আজব ঘটনা! জ্যেষ্ঠ আৰক্ষী বিষয়াক উৎকােচ দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল এএছআই

নিউজ ডেস্ক। বিভিন্ন অজুহাতত একাংশ খাকী পােছাকধাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰা কােনাে নতুন কথা নহয় যদিও এইবাৰ খােদ এগৰাকী খাকী পােছাকধাৰীয়ে জ্যেষ্ঠ বিষয়াক উৎকােচ দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ এজন সহকাৰী উপ-পৰিদৰ্শকক জিলাখনৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকক তেওঁৰ কাৰ্যালয়ত উৎকোচ দিবলৈ চেষ্টা চলােৱাৰ অভিযােগত গ্ৰেপ্তাৰ কৰা হয়। ধৃত … Read more

SSB ৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত প্ৰথমগৰাকী অসম সন্তান ডঃ সুজয় লাল থাউচেন

নিউজ ডেস্ক। ভাৰতৰ সৈতে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান আৰু নেপাল সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়ােজিত বিশেষ অৰ্ধ সামৰিক বাহিনীৰ মুৰব্বীৰ পদত অধিষ্ঠিত হ’ল প্ৰথমগৰাকী অসমীয়া। কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ সীমা বাহিনী চমুকে এছএছবিৰ সঞ্চালক প্ৰধান পদত নিযুক্ত কৰিছে ১৯৮৮ চনৰ মধ্য প্ৰদেশ কেডাৰৰ আইপিএছ বিষয়া সুজয় লাল থাউচেনক। ভাৰতীয় আৰক্ষী সেৱাত যােগদান কৰিয়েই থাউছেনে বিভিন্ন গুৰুত্বপূৰ্ণ পদত সুখ্যাতিৰে … Read more

হঠাতে অসুস্থ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা, হাস্পতালত চিকিৎসাধীন

নিউজ ডেস্ক। হঠাতে অসুস্থ হৈ পৰিল অসমৰ জনপ্ৰিয় গায়িকা জুবলী বৰুৱা। মূলতঃ ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰৱৰ্তী স্বাস্থ্যজনিত জটিলতাত ভুগি মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন জুবলী বৰুৱা। জানিব পৰা মতে, বিগত ৫ দিন ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে জুবলী বৰুৱা। ভাইৰেল নিউমনিয়াতাে ভুগিছে জুবলী। অৱশ্যে জুবলীৰ স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশ কৰিছে চিকিৎসকে। ইপিনে, এনে স্বাস্থ্যজনিত কাৰণতে … Read more

উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

নিউজ ডেস্ক। চৰকাৰী বিভাগসমূহত দুৰ্নীতিৰ পােহাৰ মেলা একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ ঠিকাদাৰৰ পৰা নগদ ২৫ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পৌৰ প্ৰশাসনিক কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস। এগৰাকী ঠিকাদাৰৰ ধন মােকলাই দিয়াৰ বাবদ ২৫ হাজাৰ টকাৰ ঘােচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলৰ … Read more

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিজৰ বিবাহ বাৰ্ষিকীৰ দিনটােতে পত্নী-পৰিয়ালক এৰি চিৰদিনৰ বাবে গুচি গ’ল এগৰাকী শিক্ষক। ৰাজ্যৰ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি থকাৰ মাজতে এই শােকাৱহ ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ ডিমৌত। জানিব পৰা মতে, জিলাখনৰ ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ পানীদিহিঙৰ ৫৭ … Read more

মৰ্মান্তিক! দ পুখুৰীত পৰি ছাত্ৰীৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা দুই বান্ধৱীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। দ পুখুৰীত পৰিল সলিল সমাধি ঘটিল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ। কথমপি প্ৰাণৰক্ষা ছাত্ৰীগৰাকীৰ দুই বান্ধৱীৰ। এই ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ ডিমৌৰ বকতা বৰপিয়ালহাবি গাঁৱত। জানিব পৰা মতে, গাঁওখনৰ বাসিন্দা ধীৰেণ ফুকন আৰু প্রবৃতি ফুকনৰ কনিষ্ঠ কন্যা তথা নাজিৰাৰ স্বৰাজ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থী কৃষ্ণাক্ষী ফুকনে বিয়লি ৪ মান … Read more

সপোন চূৰমাৰ! আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ বাবে গৈ ট্ৰাকৰ খুন্দাত মৃত্যু ৩ কিশোৰৰ…

মঙলবাৰে পুৱাই সংঘটিত হয় এক শোকৱাহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে ৭ গৰাকী প্ৰাতঃভ্ৰমণকাৰীক। যাৰ ফলত ৩ কিশোৰীসহ এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৫ গৰাকীকৈ লোকে। দৰঙৰ ছিপাঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷ আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ কৰি থকাৰ সময়তে … Read more

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

নিউজ ডেস্ক। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত থকাৰ পিছতাে অসৎ পন্থাৰে ধন উপাৰ্জনৰ হাবিয়াস হ্ৰাস পােৱা নাই একাংশৰ। ঠিকাৰ ধন মােকলাই দিয়াৰ নামত মােটা অংকৰ কমিছন দাবী কৰি এইবাৰ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাসহ বিভাগীয় কৰ্মচাৰী। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি … Read more

শােকাৱহ! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত নাও দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানি নিছাতৰ

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ মায়াং থানাৰ অন্তৰ্গত কাউৰহাগী আৰু কলবাৰী গাঁৱৰ মাজৰ পকৰীয়া নৈত বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত এক শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হয়। এখন টুলুঙা নাৱেৰে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই নাও দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত প্ৰধান শিক্ষকৰ লগতে দহগৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাটোৰ ফলত … Read more

বিশ্বৰ সৰ্বােচ্চ শৃংগ আৰােহণ সপ্তমগৰাকী অসমীয়াৰ

নিউজ ডেস্ক। বিশ্বৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট আৰােহণ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসমীয়া যুৱকে। কামৰূপ জিলাৰ হাজোৰ হেদায়েৎ আলীয়ে আৰােহণ কৰিলে এভাৰেষ্ট শৃংগ। এভাৰেষ্ট শৃংগত আৰােহণ কৰা সপ্তমগৰাকী অসমীয়া হিচাপে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে হেদায়েৎ আলীয়ে। উল্লেখ্য যে কৰ্মসূত্ৰে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত বাস কৰে হেদায়েৎ‌ আলীয়ে। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৭.৩০বজাত এভাৰেষ্ট শৃংগ আৰোহণ কৰে … Read more