আত্মীয়ৰ নতুন স্কুটী চলাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মেধাৱী ছাত্ৰৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে মঙ্গলদৈ চহৰৰ মাজমজিয়াত পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ পাছতে পুনৰ এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল মঙ্গলদৈৰ এগৰাকী মেধাৱী ছাত্ৰৰ। প্ৰতিবেশী তথা আত্মীয়ই ক্ৰয় কৰা নতুন স্কুটী চলাবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল মঙলদৈৰ নিকটৱৰ্তী নগৰবাহী- হেঙেৰাঝাৰৰ লাজিজুল হক (১৮) নামৰ যুৱকৰ। লাজিজুল দলগাঁওস্থিত পণ্ডিত দীনদয়াল আদর্শ মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ … Read more

প্ৰথম কিস্তিৰ ১৫ হাজাৰ টকা ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল কৃষি বিভাগৰ মহিলা কৰ্মচাৰী

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসম সচিবালয়ত কৰ্মৰত এগৰাকী দুৰ্নীতি পৰায়ণ কৰ্মচাৰী। কৃষি বিভাগৰ উচ্চ বৰ্গৰ সহািয়কা হিচাপে কৰ্মৰত এইগৰাকী মহিলা কৰ্মচাৰীৰ নাম পাপৰি দাস মেহেতা। বিভাগটােত অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন জনােৱা এগৰাকী বিধৱা মহিলাৰ পৰা নিযুক্তিৰ বিনিময়ত ১ লাখ টকাৰ উৎকােচ দাবী কৰিছিল পাপৰি দাস মেহেতা নামৰ কৰ্মচাৰীগৰাকীয়ে। এই বিষয়া … Read more

শােকাৱহ! পথ দুৰ্ঘটনাত কৰুণ মৃত্যু মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়াৰ

নিউজ ডেস্ক। শিল, মাটি কঢ়িওৱা একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবেই ৰাজ্যত নিতৌ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ ডাম্পাৰৰ সৈতে মাৰুতি এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এগৰাকী যুৱ প্ৰবক্তাৰ। গোলাঘাট জিলাৰ ফৰকাটিঙৰ শিঙিজান দলঙৰ সমীপত মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে ফৰকাটিং মহাবিদ্যালয়ৰ যুৱ প্ৰবক্তা অংকৰ শইকীয়াৰ। জানিব … Read more

অৰুণাচল প্ৰদেশত হিমস্খলনত শ্বহীদ ৭ ভাৰতীয় সেনা জােৱান

নিউজ ডেস্ক। দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ বাবে পহৰাৰত অৱস্থাতে শ্বহীদ হ’ল ৭ জনকৈ ভাৰতীয় সেনাৰ জােৱান। অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ বৰফাবৃত্ত দুৰ্গম এলেকাত হিমস্খলনত আবদ্ধ হৈ দেশৰ বাবে প্ৰাণ ত্যাগ কৰিলে ৭ বীৰ সেনা জােৱানে। উল্লেখ্য যে যােৱা ৬ ফেব্ৰুৱাৰীত সংঘটিত হিমস্খলনৰ পাছতে বৰফৰ মাজত আবদ্ধ হৈ সন্ধানহীন হৈ পৰে সেনা জোৱান কেইগৰাকী। অৱশেষত মঙ্গলবাৰে … Read more

অৰুণাচল প্ৰদেশত হিমস্খলনত আবদ্ধ হৈ শ্বহীদ ৭ ভাৰতীয় সেনা জোৱান…

নিউজ ডেস্ক। অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত সন্ধানহীন হৈ থকা ৭ জোৱানৰ নশ্বৰদেহ। ৬ ফেব্ৰুৱাৰীৰ পৰা হিমস্খলনত আবদ্ধ হৈ সন্ধানহীন হৈ আছিল সেনা জোৱান কেইগৰাকী। অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত টহল দিয়াৰ অৱস্থাতে হিমস্খলনত আৱদ্ধ হৈ পৰে বহু কেইজন ভাৰতীয় সেনা জোৱান। ইয়াৰে ৭ জন জোৱান তুষাৰস্খলনৰ ফলত সন্ধানহীন হৈ আছিল। অৱশেষত মঙ্গলবাৰে কামেঙ … Read more

