যেন সাক্ষাৎ ‘চুপাৰমেন’! নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এগৰাকী শিশুক

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে ‘মাৰে হৰি ৰাখে কোনে’। এইবাৰ পুনৰ সেই আপ্ত বাক্যশাৰীয়েই যেন প্ৰমাণিত হ’ল এক ঘটনাৰ ক্ষেত্ৰত। এই ঘটনাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম টুইটাৰত। টুইটাৰত ‘Rex Chapman’ নামৰ পেজটোৱে শ্বেয়াৰ কৰা দৃশ্যটোত দেখা অনুসৰি, এটা ব্যস্ত ৰাজপথ। অহৰহ অহা যোৱা হৈ আছে যান-বাহন। পথটোৰ ইটো পাৰে এজনী … Read more

আৰক্ষী বিষয়াই ‘O’ নিগেটিভ গ্ৰুপৰ ৰক্তদান কৰি জীৱন ৰক্ষা কৰিলে গৰ্ভৱতী মহিলাৰ

নিউজ ডেস্ক। এগৰাকী আৰক্ষী বিষয়া। বিষয়াগৰাকীয়ে দাঙি ধৰিলে মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন। এগৰাকী গৰ্ভৱতী মহিলাক অতি দুৰ্লভ ‘O’ নিগেটিভ গ্ৰুপৰ ৰক্তদান কৰি তেওঁ ৰক্ষা কৰিলে জীৱন। বিষয়াজনে ৰক্তদান কৰি থকা এখন ছবিয়ো সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। এই ঘটনা বিহাৰৰ নালন্দাৰ। ৰক্তদান কৰা সেই বিষয়া জন হ’ল নালন্দাৰ ট্ৰেফিক আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিং। … Read more

নৈশ সান্ধ্য আইনৰ মাজতে দােকানত চুৰিকাণ্ড, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

নিউজ ডেস্ক। ৰাজ্যজুৰি সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে নিতৌ সংঘটিত হৈছে চুৰি-ডকাইতিৰ ঘটনা। এইবাৰ এটা ম’বাইলৰ বিপণীত চলিল চােৰৰ চাফাই অভিযান। CCTV কেমেৰাত বন্দী হ’ল এই চুৰিকাণ্ড। শনিবাৰে নিশা ওদালগুৰি জিলাৰ টংলাৰ এখন দোকানত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ০৩.৩০ মান বজাত টংলা টাউনৰ বাছ ষ্টেণ্ডৰ ওচৰত সমীপত থকা “কৰণ কম্পজিত” নামৰ মোবাইলৰ … Read more

হাস্পতালত স্বামী-শাহু আৰু শহুৰ, ক’ভিড-১৯ত মৃত শিক্ষয়িত্ৰীৰ শেষকৃত্য সম্পন্ন কৰিলে প্ৰশাসনে

নিউজ ডেস্ক। ক’ভিড-১৯ত ধ্বংস হ’ল আন এটা সুখী পৰিয়াল। নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাট দৰঙীয়াল গাঁৱৰ কৃতী শিক্ষয়িত্ৰী মালবিকা শইকীয়া (৩৬)ৰ প্ৰাণ কাঢ়ি নিলে কাল কােৰােনাই। উল্লেখ্য যে মৃত্যুৰ সময়ত ৬ মাহৰ অন্তঃসত্ত্বা আছিল শিক্ষয়িত্ৰীগৰাকী। জানিব পৰা মতে, ক’ভিড আক্ৰান্ত হোৱাৰ পাছত দুদিন পূৰ্বে শিক্ষয়িত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসকৰ … Read more

ক’ভিড-১৯ত সংক্ৰমিত সিংহৰ মৃত্যু, চিৰিয়াখানাত চিনাক্ত ৯ টা ক’ভিড পজিটিভ সিংহ-বাঘ

নিউজ ডেস্ক। কোৰোনা ভাইৰাছে মানৱ জীৱনত সংহাৰ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ আহিছে আন এক খবৰ। এই ভাইৰাছে এইবাৰ প্ৰাণ ল’লে বনৰীয়া জন্তুৰ। চিৰিয়াখানৰ সিংহৰ দেহত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ খবৰে এতিয়া সকলোকে কৰিছে চিন্তিত। জানিব পৰা মতে, চেন্নাইৰ এখন চিৰিয়াখানাত এই ভাইৰাছত আক্ৰান্ত হৈ যোৱা ৩ জুনৰ আবেলি মৃত্যু হ’ল এটা সিংহৰ। তাৰ বিপৰীতে … Read more

