শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা, দুজন পাইলটৰ মৃত্যু

নিউজ ডেস্ক। বৃহস্পতিবাৰে সন্ধিয়া ছত্তীশগড়ৰ ৰায়পুৰৰ বিমানবন্দৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন পাইলট নিহত হয়। হেলিকপ্টাৰখন অৱতৰণৰ সময়ত কাৰিকৰী বিজুতিৰ ফলতে প্ৰচণ্ড গতিত ভূপতিত হয়। দুৰ্ঘটনাটোত হেলিকপ্টাৰত থকা দুয়োজন পাইলট ক্ৰমে কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন এপি শ্ৰীবাস্তৱ মৃত্যু হয়। হেলিকপ্টাৰৰ ভিতৰত আন কোনো যাত্ৰী উপস্থিত নাছিল। জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) প্ৰশান্ত আগৰৱালে … Read more

বিশ্বৰ সৰ্বােচ্চ শৃংগ আৰােহণ সপ্তমগৰাকী অসমীয়াৰ

নিউজ ডেস্ক। বিশ্বৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট আৰােহণ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসমীয়া যুৱকে। কামৰূপ জিলাৰ হাজোৰ হেদায়েৎ আলীয়ে আৰােহণ কৰিলে এভাৰেষ্ট শৃংগ। এভাৰেষ্ট শৃংগত আৰােহণ কৰা সপ্তমগৰাকী অসমীয়া হিচাপে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে হেদায়েৎ আলীয়ে। উল্লেখ্য যে কৰ্মসূত্ৰে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত বাস কৰে হেদায়েৎ‌ আলীয়ে। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৭.৩০বজাত এভাৰেষ্ট শৃংগ আৰোহণ কৰে … Read more

মৰ্মান্তিক! একমাত্ৰ পুত্ৰৰ বিয়াৰ দিনাই পিতৃৰ আকস্মিক বিয়োগ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনাই জােকাৰি গ’ল নগাঁও জিলাৰ বটদ্ৰৱা। একমাত্ৰ পুত্ৰৰ বিয়াৰ দিনাই আকস্মিকভাৱে মৃত্যু ঘটিল পিতৃৰ। জানিব পৰা মতে, বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নৱজ্যোতি খাটনিয়াৰ নামৰ যুৱকজনৰ বিয়াৰ আয়োজন চলি থকাৰ সময়তে পিতৃ উমা খাটনিয়াৰ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বিয়াঘৰতে ঢলি পৰে। লগে লগে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও আজি তেওঁৰ … Read more

সঞ্জীৱ, ধনজিতেই নহয়, আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছিল প্ৰাক্তন ছাত্ৰনেতা বিজু গগৈকো

নিউজ ডেস্কঃ এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন। নিষিদ্ধ ঘোষিত সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপ আৰু অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱাৰ প্ৰৱণতাই উদ্বিগ্ন কৰি ৰাখিছে সকলোকে। তাৰ মাজতে পোহৰলৈ আহিছে আলফা স্বাধীনক লৈ আন এক বিস্ফোৰক খবৰ। শেহতীয়াকৈ তিনিচুকীয়াৰ জাগুনৰ টিংকুপানী বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰ সন্তোষ লামা ওৰফে … Read more

হৃদয়বিদাৰক! প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লোৰ গে’ট পৰি ৫ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক হৃদয়বিদাৰক ঘটনা। সমনীয়াৰ সৈতে প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লােৰ গে’ট পৰি মৃত্যু ঘটিল ৫ বছৰীয়া শিশুৰ। এই শােকাৱহ ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়াৰ মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত পালেপাৰা মাজৰ চৰ। পখিলা খেদি ফুৰাৰ বয়সতে এনেদৰে অকাল মৃত্যুক সাৱটি লােৱা শিশুটিৰ নাম নিয়ৰ কলিতা। এই শিশুটি স্থানীয় পংকজ কলিতা আৰু কৰৱী … Read more

