ED ৰ জালত পৰিল মহিলা IAS বিষয়া, তালাচীত ওলাল নগদ ২৫ কােটি টকা! পােহৰলৈ আহিল বহু বেনামী সম্পত্তিৰ তথ্য

নিউজ ডেস্কঃ দুৰ্নীতিগ্ৰস্ত আইএএছ বিষয়াৰ বাসগৃহত ওলাল কোটি কোটি টকা। অবৈধ খনন গোচৰত ইডিয়ে শুকুৰবাৰে ঝাৰখণ্ডৰ আইএএছ বিষয়া তথা খনি আৰু ভূ-বিজ্ঞান বিভাগৰ সচিব পূজা সিংঘলৰ কেইবাস্থানতো থকা বাসগৃহত অভিযান চলায়। ইডিয়ে পূজা সিংঘলৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট (চিএ)ৰ ৰাঁচীস্থিত ঘৰতো অভিযান চলায়। বাতৰি অনুসৰি, এই অভিযানকালত ইডিয়ে ২৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। … Read more

পুনৰ মূল্যবৃদ্ধি! ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১੦৪৮ টকা…

নিউজ ডেস্ক। পুনৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ১০২ টকাকৈ বৃদ্ধি। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। শনিবাৰৰ দিনটোত প্ৰতিটো চিলিণ্ডাৰৰ ৫০ টকাকৈ দাম বৃদ্ধি হয়। ফলত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’লগৈ ১,০৪৮ টকা। আনহাতে যোৱা ১ মে’ত বৃদ্ধি হয় বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।‌ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হয় … Read more

মৰহি গ’ল সপোন! গাঁৱৰ পৰা চহৰলৈ পঢ়িবলৈ অহা শেৱালীয়ে প্ৰাণ হেৰুৱালে ৰে’লৰ খুন্দাত

নিউজ ডেস্ক। অলেখ আশা বুকুত বান্ধি ধেমাজিৰ এখন সৰু গাঁৱৰ পৰা চহৰলৈ আহিছিল এগৰাকী যুৱতী। সপোন আছিল- উচ্চ শিক্ষা গ্ৰহণ কৰি আত্ম নিৰ্ভৰশীল হোৱাৰ। অকালতে পিতৃক হেৰুওৱা যুৱতীগৰাকীয়ে গুৱাহাটীলৈ আহি এগৰাকী বান্ধৱীৰ সতে পানীখাইতীত ভাড়াতীয়া হিচাপে থাকি অধ্যয়ন কৰি আছিল ডাউন টাউন বিশ্ববিদ্যালয়ৰ ‘মেডিকেল ট্রমা’ বিভাগত। এইবাৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী আছিল তেওঁ। কিন্তু নিয়তিয়ে যেন … Read more

মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

নিউজ ডেস্ক। চিকিৎসকৰ বাবে বহু লােকে লাভ কৰে নতুন জীৱন। ইয়াৰ বাবেই চিকিৎসকক ভগৱানৰ সৈতে তুলনা কৰা হয়। কিন্তু এইবাৰ নিজৰ মৃত্যুৰ পিছতো ৩ জন লোকক অংগ দান কৰি নতুন জীৱন দান দি সঁচা অৰ্থতে নিজকে ভগৱানতুল্য কৰি সংসাৰৰ পৰা বিদায় ল’লে এগৰাকী মহিলা চিকিৎসকে। এই চিকিৎসকগৰাকী হ’ল ডাঃ সংযুক্তা শ্যাম ৰয়, ঘৰ পশ্চিম বংগৰ … Read more

মৰ্মান্তিক! জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ আত্মীয়ৰ ঘৰত মৃত্যু মাতৃৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। নিজৰ একমাত্ৰ কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে প্ৰাণ গ’ল মাতৃৰ। এই ঘটনাই কামৰূপ জিলাৰ হাজোবাসীৰ মন বিষাদেৰে ভৰাই তুলিছে। নিজৰ জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ জনাবলৈ গৈ কণিকা ভূঞা নামৰ এগৰাকী মাতৃয়ে আত্মীয়ৰ ঘৰত কৰুণ মৃত‍্যুক সাবতি লয়। জানিব পৰা মতে, কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ গাওঁ নিবাসী হৰমোহন ভূঞাৰ পত্নী … Read more

