শােকাৱহ! টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ পাইলট, চিকিৎসাধীন সহ-পাইলট

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সংঘটিত হৈছে এক শােকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। ভাৰত-চীন সীমান্তৱৰ্তী টাৱাং জিলাৰ দুৰ্গম এলেকাত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। নিয়মীয়া অনুশীলনৰ সময়তে টাৱাং জিলাৰ জিমিথাং ৰাজহ চক্ৰৰ এলেকাধীন নিয়ামজাং চু এলােকাত ভূপতিত হয় এই হেলিকপ্টাৰখন। এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ পাইলট লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ শ্বহীদ হয়। আনহাতে, … Read more

মৰ্মান্তিক! নৈৰ পাৰত একেলগে ফটো উঠাৰ কিছু মুহুৰ্তৰ পাছতে সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ ৬ জনৰ

নিউজ ডেস্ক। পৰিয়ালৰ এক অনুষ্ঠানত অংশ লবলৈ আহি গঙ্গাৰ আঁৰত ফটো উঠিবলৈ গৈছিল একেটা পৰিয়ালৰ শিশু, কিশােৰীসহ ৬ জন। গঙ্গাৰ পাৰত আটাইকেইজনে একেলগে ফটো উঠাৰ কিছু মুহুৰ্তৰ পিছতে ঘটিল এক অনাকাংক্ষিত ঘটনা! গঙ্গাৰ কোবাল সোঁতে উটুৱাই নিয়া তাৰে এটি শিশুক বচোৱাৰ চেষ্টা কৰি এটা এটাকৈ সলিল সমাধি ঘটিল আটাইকেইজনৰে। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ … Read more

চাঞ্চল্যকৰ!পূজাৰ ছুটীত আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী স্বামী বাবুল আলীৰ, আটক

নিউজ ডেস্কঃ পত্নীক হত্যাৰ অপচেষ্টা চলাই এইবাৰ আৰক্ষীৰ হাতত আটক হ’ল খোদ এজন আৰক্ষী জোৱান। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীৰ জুৰীয়াত। আত্মীয়ৰ ঘৰতে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে বাহুল আলী নামৰ আৰক্ষী জোৱানজনক। ইফালে আৰক্ষী স্বামীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে পত্নী। জানিব পৰা মতে, চামগুৰি আৰক্ষী … Read more

পূজাৰ পূৰ্বে বিউটি পাৰ্লাৰলৈ বুলি ঘৰৰ পৰা ওলাই আহি ক’লৈ গ’ল জুৰি কলিতা! সন্ধান বিচাৰি হাহাকাৰ স্বামী আৰু পৰিয়ালৰ

নিউজ ডেস্কঃ পূজাৰ প্ৰাকক্ষণত বিউটি পাৰ্লাৰলৈ আহি এগৰাকী বোৱাৰী বিগত ৬ দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ পলাশবাৰীত। জানিব পৰা মতে, দুৰ্গোৎসৱৰ ঠিক পূৰ্বে অৰ্থাৎ ২৯ ছেপ্টেম্বৰত পূজাৰ বজাৰ কৰাৰ লগতে বিউটি পাৰ্লাৰলৈ বুলি ঘৰৰ পৰা বিজয়নগৰলৈ ওলাই আহিছিল পলাশবাৰীৰ সানপাৰা গাঁৱৰ চন্দন কলিতাৰ পত্নী জুৰি কলিতা (২৪)ই। কিন্তু … Read more

চাঞ্চল্যকৰ! দোকানলৈ যাও বুলি ওলাই গৈ ৫ দিন ধৰি সন্ধানহীন ৰুকচানা, পৰিয়ালত হাহাকাৰ…

নিউজ ডেস্কঃ ৫ দিন পূৰ্বে দোকানলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈছিল ৰুকচানা। কিন্তু তাৰ পিছতে সন্ধানহীন হৈ থকা কিশোৰীগৰাকীক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালে। নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতো। জানিব পৰা মতে, ৩০ ছেপ্টেম্বৰত দোকানলৈ যাও বুলি ঘৰৰ পৰা ওলাই আহিছিল নগাঁৱৰ জুৰিয়াৰ তিনিচুকীয়া গাঁৱৰ ৰুকচানা খাতুন … Read more