যাত্ৰী নহয়, পাইলট- সহ পাইলট হৈ বিমান উৰুৱালে মাতৃ-পুত্ৰৰ

নিউজ ডেস্ক। এক আৱেগিক মুহূৰ্ত! মাতৃ দিৱসৰ দিনাই মাকৰ সহ-পাইলট হৈ পুত্ৰই উৰালে জীৱনৰ প্ৰথম বিমান। ‘মোৰ জীৱনৰ ২৪ বছৰত মই মোৰ মাৰ সৈতে বহুতো বিমানত আছিলোঁ, কিন্তু এজন যাত্ৰী হিচাপে। এইটো প্ৰথমবাৰৰ বাবে মই মোৰ মাৰ সহ পাইলট হিচাপে বিমান উৰুৱাম।’ -মাতৃ দিৱসৰ দিনা পুত্ৰৰ মন্তব্যত আৱেগিক হৈ পৰে পাইলট‌ মাতৃ। মাতৃ যেতিয়া সহকৰ্মী … Read more

স্তব্ধ হৈ পৰিল সন্তুৰৰ মূৰ্চ্ছনা! প্ৰসিদ্ধ সন্তুৰবাদক শিৱকুমাৰ শৰ্মাৰ দেহাৱসান

নিউজ ডেস্কঃ অৱসান ঘটিল এটা যুগৰ! ইতিহাসৰ সোণালী পৃষ্ঠাত চিৰদিনৰ বাবে নিজৰ নাম খোদিত কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰসিদ্ধ সন্তুৰ বাদক তথা সংগীত পৰিচালক শিৱকুমাৰ শৰ্মাই। হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে পুৱা অসংখ্য গুণমুগ্ধক কন্দুৱাই ৮৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীয়ে। শিৱকুমাৰ শৰ্মাৰ বিয়োগত সংগীত জগতত আজি শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, … Read more

দুৰ্নীতিগ্ৰস্ত IAS মহিলাৰ আলম লৈ সমগ্ৰ নাৰী সমাজক সাঙুৰি লোৱা লােকক প্ৰত্যুত্তৰ মহিলা IPS বিষয়াৰ

নিউজ ডেস্কঃ ঝাৰখণ্ডৰ দুৰ্নীতিগ্ৰস্ত আইএএছ বিষয়া পূজা সিংঘলৰ কেইবাটাও ঠিকনাত ইডিয়ে চলোৱা অভিযানে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। শুকুৰবাৰে ইডিয়ে পূজা সিংঘলৰ বাসগৃহত অভিযান চলাই ১৯ কোটিতকৈও অধিক টকা জব্দ কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমতো। মহিলা আইএএছ বিষয়াগৰাকীৰ দুৰ্নীতি পোহৰলৈ অহাৰ পিছতে একাংশই সামাজিক মাধ্যমত সমগ্ৰ নাৰী জাতিকে … Read more

অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ ভাৰতীয় সেনাৰ চুবেদাৰ

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত শ্বহীদ হোৱা এগৰাকী ভাৰতীয় সেনা জোৱানৰ পৰিয়াললৈ বিশেষ ঘোষণা কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। উল্লেখ্য যে, পঞ্জাৱৰ হুছিয়াৰপুৰৰ নিৱাসী ভাৰতীয় সেনাৰ চুবেদাৰ হৰদ্বীপ সিঙে অৰুণাচল প্ৰদেশত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হয়। এই বাতৰি লাভ কৰাৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে গভীৰ শোক ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেনা জোৱানজনৰ পৰিয়ালক ১ … Read more

ছুটী লৈ ঘৰলৈ যোৱাৰ আগনিশা পাৰ কৰিব বিচাৰিছিল সতীৰ্থৰ সৈতে, কিন্তু চাদৰ পৰা বাগৰি মৃত্যু BSF জোৱানৰ

নিউজ ডেস্কঃ শুকুৰবাৰৰ পৰা তেওঁৰ ছুটী আছিল। কিছুদিনৰ বাবে নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আপোন ঘৰখনলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ। ঘৰলৈ যোৱাৰ পূৰ্বে বন্ধুৰ সৈতে কিছু মুহূৰ্ত তেওঁ পাৰ কৰিব বিচাৰিছিল। কিন্তু কোনেও জনাই নাছিল যে সেয়াই হব তেওঁৰ শেষ দিন! শিলচৰৰ মছিমপুৰ বিএছএফ কেম্পত শোকৰ বন্যা নামিছে শুকুৰবাৰে। বিএছএফৰ এগৰাকী জোৱানৰ বিল্ডিঙৰ চাদৰ পৰা পৰাৰ … Read more