বুধবাৰৰ পৰা বিয়লি ২ বজাৰ পৰা বন্ধ থাকিব দোকান-পোহাৰ, সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন জাৰি…

অসমত কোভিড-১৯ ৰ সংক্ৰমণ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা নৈশ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰিছে। এই সন্দৰ্ভত মংগলবাৰে চৰকাৰে কৰা ঘােষণা অনুসৰি, বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব নৈশ সান্ধ্য আইন। ইয়াৰ লগতে বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ সলনি দিনৰ ২ বজাৰ পৰা বন্ধ থাকিব ৰাজ্যৰ … Read more

মেট্ৰিকৰ পাছতে উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাও স্থগিত!

নিউজ ডেস্ক। অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ই অহা ১১ মে’ৰ পৰা অনুষ্ঠিতব্য হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা স্থগিতকৰণৰ কথা ঘােষণা পাছত এইবাৰ উচ্চতম মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত বুলি ঘােষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। । এক জাননী যোগে এই কথা প্ৰকাশ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে। ৰাজ্যৰ শেহতীয়া ক’ভিড … Read more

মৰ্মান্তিক! বিদ্যুতৰ খুঁটাত খুন্দিয়ালে বাহনে, থিতাতে মৃত্যু ৰাভা ছাত্ৰ সন্থাৰ দুই কৰ্মীৰ

এক শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে প্ৰাণ হেৰুৱালে নিখিল ৰাভা ছাত্ৰ সন্থাৰ দুই কৰ্মী দীপাংক ৰাভা আৰু পল্লৱ ৰাভাই। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুজন যুৱক। আহত যুৱক দুজনৰ নাম ভোটাচ সিং আৰু বিসঞ্জয় ৰাভা। উল্লেখ্য যে দীপাংক ৰাভা জিৰা আঞ্চলিক ৰাভা ছাত্র সন্থাৰ সভাপতি। দুৰ্ঘটনাটো সংঘতিত হয় গোৱালপাৰাৰ কাছুমাৰীৰ তুৰা-পাইকান পথত। নিয়ন্ত্ৰণ হেৰুৱাই ৱেগনাৰ বাহনেৰে … Read more

কন্যাৰ বিবাহৰ পৰা উভতি আহোঁতে মাতৃ, ভাতৃ আৰু বৌৱেকৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক অতি শোকাৱহ দুৰ্ঘটনা। নিজ কন্যাৰ বিবাহ অনুষ্ঠানৰ পৰা ঘূৰি আহোঁতে সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল মাতৃ, ভাতৃ আৰু বৌৱেকৰ। এই দুৰ্ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ৰিং ৰোডত। জানিব পৰা মতে, শুকুৰবাৰৰ দিনা উখৰা ৰোডৰ নিবাসী ৰাজকুমাৰ পৰাশৰৰ কন্যাৰ বিবাহ সম্পন্ন হৈছিল। শুকুৰবাৰে বিবাহ সম্পন্ন কৰি শনিবাৰৰ ৰাতিপুৱা তেওঁলোকৰ পৰিয়াল ঘৰলৈ … Read more

উদীয়মান গীতিকাৰ-সুৰকাৰ চন্দন কাকতিৰ মৃত্যু, বিধায়কসহ বিভিন্ন দল-সংগঠনৰ শোক

নিউজ ডেস্ক। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যেন হঠাতে আহি পৰিছে কাল অমানিশা। কিছুদিন পূৰ্বে সাংস্কৃতিক জগতখনৰ অপ্ৰতিদ্বন্দী কণ্ঠশিল্পী হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা ভিটালী দাস, অসমীয়া কথাছবি জগতৰ প্ৰথম মহিলা সংগীত পৰিচালিকা, অধ্যাপিকা ডঃ বিজয়লক্ষ্মী দাস আৰু উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী পাৰবিন পৰীয়ে অপ্রত্যাশিত ভাবে সাংস্কৃতিক জগতখন উকা কৰি অনন্তধামলৈ গতি কৰাৰ পিছত সােমবাৰে পুনৰ পশ্চিম … Read more

বকোত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ…

অৱশেষত বকো সমষ্টিত শেষ হাঁহি মাৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ। ৫৩৪২০ টা ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে। নন্দিতা দাসে মুঠ ভোট লাভ কৰে ১২০৪২০টা ভোট। আনহাতে সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসে লাভ কৰে ৬৭০০০ টা ভোট। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসে লাভ কৰে ১২০৬২টা ভোট। নিজৰ এই … Read more

মাজুলীত সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়…

বহু জল্পনা কল্পনাৰ অন্ত। মাজুলীত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়। সোণোৱালৰ সন্মুখত ধৰাসায়ী হয় কংগ্ৰেছ প্ৰাৰ্থী। সৰ্বানন্দ সোণোৱালে লাভ কৰে ৬৯,৭৪২ টা ভোট। আনহাতে মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগু ২৭,৫৭৪ টা ভোটা। সৰ্বানন্দ সোণোৱালে ৪২,১৬৮ টা ভোটত বিজয়ী সাব্যস্ত কৰে।

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা, কাৰাগাৰৰ পৰা জয়ী হ’ল অখিল গগৈ…

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা। কাৰাগাৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কাৰাবন্দী অৱস্থাৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীত আগবঢ়াই অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীক ১১,৭৭৯ টা ভােটৰ ব্যৱধানত পৰাজিত কৰে। অখিল গগৈয়ে ৫৭,১৭৩ টা ভােট লাভ কৰাৰ বিপৰীতে সুৰভি ৰাজকুঁৱৰীয়ে লাভ কৰে ৪৫,৩৯৪ টা ভােট। উল্লেখ্য যে … Read more

ক’ভিড-১৯ত আক্ৰান্ত হৈ দিল্লীত অসমৰ চিকিৎসকৰ মৃত্যু, পত্নীও আক্ৰান্ত

নিউজ ডেস্ক। নতুন দিল্লীৰ পৰা অসমবাসীৰ বাবে আহিল আন এটা বেয়া খবৰ। চলিত সপ্তাহত দিল্লীত কৰ্মৰত কেবাজনাে অসমীয়া লােকৰ ক’ভিড-১৯ত মৃত্যু ঘটিছে। এইবাৰ অসমৰ এজন চিকিৎসকৰ দিল্লীত ক’ভিডত মৃত্যুৰ খবৰ পােৱা গৈছে। জানিব পৰা মতে, ডাঃ ডিম্বেশ্বৰ বৰা (৭০) নামৰ দিল্লীস্থ অসমৰ চিকিৎসকজনৰ ২৯ এপ্ৰিলৰ নিশা ক’ভিডত মৃত্যু ঘটে। তেওঁৰ পত্নী ডাঃ বিমলা বৰাও ক’ভিডত আক্ৰান্ত … Read more

মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক অনাকাংক্ষিত দুঃখবৰ খবৰ। ক’ভিড-১৯ত পুনৰ প্ৰাণ হেৰুৱালে অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে। বিশিষ্ট কন্ঠশিল্পী ভিতালী দাস আৰু ডঃ বিজয়লক্ষ্মী দাসৰ পাছত এইবাৰ ক’ভিড-১৯ত প্ৰাণ গ’ল জনপ্ৰিয় কন্ঠশিল্পী পাৰবীন পৰীৰ। উল্লেখ্য যে ক’ভিড-১৯ত ভুগি থকা গায়িকা গৰাকীয়ে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল। গায়িকা গৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল ক’ভিডত। দুদিন পূৰ্বে কোভিডত … Read more