অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

অন্তঃসত্বা পত্নীৰ অসুস্থতাৰ খবৰ শুনিয়েই ঘৰলৈ দৌৰি গৈছিল অজিত প্ৰসাদ। কিছুদিন ঘৰতে পত্নীৰ ওচৰত থাকি অলপ সুস্থ হোৱাত পুনৰ উভটিছিল কৰ্মস্থলীলৈ। কিন্তু কোনে জানিছিল নিয়তিৰ পৰিহাসৰ কথা! সন্তানৰ মুখ দেখাৰ আকুণ্ঠ হেঁপাহ বুকুৰ মাজত লৈয়ে চিৰদিনলৈ গুচি যাবলগীয়া হল আছানচোলৰ অজিত প্ৰসাদ! এগৰাকী ৰে’ল কৰ্মী আছিল অজিত। তেওঁৰ কৰ্মস্থলী আছিল ৰঙিয়া ৰে’ল সংমণ্ডলৰ অন্তৰ্গত হেলেম … Read more

কেনে আছে কিংবদন্তি গায়িকা ভাৰত ৰত্ন লতা মংগেশকাৰ?

কোৰোনাৰ সৈতে যুঁজি মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ভাৰতৰ নাইটিংগল লতা মংগেশকাৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে। অৱশ্যে চিকিৎসকৰ তত্বাৱধানত বৰ্তমানো হাস্পতালৰ আইচিইউতে ৰখা গৈছে ৯২ বৰ্ষীয় কোকিলকণ্ঠী গায়িকাগৰাকীক। দক্ষিণ মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালৰ চিকিৎসক ডা০ প্ৰতিত সম্দানীয়ে জানিবলৈ দিয়া মতে, জনপ্ৰিয় গায়িকাগৰাকীৰ স্বাস্থ্য লোৱাৰ কিছু যত্ন লোৱাৰ প্ৰয়োজন আছে। সেয়েহে তেওঁক আইচিইউতে ৰখা … Read more

হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ধমক দিলে জিলা উপায়ুক্তক

নিউজ ডেস্ক। নগাঁৱত হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খঙৰ ভমকত জিলা উপায়ুক্তক ওচৰলৈ মাতি ধমকো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই খং দেখি তবধ মানিলে সকলোৱে। দৰাচলতে শনিবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা। নগাঁও চহৰৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে যায়। ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ … Read more

পত্নী-পুত্ৰসহ ক’ভিড-১৯ত আক্ৰান্ত বিধায়ক অখিল গগৈ

ক’ভিড-১৯ত আক্ৰান্ত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, পত্নী আৰু পুত্ৰ। ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, পত্নী আৰু পুত্ৰ। শুকুৰবাৰে কৰা ক’ভিড পৰীক্ষাত অখিল গগৈৰ পত্নী গিতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেটাৰ ৰিজাল্ট পজিটিভ আহে। আনহাতে, ৰেপিড এন্টিজেন টেষ্টত অখিল গগৈৰ ৰিজাল্ট নিগেটিভ আহে যদিও আৰটিপিচিআৰ টেষ্টৰ ৰিজাল্টত তেওঁ ক’ভিড-১৯ … Read more

ক’ভিড-১৯ত আক্ৰান্ত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

কোৰোনাত আক্ৰান্ত হৈছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। শুকুৰবাৰে কৰা কোভিড পৰীক্ষাত আৰক্ষী অধীক্ষক গৰাকী কোভিড পজিটিভ ধৰা পৰে। উল্লেখ্য যে, নৱবৰ্ষৰ আৰম্ভণিতে দুলিয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লৈছিল আনন্দ মিশ্ৰইও। সেই সন্মিলনত অংশ লোৱা কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক কোভিডত আক্ৰান্ত হয় যদিও সেই সময়ত কোভিড ৰিজাল্ট নিগেটিভ আহে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীৰ। কিন্তু … Read more

ঘৰতে মাছে-মঙহে খোৱাটোৱে ভোগালী, বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়ঃ বিশ্বজিৎ দৈমাৰী

‘বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়, ঘৰতে পিঠা বনাই এসাজ মাছে-মঙহে খোৱাটোহে হ’ল ভোগালী বিহু।’ -ভোগালী বিহুক লৈ এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ সমস্যাৰ বুজ লয় বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। তাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি চৰকাৰে জাৰি কৰা নতুন এছঅ’পিৰ সমৰ্থনত … Read more

DSP ৰূপে নিযুক্তি লাভ লাভলীনা বৰগোঁহাইৰ, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তিপত্ৰ

টকিঅ’ অলিম্পিকত পদক জয়েৰে অসম তথা ভাৰতবাসীক গৌৰৱাম্বিত কৰা অসমকন্যা লাভলীনা বৰগোঁহাইয়ে বুধবাৰে যোগদান কৰে অসম আৰক্ষী ডিএছপি পদত। জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ডিএছপি পদত নিযুক্ত হয় লাভলীনা বৰগোঁহাই। ক্ৰীড়াবিদ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, লাভলীনাৰ পূৰ্বে বিশ্ব … Read more

এদিন ষ্টেচনত কুলীৰ কাম কৰিছিল, আজি হ’ল IAS বিষয়া!

কঠোৰ পৰিশ্ৰম আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে না, নহয়, নোৱাৰো, নকৰিম আদি নঞৰ্থক শব্দবোৰ কেৱল মাথোঁ একো একোটা অভিধানিক শব্দৰ বাহিৰে আন একো নহয়। লক্ষ্যত উপনীত হবলৈ সংকল্পবদ্ধ হ’লে লক্ষ্যৰ বাট প্ৰশস্ত হৈ পৰিবই। বৰ্তমান সময়ত ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ শিক্ষাৰ্থীয়ে লাখ লাখ টকা খৰচ কৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰে। কিন্তু কেৰেলাৰ শ্ৰীনাথ কে য়ে কেৱল … Read more

বৰফৰ ধুমুহাৰ মাজতো হাতত ৰাইফল লৈ কৰ্তব্যত সেনা জোৱান! ভিডিঅ’ দেখি অভিভূত দেশবাসী

নিউজ ডেস্ক। ভাৰতীয় সেনা বুলি ক’লে গৰ্বত উফন্দি উঠে প্ৰতিজন ভাৰতীয়ৰ বুকু। নুঠিবনো কিয়! বুকু ডাঠ কৰি দেশ মাতৃৰ সেৱাত ব্ৰতী এই সেনা জোৱানসকলৰ বাবেই আমি শান্তিৰে টোপনি যাব পাৰো। হিমালয়ৰ প্ৰচণ্ড জাৰ হওক বা মৰুভূমিৰ দেহা দেই নিয়া উত্তাপ, সকলো সময়তে, সকলো পৰিস্থিতিতে দেশৰ বাবে উজাগৰে থকা এই সেনা জোৱানসকল যে কৰ্তব্যৰ সময়ত একো … Read more

কোভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি লতা মংগেশকাৰ

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হবলগীয়া হৈছে ভাৰতৰ কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ। জানিব পৰা মতে, মঙ্গলবাৰে তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শিল্পীগৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁক হাস্পতালৰ আই চি ইউ কক্ষত চিকিৎসা চলাই থকা হৈছে। ৯২ বছৰীয়া শিল্পীগৰাকী কোভিডি-১৯ৰ পিছত নিউমোনিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে। তাৰ পিছত তেওঁক ততাতৈয়াকৈ … Read more