আৰক্ষীৰ জােৱানৰ সততাৰ বাবে এক লাখ টকাসহ মহিলাই পুনৰ ঘূৰাই পালে হেৰুওৱা বেগ

নিউজ ডেস্ক। কৰ্তব্যৰত আৰক্ষী জােৱান সকলে সততাৰ পৰিচয় দি লাভ কৰিছে বিশেষ চৰ্চা। সততাৰ এই নিদৰ্শন দাঙি ধৰিলে গুজৰাটৰ চুৰাট আৰক্ষীৰ যান-বাহন শাখাত কৰ্মৰত জােৱানসকলে। জানিব পৰা মতে, ট্ৰেফিক আৰক্ষীৰ জোৱানসকলৰ কৰ্তব্যৰত অৱস্থাত ৰাজপথত পৰি থকা এটা পৰিত্যক্ত বস্তুৰ ওপৰত চকু পৰে। জােৱানসকলে বস্তুত উঠাই সেইটাে মহিলাৰ পাৰ্ছ বুলি নিশ্চিত হয়। পাৰ্ছটােত আছিল নগদ ১ … Read more

‘৫ কিলাে’ উৎকােচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ ED ৰ দুই বিষয়াক

নিউজ ডেস্ক। কিছুদিন পূৰ্বে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি তদন্তৰ সন্মুখীন হৈছিল অসম আৰক্ষীৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। এক কিলাে অৰ্থাৎ ১ লাখ টকা। অনুৰূপ ধৰণে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি গুজৰাটত গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ দুজন তদন্তকাৰী বিষয়া। তদন্তত ৰেহাই দিয়াৰ নামত প্ৰথম পৰ্যায়ত ‘৫ কিলাে’ উৎকোচ লৈ চিবিআইৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ … Read more

পানীত জুই! সাগৰ পৃষ্ঠৰ ভয়াৱহ জুইৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল

নিউজ ডেস্ক। এক অবিশ্বাস্য লগা যেন ঘটনা। সাগৰ পৃষ্ঠৰ ভয়াৱহ জুই। সেই দৃশ্য ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে। অৱশ্যে সম্প্ৰতি সেই জুই নিৰ্বাপিত হৈছে। শুকুৰবাৰে পুৱতি নিশা মেক্সিকোৰ য়ুকাটান উপদ্বীপৰ পশ্চিমে সাগৰ পৃষ্ঠত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। এই কথা জানিবলৈ দিয়ে ৰাজ্যিক তেল কোম্পানী পেমেক্সে। পানীৰ তলৰ পাইপলাইনৰ পৰা গেছ লিক হোৱাৰ বাবে অগ্নিৰ সূত্ৰপাত … Read more

দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদৰ ঘােষণা আমিৰ খানৰ

নিউজ ডেস্ক। ইতি পৰিল ১৫ বছৰীয়া সম্পৰ্কৰ। বিবাহ বিচ্ছেদ ঘোষণা কৰিলে বলিউড অভিনেতা আমিৰ খান আৰু চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওৱে। এক বিবৃতি যোগে এই কথা ঘোষণা কৰে দুয়োৱে। বিবৃতিত আমিৰ-কিৰণে লিখে, “বিগত ১৫ বছৰৰ আমাৰ বহু অভিজ্ঞতা হৈছে। আমাৰ সম্পৰ্কৰ মূল আছিল বিশ্বাস, শ্ৰদ্ধা আৰু অনুৰাগ। এইবাৰ আমাৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হব, কিন্তু … Read more

পানীৰ পৰা উঠি নগৰ ফুৰিবলৈ আহিল ঘঁৰিয়াল! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে পানী অথবা নৈ কাষত দেখা পোৱা যায় ঘঁৰিয়াল। কিন্তু এইবাৰ এটা ঘঁৰিয়ালক দেখা পোৱা গ’ল এক আৱাসিক এলেকাত। বৃহস্পতিবাৰে পুৱা এটা ঘঁৰিয়ালক খোজকাঢ়ি যোৱা দৃশ্য দেখা পোৱা গ’ল কৰ্ণাটকৰ উত্তৰা কানাড়া জিলাৰ কোগিলাবান্না গাঁৱৰ পথত। পুৱা সেই দৃশ্য দেখি আচৰিত হৈ পৰে স্থানীয় লোকসকল। বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। … Read more

