সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ‘এক্সেল’ক শেষ বিদায় জনালে ভাৰতীয় সেনাই…

নিউজ ডেস্ক। দেশৰ নিৰাপত্তাৰ খাতিৰত সৰ্বােচ্চ বলিদান দিলে ‘এক্সেল’ নামৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ প্ৰশিক্ষিত কুকুৰটােৱে। উল্লেখ্য যে বিগত সময়ত বহু সন্ত্ৰাসবাদ বিৰােধী অভিযানত সেনাক সহযােগ কৰিছিল এক্সেলে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষীয়ে চলােৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুবৰণ কৰে ভাৰতীয় সেনাৰ ‘এক্সেল’ নামৰ কুকুৰটােৱে। এই সংঘৰ্ষৰ সময়ত এটা সন্ত্ৰাসবাদী নিহত হয় আৰু তিনিজন সুৰক্ষা … Read more

মৰ্মান্তিক! পঞ্চম শ্ৰেণীৰ ছাত্ৰী বনশ্ৰীৰ প্ৰাণ কাঢ়ি নিলে জাপানীজ এনকেফেলাইটিছে…

নিউজ ডেস্ক। চলিত বছৰত ৰাজ্যৰ অধিকাংশ জিলাত ভয়াৱহভাৱে বৃদ্ধি পাইছে মাৰাত্মক জাপানীজ এনকেফেলাইটিছৰ ৰােগৰ প্ৰাদুৰ্ভাৱ। এই ৰােগত আক্ৰান্ত হৈ নিতৌ প্ৰাণ হেৰুৱাইছে ইজনৰ পিছত সিজন লোকে। এইবাৰ ওদালগুৰিত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে। জানিব পৰা মতে, ওদালগুৰি সীমান্তৱৰ্তী ১নং বৈনাৰাত বনশ্ৰী ৰাজবংশী নামৰ শিশুটি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। দৰঙৰ ২নং … Read more

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

ৰাশিফল

সাপ্তাহিক ৰাশিফলঃ ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ মেষ ৰাশি- মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে এই সপ্তাহটো শুভ আৰু সফল। সপ্তাহৰ আৰম্ভণিৰ পৰা আপোনাৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হোৱা দেখা যাব। বন্ধুৰ সম্পূৰ্ণ সমৰ্থন পাব। সপ্তাহটোৰ আৰম্ভণিতে নিজেই নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰত আৰাম-সুবিধা-সম্পৰ্কীয় বস্তুবোৰ আগমনৰ বাবে সুখৰ পৰিবেশৰ সৃষ্টি হ’ব৷ এই সপ্তাহটো নিয়োজিত … Read more

খহি পৰিল আন এক নক্ষত্ৰ! প্ৰখ্যাত কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ দেহাৱসান

নিউজ ডেস্ক। খহি পৰিল সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ! অসংখ্য সংগীতপ্ৰেমীৰ বুকুত শূণ্যতাৰ ৰুণ তুলি চিৰবিদায় ল’লে বাংলা সংগীত জগতৰ পুৰোধা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰই। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা ১২.০৫ বজাত দক্ষিণ কলকাতাৰ চেতনা অঞ্চলস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। জানিব পৰা মতে, নিশা তীব্ৰ … Read more

নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে কঠােৰ ব্যৱস্থা লােৱাৰ ঘােষণা কৰাৰ পিছতাে কােনাে কেৰেপেই কৰা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই নিতৌ এনে একাংশ ঘােচখােৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতো উৎকােচ লােৱাৰ অভ্যাস সলনি হােৱা নাই একাংশ বিষয়া-কৰ্মচাৰীৰ। এইবাৰ বাৰৰ অনুজ্ঞাপত্ৰৰ নামত ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা আবকাৰী … Read more

সম্পত্তি,পত্নী, বিবাহ বিচ্ছেদ! সংবাদমেলৰ জৰিয়তে এই স্পষ্টীকৰণ দিলে সাংবাদিক নিতুমণি শইকীয়াই…