হাতীয়ে শেষ শ্ৰদ্ধা জনালে মৃত মাউতক, দৃশ্য দেখি উঠিল কান্দোনৰ ৰোল

নিউজ ডেস্ক। সাধাৰণতে কোৱা হয় যে হাতী এবিধ জ্ঞানী প্ৰাণী। মানুহৰ দৰেই যেন দুখ, আৱেগ সকলো বুজি পায় হাতীয়ে। সেই কথা প্ৰায়ে প্ৰমাণ হৈ আহিছে হাতীৰ কিছু কাৰ্যই। এইবাৰ তেনে এক দৃশ্যই পুনৰ প্ৰমাণ কৰিলে হাতীৰ বিশাল আৱেগক। যিটো দৃশ্য দেখি সকলোৱেই হৈ পৰিল আৱেগিক। দৃশ্যটো কেৰেলাৰ কট্টায়ামৰ। সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ভাৰতীয় … Read more

হঠাতে খেতি পথাৰত সৃষ্টি হ’ল ৩০০ ফুট বহল প্ৰকাণ্ড গাঁত! তীব্ৰ কৌতূহল

নিউজ ডেস্ক। এক আচৰিত ঘটনা। হঠাৎ খেতি পথাৰৰ মাজত সৃষ্টি হ’ল এক প্ৰকাণ্ড গাঁত। দৃশ্যটো বন্দী হ’ল কেমেৰাত। এই অস্বাভাৱিক ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ। ৩০০ ফুট বহল সেই গাঁতৰ দৃশ্য দেখা পোৱা গ’ল মেক্সিকোৰ পুৱেবলা ৰাজ্যৰ ছান্টা মাৰিয়া জাকাটাপটাক নগৰৰ সমীপত। বৰ্তমান গাঁতটো সম্পূৰ্ণ পানীৰে ভৰি আছে আৰু ক্ৰমান্বয়ে খহি খহি ই বিশাল … Read more

দুঃসাহসিক! পোহনীয়া কুকুৰৰ জীৱন ৰক্ষাৰ বাবেই ১৭ বছৰীয়া যুৱতীৰ ভালুকৰ সৈতে যুঁজ…

নিউজ ডেস্ক। নিজৰ মৰমৰ পোহনীয়া জন্তুটোৰ কাৰণে সকলোৱেই কৰিব পাৰে কষ্ট অথবা ত্যাগ। নিজে নাখাইয়ো খুৱাব পাৰে মৰমৰ জন্তুক। এইবাৰ এনে এক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলে, যিটো দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে কিমান মৰম থাকিলে নিজৰ জীৱনৰ কথা পাহৰিয়ো কোনোৱে উদ্ধাৰ কৰিব পাৰে পোহনীয়া জন্তুক। তেনে এক দৃশ্য দেখা পোৱা গ’ল আমেৰিকাত। … Read more

শাৰী পৰিধান কৰি দুঃসাহসিক স্কেটিং ৪৬ বছৰীয়া মহিলাৰ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলোৱেই সম্ভৱ। সেই কথা এইবাৰ প্ৰমাণ কৰিলে এগৰাকী ৪৬ বছৰীয়া মহিলাই। এই মহিলাগৰাকীয়ে শাৰী পৰিধান কৰি প্ৰদৰ্শন কৰি দেখুৱালে ‘স্কেট বৰ্ডিং’ খেল। মহিলা গৰাকীৰ নাম হল অৰ্বী ৰয়। তেওঁ তৰণ্টত সেই খেল প্ৰদৰ্শন কৰে আৰু ‘আণ্টী স্কেটচ’ হিচাপে জনপ্ৰিয় সেই খেলৰ তেওঁৰ সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক … Read more

ভয়ংকৰ কাণ্ড! এঘণ্টাতে ৩ পালি ক’ভিড প্ৰতিষেধক প্ৰদান বৃদ্ধ মহিলাক

নিউজ ডেস্ক। এক আচৰিত তথা ভয়ংকৰ কাণ্ড! এঘন্টাৰ ভিতৰতে এগৰাকী বৃদ্ধাক ৩ পালি ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান। হয়, আচৰিত যেন লাগিলেও এই ঘটনা সঁচা। এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এলেকাধীন ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত। এঘন্টাতে এগৰাকী মহিলাই লাভ কৰিলে ক’ভিশ্বিল্ড’ৰ তিনিটাকৈ বেজী। জানিব পৰা মতে, সাপেখাতীত খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই বুধবাৰে সাপেখাতী … Read more