শােকাৱহ! পিঞ্জৰাবদ্ধ ফেঁটী সাপৰ দংশনত মৃত্যু চিৰিয়াখানাৰ কৰ্মচাৰীৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ এখন চিৰিয়াখানাত চাফাইৰ কামত নিয়ােজিত অসমৰ এগৰাকী কৰ্মচাৰী পিঞ্জৰাবদ্ধ বাঘৰ আক্ৰমণত মৃত্যুৰ পাছতে এইবাৰ অনুৰূপ ধৰণে পিঞ্জৰাবদ্ধ ফেঁটী সাপৰ দংশনত চিৰিয়াখানাৰ কৰ্মচাৰীৰ ঘটনা সংঘটিত হৈছে কেৰেলাত। জানিব পৰা মতে, বৃহস্পতিবাৰে তিৰুৱনন্তপুৰম চিৰিয়াখানাৰ এজন কৰ্মীক চিৰিয়াখানাখনৰ এটা ৰজা ফেঁটী সাপে দংশন কৰাৰ ফলত মৃত্যুবৰণ কৰে। কৰ্মীজনে দুপৰীয়া সাপৰ পিঞ্জৰা পৰিষ্কাৰ … Read more

যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগত মৰ্মাহত হৈছে ৰাজ্যখনৰ সাংবাদিকসকল। মাত্ৰ বছৰ পূৰ্বে নিজ মাতৃক হেৰুওৱা সাংবাদিক মিন্টু তামুলীৰ মৃত্যুৰ খবৰে অসমৰ সংবাদ মহলতাে গভীৰ শােকৰ ছাঁ পেলাইছে। অতি কম সময়তে সংবাদজগতৰ চিনাকি মুখ হৈ পৰা তামুলীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ। জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি হৃদক্ৰিয়া … Read more

দলং ভাঙি উফন্দি উঠা নৈত ডাম্পাৰসহ উটি যােৱা অসমৰ ৩ যুৱকৰ নাই কােনাে শুংসূত্ৰ

নিউজ ডেস্ক। মৌচুমীৰ আগমনৰ লগে লগে প্ৰবল বাৰিষই বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত। ঠায়ে-ঠায়ে পাহাৰত সংঘটিত ভয়াৱহ ভূমি স্খলনৰ ফলত বন্ধ হৈ পৰিছে বাট-পথ। আনহােতে, একাধিক ঠাইত উফন্দি উঠা নৈ-উপনৈয়ে উটুৱাই নিছে দলং। যাৰ ফলত বিভিন্ন অঞ্চলৰ সৈতে জিলা সদৰ সমূহৰ যােগাযােগাে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ইপিনে, চলিত সপ্ততাহৰ মংগলবাৰে … Read more

শােকাৱহ পথ দুৰ্ঘটনাত ৩ সেনা জােৱানৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। পাহৰৰ পৰা তললৈ খহি পৰিল সেনাৰ বাহন। ৩ সেনা জােৱানৰ মৃত্যু। এই ঘটনাৰ স্থান ছিকিম। জানিব পৰা মতে, বুধবাৰে ছিকিমৰ জৱাহৰলাল নেহৰু পথৰ ৬ মাইলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। পূব ছিকিমলৈ যাত্ৰা কৰি থকা এখন ট্ৰাক খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। জানিব পৰা মতে ভাৰত-চীন … Read more

নতুন উদ্ভাৱন! মাস্ক পিন্ধিলেই জানিব পাৰিব শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি

নিউজ ডেস্ক। বৰ্তমান দেশজুৰি অব্যাহত আছে ক’ভিড-১৯ৰ সংক্ৰমণ। এই ক’ভিড-১৯ ভাইৰাছ মানুহৰ দেহত ধৰা পেলাবলৈ প্ৰয়োজন হয় ৰেপিড্ এন্টিজেন নাইবা RT-PCR টেষ্টৰ। কিন্তু এতিয়াৰ পৰা আৰু ক’ভিড চিনাক্ত কৰিবলৈ প্ৰয়োজন নহ’ব কােনাে পৰীক্ষাৰ। এইবাৰ আপুনি পৰিধান কৰি থকা মাস্কখনতে ওলাই পৰিব আপোনাৰ দেহত কভিডৰ অৱস্থিতি। তেনে এক মাস্ক উদ্ভাৱন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গৱেষকৰ দলে। … Read more