নিউজ ডেস্ক। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ ব্যক্তিগত জীৱনৰ ঘটনাৰাজিৰ সন্দৰ্ভত সামাজিক মাধ্যমত শেহতীয়াকৈ অব্যাহত আছে বিতৰ্ক। বিশেষকৈ সাংবাদিকগৰাকীৰ পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰি পাৰিবাৰিক আদালতৰ দ্বাৰস্থ হােৱাৰ লগতে এই বিষয়ে মুকলিকৈ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ পিছতে অধিক চৰ্চা লাভ কৰিছে দম্পতীৰ ব্যক্তিগত জীৱনৰ বিষয়টাে। এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ … Read more

ঘনে-ঘনে বিদেশ ভ্ৰমণ, ৰাজকীয় জীৱন যাপন! অ’চি উৎপল বৰাৰ গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা আৰক্ষী অক্ষীক্ষকৰ…

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল অসম আৰক্ষীৰ খাকী পােছাক। ক্ষমতাৰ অপ্ৰয়োগ কৰি ভুৱা গোচৰৰ জালত পেলাই সাধাৰণ লােকক দাবী কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া। এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ আহে, সেইদৰেই বিপদ নামিল অ’চি উৎপল বৰালৈও। ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকক ভুৱা … Read more

নিজৰ কণমানি পুত্ৰক চৰকাৰী অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰেৰণ কৰি আদৰ্শ গঢ়িছে অসমৰ এইখন জিলাৰ উপায়ুক্তই

নিউজ ডেস্কঃ কোৱা হয়- যেতিয়া নেতা-মন্ত্ৰী আৰু উচ্চপদস্থ আৰু বিষয়াসকলে নিজৰ নিজৰ সন্তানক চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ুৱাব, তেতিয়াহে চৰকাৰী স্কুলৰ মানদণ্ড প্ৰকৃতাৰ্থত উন্নত হ’ব। কিন্তু দুৰ্ভাগ্যৰ বিষয় এয়াই যে আমাৰ দেশৰ নেতা-মন্ত্ৰী বা চৰকাৰী উচ্চ পদস্থ বিষয়াৰ সন্তানে চৰকাৰী বিদ্যালয়ত নপঢ়ে। চৰকাৰী বিদ্যালয়ত পঢ়ে কেৱল আৰ্থিকভাৱে দুৰ্বল দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীয়েহে। সেইবাবেই হয়তো আজিও আমাৰ … Read more

চিৰ বিদায় ল’লে অসমৰ উদীয়মান নৃত্য শিল্পী চন্দনাই…

নিউজ ডেস্ক। অসমৰ সাংস্কৃতিক জগতলৈ আন এক দুঃসংবাদ। অকালতে চিৰ বিদায় ল’লে উদীয়মান নৃত্যু শিল্পী চন্দনা দেৱীয়ে। চন্দনা দেৱীৰ এনে অকাল বিয়ােগত বাতৰিয়ে ম্ৰিয়মান কৰি তুলিছে অসমৰ সাংস্কৃতিক জগতখনক। মহানগৰীৰ পূব গীতানগৰৰ বাসিন্দা চন্দনা দেৱী। সৰুৰে পৰাই নৃত্য আৰু অভিনয় কৰি ভালপোৱা চন্দনাই বিচাৰিছিল সাংস্কৃতিক জগতখনৰ জৰিয়তেই জীৱনৰ চন্দ ৰচিবলৈ। বহু কেইটা মিউজিক ভিডিঅ’ত নৃত্য … Read more

খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ খাকী পােছাকত লাগিল কালিমা। ভুৱা গােচৰৰ জৰিয়তে দুজন চৰকাৰী চাকৰিয়ালৰ পৰা ৫ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। এই বিষয়াগৰাকীৰ নাম উৎপল বৰা। তেওঁ সম্প্ৰতি খাৰুপেটিয়া থানাৰ ভাৰাপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত হৈ আছিল। অভিযােগ অনুসৰি, ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে জল জীৱন মিছনৰ পাইপ চুৰি … Read more