে থাকিল বাঘ আৰু কুকুৰ! শ্বাসৰুদ্ধকৰ অভিযানত উদ্ধাৰ কৰিলে বন বিভাগে

নিউজ ডেস্ক। এই পৃথিৱীত কি কি যে কাণ্ড নহয়! তাৰে কিছুমানৰ ৰহস্য বুজা যায় আৰু কিছুমানৰ নুবুজাকৈয়ে থাকি যায়। জীৱ জগতত চলে নানা কিছু কাণ্ড। সেই অনুসৰি বন্য জীৱ জন্তুৰ জীৱনো অতি ৰোমাঞ্চকৰ ঘটনাৰে ভৰা। নিতৌ খাদ্যৰ বাবে সংঘাত থাকেই। তাৰ লগে লগেই খাদ্যৰ সন্ধান। জংঘলৰ পৰা বন্যজন্তু যদি কেনেবাকৈ খাদ্য সন্ধানত বাহিৰলৈ ওলাই আহে, … Read more

ঘণ্টাৰ পাছত ঘণ্টা ধৰি অনলাইন গেমত ব্যস্ত আছিল কিশোৰ, হঠাতে অচেতন হৈ ঘটিল মৃত্যু

নিউজ ডেস্ক। বৰ্তমান যুৱ সমাজৰ জীৱন বন্দী হৈছে মোবাইল ফোন বা কম্পিউটাৰত। প্ৰযুক্তিৰ বিকাশে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মানৱ জীৱনত। অনলাইন গেমৰ নিচাত মত্ত নৱ প্ৰজন্মই নিজৰ জীৱনলৈ মাতি আনিছে বিপদ। এইবাৰ এনে এক মৰ্মান্তিক ঘটনাই সংঘটিত হৈছে পণ্ডিচেৰীত। এজন ১৬ বছৰীয়া কিশোৰে অনলাইন গেমত ঘণ্টাৰ পিছত ঘণ্টা ব্যস্ত থাকি মস্তিষ্কত আঘাত পায় আঁকোৱালি লৈছে মৃত্যুক। … Read more

পুৰুষ আৰু মহিলাৰ বিয়াৰ আইনী বয়স ২১ বছৰ কৰাৰ দাবী! উচ্চতম ন্যায়ালয়ত অচিৰেই শুনানি

নিউজ ডেস্ক। পুৰুষ আৰু মহিলাৰ বিবাহৰ সঠিক বয়সক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। এই আবেদনখন শুনানিৰ বাবে সম্প্ৰতি উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে এই আৱেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে। আবেদনখন বিজেপি নেতা আৰু জ্যেষ্ঠ অধিবক্তা অশ্বনী উপাধ্যায়ে দাখিল কৰিছে। উল্লেখ্য যে বৰ্তমান সময়ত ভাৰতত বিবাহৰ আইনগত নূন্যতম বয়স পুৰুষৰ … Read more

যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ ৪ টা চােৰাং গৰু!

নিউজ ডেস্ক। বাংলাদেশলৈ চােৰাং গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে একাংশ সৰবৰাহকাৰীয়ে। এইবাৰ যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ হ’ল ৪ টাকৈ চােৰাং গৰু। ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় AS-19B-8892 নম্বৰৰ বলেৰ’ গাড়ীখন। এই গাড়ীখনত পাছফালে আবদ্ধ কৰি ৰখা চাৰিটা গৰু জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে বাহনখনক খেদি খেদি ৰামৰাইকুঠীত জব্দ কৰিবলৈ … Read more

চৰকাৰ বিৰােধী ধৰ্ণা-প্ৰতিবাদত অংশ ল’লে নাপাব চৰকাৰী চাকৰি!

নিউজ ডেস্ক। প্ৰতিবাদ ৰোধৰ বাবে বিহাৰ চৰকাৰৰ এক বিতৰ্কিত পদক্ষেপ। যিসকল লোকে প্ৰতিবাদ কৰিব তেওঁলোকে লাভ নকৰিব চৰকাৰী সুবিধা। অৰ্থাৎ পথ অৱৰোধ, চৰকাৰক সমালোচনা কৰি চিত্ৰ অংকন আদি কৰিলে লাভ নকৰিব চাকৰি। এই সন্দৰ্ভত জাননী জাৰি কৰিছে বিহাৰ আৰক্ষীয়ে। যেন ভয় ভাবুকিৰে নাইকিয়া কৰিব বিচাৰিছে প্ৰতিবাদ। যাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হিটলাৰী শাসন চলোৱা … Read more

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

নিউজ ডেস্ক। সাগৰৰ পানীৰ ৬০ফুট গভীৰতাৰ তলত গৈ বিবাহ সম্পন্ন কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে তামিলনাডুৰ এহাল নৱ-দম্পতীয়ে। মূলতঃ সাগৰত ক্ৰমাৎ বৃদ্ধি পােৱা প্ৰদূষণ ৰােধ কৰাৰ বাবে জন সচেতনতা সৃষ্টিৰ লক্ষ্যৰে এনেদৰে ব্যতিক্ৰমী পদক্ষেপ হাতত ল’লে নৱ দম্পতীয়ে। এই বিশেষ বিবাহৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পানীৰ গভীৰতাত ৪৫ মিনিটৰ এই বিবাহ সম্পন্ন … Read more

মিঞা জাতি মূৰ্খ! টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়েঃ বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক। ‘মিঞা জাতি মুৰ্খ। টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়ে। ৰাজনৈতিক পৰিপক্কতা নাই মিঞা জাতিৰ…. ।’ কিছুদিন পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰাৰ দাবী উত্থাপন কৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে এতিয়া মিঞা জাতিক লৈ প্ৰকাশ কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। আলোপতি ইকৰা নেশ্যনেল একাডেমীয়ে আয়োজন কৰা এক সভাত এই … Read more

ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !

দেশজুৰি চৰ্চিত হৈছে ‘ফক্কৰ বাবা’ নিউজ ডেস্ক। ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহৰ পৰাও ৰাম ভক্তসকলে দান-বৰঙনি আগবঢ়াইছে। দেশৰ ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন লােকে সুবিশাল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আর্থিক বৰঙণি আগবঢ়াইছে। কিন্তু ইয়াৰ মাজতে হঠাতে চৰ্চালৈ আহিছে এগৰাকী সন্যাসীৰ নাম, যিগৰাকী সন্যাসী বিগত প্ৰায় ৬੦ বছৰে বাস … Read more

পুনৰ বৃদ্ধি পাব শীতৰ প্ৰকােপ! বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক। পুনৰ প্ৰচণ্ড শীতে কঁপাব ৰাজ্য। বিগত তিনি-চাৰি দিন ধৰি ৰাজ্যৰ অধিকাংশ ঠাইত দিনৰ ভাগৰ তাপমাত্ৰা কিছু বৃদ্ধি পােৱাৰ পাছত পুনৰ বায়ুমণ্ডলত সৃষ্টি হােৱা বিশেষ পৰিস্থিতিৰ বাবে তাপমাত্ৰা ক্ৰমান্বয়ে নিম্নগামী হােৱাৰ আগজাননী দিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দক্ষিণ অসম তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে দক্ষিণ … Read more