চাঞ্চল্যকৰ ঘটনা! গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা আৰক্ষী স্বামীৰ…

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদত সংঘটিত হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম আৰক্ষীৰ এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিছে নিজৰ অন্তঃসত্বা পত্নীক। অৱশ্যে হত্যাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, ২০১৮ চনৰ ১২ আগষ্টত বিবাহ পাশত … Read more

বস্ত্ৰনগৰী শুৱালকুছিত পাট-মুগাৰ কাপোৰ দেখি অভিভূত ইউছুফ পাঠান

নিউজ ডেস্ক। বস্ত্ৰনগৰী শুৱালকুছিত শনিবাৰে উপস্থিত হয় ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ইউছুফ পাঠান। অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ক্ৰিকেট একাডেমী উদ্বােধন কৰিবলৈ অহা পথত ক্রিকেটাৰজন হঠাৎ ইয়াত উপস্থিত হৈ শুৱালকুছিত। শুৱালকুছিত উপস্থিত হয় ইয়াত উৎপাদিত মুগা-পাট বস্ত্ৰশিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগত মত বিনিময় কৰে। পাট-মুগাৰ বিভিন্ন কাপোৰ প্ৰত্যক্ষ কৰাৰ … Read more

দুৰ্ঘটনাত আহত হৈ AMCH ত চিকিৎসাধীন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰে সৈতে যুঁজ দি হাৰ মানিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ তথা ডিব্ৰুগড় জিলাৰ মৰাণ-খােৱাঙৰ বাসিন্দা চাবিনা মিঞ্জে। উল্লেখ্য যে কিছুদিন পূৰ্বে এক ভয়ংকৰ পথ দুর্ঘটনাত আহত হৈ ডিব্ৰুগড় AMCH ত চিকিৎসাধীন হৈ আছিল চাবিনা। কিন্তু শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। জানিব পৰা মতে, খোৱাঙৰ শালমাৰি চাহ বাগিছাৰ বাসিন্দা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা … Read more

প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে- দাতাই দিলেও বিধাতাই নিদিয়ে। এই কথাই যেন বাস্তৱায়িত হ’ল অসম আৰক্ষীৰ এগৰাকী নৱ-নিযুক্ত উপ-পৰিদৰ্শকৰ ক্ষেত্ৰত। সৰুৰে পৰা আৰক্ষী পিতৃৰ দৰেই নিজে এগৰাকী আৰক্ষী বিষয়া হােৱাৰ সপােন দেখা কােকৰাঝাৰৰ মনেশ্বৰ পণ্ডিৰ এই সপােন পূৰ্ণ হ’ল যদিও প্ৰশিক্ষণৰ সময়তে নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে তেওঁৰ প্ৰাণ। মনেশ্বৰ পণ্ডিত উল্লেখ্য যে শ্বিলঙৰ … Read more

৪০ শতাংশ পাঠ কৰ্তনেৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষাঃ শিক্ষাৰ্থীক আশ্বস্ত কৰি শিক্ষামন্ত্ৰীয়ে ক’লে এই কথা..

নিউজ ডেস্ক। ৪০ শতাংশ পাঠ কৰ্তনেৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা। সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্পষ্ট কৰি দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতত লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ২০২১ চনত যি প্ৰশ্নকাকত ৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে প্ৰস্তুত কৰা হৈছিল, সেই প্ৰশ্নকাকতেৰেই এইবাৰ পৰীক্ষা অনুষ্ঠিত হব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘২০২১ বৰ্ষত কোভিড পৰিস্থিতিৰ … Read more

এতিয়াৰে পৰা ৰাজ্যত নাথাকিব ৰেভিনিউ টাউন, জানক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে

নিউজ ডেস্ক। সোমবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মেলযোগে জানিবলৈ দিয়ে এই সিদ্ধান্ত সমূহৰ বিষয়ে। সোমবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা অসমত নাথাকিব কোনো ৰেভিনিউ টাউন। পূৰ্বে মিউনিচিপাল বোৰ্ড … Read more

তীব্ৰবেগী ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু দুই যুৱকৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু বাইক আৰােহী দুই যুৱকৰ। সংঘৰ্ষৰ পিছতে জ্বলি উঠিল দুয়ােখন বাহন। এই শােকাৱহ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্রায় ৫.১৫ বজাত সংঘটিত দুৰ্ঘটনাৰ পাচতে দুয়োখন বাহন ৰাজপথতে দাওদাওকৈ … Read more

মোক ঢুকি পাবলৈ ৭টা জনম লাগিব সীমান্ত শেখৰকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। এফালে শিল্পী, সাহিত্যক, বুদ্ধিজীৱী। আনফালে নেতা, পালিনেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰী। অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুটি কিমান দিন পাতিব লাগে, তাক লৈ ৰাজ্যত আৰম্ভ হৈছে চৰ্চা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব’হাগ বিহু সাত দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বানৰ বিৰোধিতা কৰি বাৰপুজিয়াৰ সাংস্কৃতিক মঞ্চৰ পৰা মুখ্যমন্ত্ৰীক “হু দ্য হেল ইউ আৰ” বুলি প্ৰশ্ন কৰিছিল শিল্পী জুবিন … Read more

মাজুলীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ ফোন!

নিউজ ডেস্ক। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ মোবাইল ফোন। কিছু সময়ৰ বাবে প্ৰচাৰ মঞ্চত সৃষ্টি হল হাহাকাৰ পৰিস্থিতিৰ। সকলোৱে বিচাৰিলে। মঞ্চৰ প্ৰতিটো চুক-কোণত মুখ্যমন্ত্ৰীৰ মোবাইল বিচাৰি চলাথ কৰিলে নেতা-কৰ্মী আৰু নিৰাপত্তাৰক্ষীয়ে। অৱশ্যে পিছত নিৰপত্তাৰক্ষীৰ বাহনতে উদ্ধাৰ হল মোবাইল ফোনটো। দৰাচলতে মাজুলীৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাজুলীত বাহৰ পাতি তেওঁ … Read more

বিহু কেইদিন পাতিব সেয়া ৰাইজৰ কথা মন্ত্ৰী-বিধায়কৰ নহয়ঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। ‘বিহু কেইদিন পাতিব লাগে সেয়া মন্ত্রী-বিধায়কে ক’ব নালাগে, তেওঁলোকে দেশৰ উন্নয়নৰ কামত গুৰুত্ব দিয়ক।’ এই মন্তব্য অসমৰ জনপ্রিয় শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্র’ব জুবিন গাৰ্গৰ। উল্লেখ্য যে ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জুবিন গাৰ্গে। বিহু ৰাইজৰ আৰু বিহু পাতিবলৈ কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই … Read more