অকৃত্ৰিম স্নেহ! অসুস্থ পত্নীক হুইল চেয়াৰত লৈ পূজা উপভােগ স্বামীৰ…

নিউজ ডেস্ক। ৰাজ্যজুৰি দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এক বিশেষ দৃশ্য। অসুস্থ পত্নীক হুইল চেয়াত উঠাই পদব্ৰজে পূজাথলীত উপস্থিত হ’ল এজন ককা। এই দৃশ্য প্ৰত্যক্ষ কৰা হ’ল নগাঁও চহৰত। পত্নী স্নেহৰ এক অনন্য নিদৰ্শন দেখুৱালে ককাই। অসুস্থ পত্নীক ৰঙ-বিৰঙৰ বেলুন সংলগ্ন হুইল চেয়াৰত বহুৱাই এখনৰ পাছত আনখন পূজা উপভোগ কৰোৱালে স্বামীয়ে। … Read more

অসমত জন্মগ্ৰহণ কৰা IPS বিষয়াক জম্মু-কাশ্মীৰত হত্যা, গ্ৰেপ্তাৰ ঘৰুৱা সহায়ক

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (জে’ল) হেমন্ত কুমাৰ লােহিয়াক হত্যা। পত্নীসহ জম্মুৰ এজন বন্ধুৰ ঘৰলৈ যােৱা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াগৰাকীৰ মৃতদেহ বন্ধুজনৰ ঘৰৰে এটা কােঠালিত উদ্ধাৰ কৰা হয়। তেওঁৰ হত্যাৰ খবৰ পােহৰলৈ অহাৰ পিছৰে পৰা আত্মগােপন কৰা ঘৰুৱা সহায়ক ইয়াছিন আহমেদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডই জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ দেশতে তীব্ৰ আলােড়নৰ … Read more

পত্নী ৭ মাহৰ অন্তঃসত্বা! কৰ্তব্যৰ সময়তে নক্সালবাদীৰ আক্ৰমণত শ্বহীদ CRPF জোৱান ধৰ্মেন্দ্ৰ কুমাৰ…

নিউজ ডেস্কঃ ৭ মাহৰ অন্তঃসত্বা পত্নী আৰু দুই সন্তানক এৰি নেদেখা পৃথিৱীলৈ গুচি গ’ল চিআৰপিএফৰ জোৱান ধৰ্মদেৱ কুমাৰ। দেওবাৰে ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰে অন্তঃসত্বা পত্নী আৰু পৰিয়াল। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বাৰানসীৰ ছাহাবগঞ্জ থানা এলেকাৰ ঠেকাহান গাঁৱৰ নিৱাসী ধৰ্মদেৱ কুমাৰে ২০১৩ চনত চিআৰপিএফত যোগদান কৰিছিল। ৩২ … Read more

ওজন ১৮০ কেজি! ৰাজপথত গাড়ী ৰখাই ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা আৰক্ষী পৰিদৰ্শক

নিউজ ডেস্কঃ ইমান প্ৰকাণ্ড শৰীৰ এজন আৰক্ষী বিষয়াৰ থাকিব পাৰে নে? তাতেই সন্দেহ বাঢ়িছিল সাধাৰণ জনতাৰ মনত। ৰাজপথত গাড়ীৰ পৰা ধন দাবী কৰা নিজকে আৰক্ষী পৰিদৰ্শক বুলি পৰিচয় দিয়া ব্যক্তিজনক দেখি মানুহৰ সন্দেহ বৃদ্ধি পোৱাৰ পিছতে অৱগত কৰা হয় আৰক্ষীক। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ১৮০ কেজি ওজনৰ প্ৰকাণ্ড ওজনৰ ভুৱা … Read more

অবিশ্বাস্য! ৰে’ল যাত্ৰাৰ সময়ত মৃত স্বামীক পুনৰ জীয়াই তুলিলে পত্নীয়ে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ কিছু সময়ৰ বাবে নিথৰ হৈ পৰিছিল ব্যক্তিজন। ক্ৰমাৎ চেঁচা পৰিছিল হাত-ভৰি। উশাহো বন্ধ হৈ পৰিছিল। কিন্তু সেই সময়তে ব্যক্তিজনক মৃত্যুৰ মুখৰ পৰা উভতাই আনিবলৈ সক্ষম হ’ল পত্নীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এজন ব্যক্তিৰ জীৱন-মৃত্যুৰ যুঁজৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰা ৰে’ল ষ্টেছনত। দৰাচলতে কেৰালাৰ কছাৰাগোদৰৰ নিৱাসী ৬৭ বৰ্ষীয় কেশৱন নামৰ … Read more