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মহাভাৰতৰ ‘ভীম’ৰ

নিউজ ডেস্ক। দুৰদৰ্শনৰ জনপ্ৰিয় ধাৰ্মিক ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰি লাখ লাখ দৰ্শকৰ মনত নিগাজি ঠাই দখল কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা তথা এছিয়ান গেমছত স্বৰ্ণপদক বিজয়ী এথলিট প্ৰবীণ কুমাৰ চবতিৰ সোমবাৰে সন্ধিয়া অশোক বিহাৰৰ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। জানিব পৰা মতে, সৰু পৰ্দাৰ জনপ্ৰিয় … Read more

যৌতুকৰ বাবেই বাতিল বিবাহ! জ্যেষ্ঠ কন্যাৰ বিয়াৰ মণ্ডপতে সম্পন্ন হ’ল কনিষ্ঠ কন্যাৰ বিবাহ

নিউজ ডেস্ক। ভাৰতৰ বিভিন্ন প্ৰান্তত যৌতুক প্ৰথা আজিও চলি আছে, যাৰ ফলত সাধাৰণ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে কন্যা সন্তান বোজা হৈ পৰে। যৌতুক দিব নোৱাৰা বা কমকৈ দিয়াৰ বাবেই বহু যুৱতীৰ বিবাহ বাতিল হোৱাৰ দৰেও ঘটনা ঘটে। আনকি এনে বাতৰিও শুনা যায়, য’ত যৌতুকজনিত কাৰণত মণ্ডপৰ পৰাই উভতি যায় দৰা আৰু বৰযাত্ৰী। শেহতীয়াকৈ তেনে এক … Read more

শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী জােৱান কৃষ্ণ মহন্তৰ মৃত্যু

নিউজ ডেস্ক। এক পথ দুৰ্ঘটনাত মূৰত গুৰুতৰ আঘাত পাই এপষেক ধৰি চিকিৎসাধীন অৱস্থাত থকা অসম আৰক্ষীৰ জােৱান কৃষ্ণ মহন্তই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। অতি অমায়িক, শান্ত-নির্জু স্বভাৱৰ কৃষ্ণ মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৩৭ বছৰ। ইহ সংসাৰত এৰি থৈ গ’ল পিতৃ-মাতৃকে ধৰি ৫ মাহৰ অন্তঃসত্বা পত্নীক। অসম আৰক্ষীৰ কনিষ্টবল কৃষ্ণ মহন্ত মহানগৰীৰ নুনমাটি আৰক্ষী … Read more

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

নিউজ ডেস্ক। অনলাইন যােগে ফুড ডেলিভাৰী কৰা ছুইগী (swiggy)ৰ এজন ডেলিভাৰী বয়ৰ প্ৰশংসাৰে উপচি পৰিছে সামাজিক মাধ্যম। এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ডেলিভাৰী বয় মৃণাল কিৰদাতক। মৃণালৰ বাবেই সময়মতে চিকিৎসালয়ত উপস্থিত হৈ প্ৰাণ ৰক্ষা পৰা অৱসৰপ্ৰাপ্ত কৰ্ণেল মন মোহন মালিকেও প্ৰশংসাৰে উপচাই পেলাইছে মৃণালক। তেওঁ কৰা এই … Read more

বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাই জােকাৰি গ’ল মঙ্গলদৈ চহৰ। চহৰৰ মাজমজিয়াত উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপত থকা জিলা কাৰাগাৰৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ১২ চকীয়া মালবাহী ট্ৰাকে এখন বাইকক খুন্দিওৱাৰ ফলতে মঙ্গলদৈ লেঙেৰীপাৰা নিবাসী অংকিতা কাশ্যপ নামৰ ১৫ বছৰীয়া কিশােৰীগৰাকীৰ শােকাৱহ মৃত্যু হয়। অংকিতা কাশ্যপ মঙ্গলদৈ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। জানিব … Read more