শােকাৱহ! শ্ৰেণী কােঠাত ঢলি পৰি ছাত্ৰ- সুদক্ষ ভলীবল খেলুৱৈৰ অকাল মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যালয়ৰ শ্ৰেণীকােঠাতে ঢলি পৰি মৃত্যু ঘটিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ তথা সুদক্ষ ভলীবল খেলুৱৈৰ। এই শােকাৱহ ঘটনাই জােকাৰি গ’ল ওদালগুৰি জিলাৰ ভেৰগাঁও অঞ্চল। জানিব পৰা মতে, সােমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত ভেৰগাঁও উচ্চ বিদ্যাপীঠৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নৱম শ্ৰেণীৰ কোঠাত পাঠদান কৰি থকা অৱস্থাত ছাত্ৰ এজন অসুস্থ হৈ হঠাতে পিচফালৰ পৰা … Read more

কোনো মুছলমান মহিলাই তেওঁৰ স্বামীয়ে তিনিজনী সতিনী ঘৰলৈ অনাটো নিবিচাৰেঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। ‘কোনো মুছলমান মহিলাই তেওঁৰ স্বামীয়ে আন তিনিজনী পত্নী বিয়া কৰোৱাটো নিবিচাৰে।’ – এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ সমৰ্থনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কোনো মুছলমান মহিলাই সতিনী নিবিচাৰে। ইউচিচি সকলো মুছলমান মহিলাৰ বাবেই এটা সমস্যা বুলি মন্তব্য … Read more

পুত্ৰৰ জামিন বিচাৰি অহা দৰিদ্ৰ মহিলাৰ দ্বাৰা গা মালিচ কৰোৱালে আৰক্ষী বিষয়াই, তাৰ পাছত…

নিউজ ডেস্ক। কাৰাবন্দী পুত্ৰৰ জামিন বিচাৰি এগৰাকী আৰক্ষী বিষয়াৰ কাষ চাপিছিল এগৰাকী মাতৃ। কিন্তু দৰিদ্ৰ মহিলাগৰাকীৰ অসহায়তাৰ সুযোগ লৈ গা মালিচ কৰোৱালে আৰক্ষী বিষয়া জনে। সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বন কৰা হৈছে আৰক্ষীৰ উপ পৰিদৰ্শক শশীভূষণ সিনহাক। এই ঘটনা বিহাৰৰ সাহাৰচা জিলাৰ নৌহাট্টা আৰক্ষী চকীত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। … Read more

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত গছৰ ডালৰ আঘাতত অন্তঃসত্বা মহিলাৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ধুমুহাৰ মাজতে ছিগি পৰা গছৰ ডালৰ আঘাতত কৰুণ মৃত্যু ঘটিল এগৰাকী অন্তঃসত্বা মহিলাৰ। নিহত মহিলাগৰাকীৰ নাম অনামিকা ভূঞা (২৮)। যােৰহাট জিলাৰ তিতাবৰৰ ডফলাটিঙত সংঘটিত হ’ল এই কৰুণ ঘটনা। জানিব পৰা মতে, শনিবাৰে হঠাতে অহা এজাক ধুমুহাৰ মাজতে প্ৰাণ গ’ল অনামিকা ভূঞা নামৰ প্ৰায় ২৮ বৰ্ষীয় এগৰাকী মহিলাৰ। আন দিনাৰ দৰে … Read more

ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক

নিউজ ডেস্ক। পুনৰ ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ হাতে-লােটে ভিজিলেঞ্চৰ হাতত ধৰা পৰিল খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী পৰিদৰ্শক। ধৃত পৰিদৰ্শকগৰাকীৰ নাম বিৰিঞ্চি কুমাৰ কাৰ্জি। তেওঁ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত। জানিব পৰা মতে, খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ নামত ১ লাখ টকাৰ উৎকোচ বিচাৰিছিল … Read more