কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। দেশত কোৰোনা পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। মহামাৰী কোৰোনাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে দেশৰ জনসাধাৰণ। কিন্তু তেনে সময়তে এক আজৱ মন্তব্য কৰিছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে। তেওঁ কয় যে কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো জীয়াই থকাৰ অধিকাৰ আছে। এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে হৈ পৰিছে ভাইৰেল। ৰাৱাটে এক টিভি সাক্ষাৎকাৰত … Read more

পৃথিৱীৰ সৰ্বােচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰােহণ অৰুণাচল প্ৰদেশৰ যুৱতীৰ!

নিউজ ডেস্ক। বৰ্তমান কভিড মহামাৰীৰ সময়তে এক সুখবৰ উত্তৰ পূৱবাসীৰ বাবে। মহামাৰীৰ সময়তো বহুতো কভিড বিধি মানি পৃথিৱীৰ সৰ্ব্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে। যুৱতী গৰাকীৰ নাম টাচি য়ংজাম। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙৰ যুৱতী গৰাকীয়ে সফলতাৰে যোৱা ১১ মে’ৰ পুৱা ৬ বজাত খোজ দিয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগটোত। … Read more

মৰ্মান্তিক! কন্যাৰ বিবাহৰ প্ৰস্তুতিৰ মাজতে ক’ভিডত ভুগি ১২ ঘন্টাৰ ব্যৱধানত মৃত্যু হ’ল মাতৃৃ-কন্যাৰ

দিব্যজ্যােতি ৰাখজােৱা। এক হৃদয় বিদাৰক ঘটনা। নিজ কন্যাৰ বিবাহৰ বাবে চলাই আছিল প্ৰস্তুতি। মাতৃয়ে কন্যাৰ বিবাহৰ বাবে বজাৰ আৰু আত্মীয় স্বজনক আমন্ত্ৰণ কৰিবলৈ গৈ আক্ৰান্ত হ’ল কভিডত। মাতৃৰ লগতে আক্ৰান্ত হ’ল নিজ কন্যা অৰ্থাৎ কইনাও। মৃত্যু হ’ল মাতৃৰ। মাতৃৰ চিতাৰ জুই জ্বলি থাকোতেই মৃত্যু হ’ল কইনাৰ। এই শোকজনক ঘটনাটো সংঘটিত হয় ৰাজস্থানৰ কোটাত। ঘটনা অনুসৰি, … Read more

নতুন কৌশল! জুইচ পাউদাৰৰ টেমাত লুকুৱাই অনা ১.২੦ কােটি টকাৰ চােৰাং সােণ জব্দ বিমানবন্দৰত

নিউজ ডেস্ক। এইবাৰ সোণ সৰবৰাহত সৰবৰাকাৰীয়ে ব্যৱহাৰ কৰিলে নতুন কৌশল। জুইচ পাউদাৰৰ টেমাৰ ভিতৰত সোণ ভৰাই ছীল কৰি সৰবৰাহ কৰে সোণ। এইবাৰ বিদেশৰ পৰা অহা তেনে এক পেকেজিং সামগ্ৰী চেন্নাই বিমানবন্দৰত জব্দ কৰিলে সীমা শুল্ক বিভাগে। যোৱা ১০ মে’ত আন্তঃৰাষ্ট্ৰীয় এক সোণ সৰবৰাহকাৰী চক্ৰৰ পৰা বিভাগে জব্দ কৰে ২.৫ কিলো ওজনৰ সোণ। জানিব পৰা মতে, … Read more

বহিঃৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমৰ লেখিকাৰ মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌত বহিঃৰাজ্যত নিতৌ মৃত্যু ঘটিছে অসমীয়া লােকৰ। শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত অসমৰ এগৰাকী লেখিকাৰ বহিঃৰাজ্যত মৃত্যু হােৱা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা লেখিকাগৰাকী নাম সুকন্যা চৌধুৰী। প্ৰয়াত চৌধুৰী কৰিমগঞ্জ চহৰৰ আজাদ সাগৰ ৰোডৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পশ্চিম বংগৰ বৰ্ধমানৰ এখন হাস্পতালত মংগলবাৰে মৃত্যু হয় মহিলাগৰাকীৰ। বিগত দহ দিন … Read more

ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল ৯੦ বছৰৰ উৰ্ধৰ বাওঁপন্থী নেতা হেমেন দাস

নিউজ ডেস্ক। ৰাজ্যজুৰি ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ উৰ্ধগামী হােৱাৰ মাজতে এক ভাল খবৰ। ক’ভিড-১৯ক জয় পৰাস্ত কৰিলে বৰ্ষীয়ান বাঁওপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে। উল্লেখ্য যে যােৱা ২৯ এপ্ৰিলত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হােৱাৰ পাছত চিআইএমৰ বৰ্ষীয়ান নেতা হেমেন দাস যোৱা ৩০ এপ্ৰিলৰ পৰা গুৱাহাটীৰ জিএনআৰচিৰ অধীনৰ ক’ভিড কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল। বাৰ্ধক্যজনিত কাৰণত … Read more

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

নিউজ ডেস্ক। দেশৰ বৰ্তমান কভিড পৰিস্থিতি অতিকে জটিল। এই ৰোগত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুতে। বহুতে আক্ৰান্ত সকলক সহায়ৰ বাবে কৰিছে নানা কৰ্ম। যোগান ধৰিছে গাড়ী, অক্সিজেন অথবা খাদ্য। তেনে এক সময়তে পোহৰলৈ আহিছে আন এক ইতিবাচক ঘটনাৰ তথ্য। নিজৰ ক’ভিড আক্ৰান্ত গৰ্ভৱতী ভগ্নী আৰু আন-আন ক’ভিড ৰােগীৰ জীৱন ৰক্ষাৰ বাবে ক’ভিড আক্ৰান্ত এজন যুৱকে অক্সিজেন … Read more

তৃষ্ণাৰ্ত পথৰ কুকুৰক পানী খুৱালে আৰক্ষী জোৱানে! সামাজিক মাধ্যমত ভাইৰেল দৃশ্য

নিউজ ডেস্ক। কোৰোনাৰ গ্ৰাসত পৰি নানা সংকটৰ সন্মুখীন হৈছে মানুহ। কৰবাত চিকিৎসক নাই, কৰবাত নাই চিকিৎসালয়ৰ বিছনা। দেশজুৰি অক্সিজেনৰ হৈছে নাটনি। এনে সময়ত কোনোৱে আনৰ বাবে ভাবিবলৈ যেন আহৰি নাই। কিন্তু তেনে সময়তে এক দৃশ্যই সকলোকে কৰিছে মোহিত। সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যটোৱে আপোনাক কিছু ক্ষণৰ বাবে হলেও যোগাব উৎসাহ। দৃশ্যটো সাধাৰণ যেন লাগিলেও বৰ্তমান … Read more

মৃত্যুৰ অভিলেখ! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৭৭ জনৰ

নিউজ ডেস্ক। ৰাজ্যত নতুন চৰকাৰৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হিচাপে থিয় দিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হােৱা পৰিস্থিতিয়ে। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই নিজ মুখে এই কথা স্বীকাৰ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ মাজতে আহিছে এক বেয়া খবৰ। চৰকাৰ গঠনৰ দিনাই ৰাজ্যজুৰি মৃত্যু হ’ল ৭৭ জনকৈ ক’ভিড ৰােগীৰ। মৃতকৰ ভিতৰত সৰ্বাধিক ৩੦ জন লােক … Read more

বিয়াত বহিয়েই পুনৰ ক’ভিড ৰােগীৰ চিকিৎসাত নামিল এগৰাকী মহিলা চিকিৎসক

নিউজ ডেস্ক। দেশত কাল কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত। এনে সময়ত আহৰি নাইকীয়া হৈছে ক’ভিড যোদ্ধা সকলৰ। বিশেষকৈ প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত হোৱা চিকিৎসক সকলে উশাহ লবলৈয়ো পোৱা নাই অকণমান সময়। বহুতো চিকিৎসকে পিতৃ-মাতৃ অথবা আত্মীয়ৰ মৃত্যু হোৱা সত্ত্বেও অব্যাহত ৰাখিছে মানৱ সেৱা। দুখ, শোক আৰু কষ্টক নেওচি … Read more