চলন্ত বাইকৰ ওপৰত গছ পৰি দুজন যুৱকৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। পাহাৰীয়া পথত অবৈধভাৱে কটা গছ পৰিল চলন্ত বাইকৰ ওপৰত। এই ঘটনাত প্ৰাণ গ’ল দুজন বাইক আৰােহীৰ। এই ঘটনাৰ স্থান মহানগৰীৰ সোণাপুৰ থানাৰ অন্তৰ্গত বেজেনি। প্ৰাপ্ত তথ্য মতে, শনিবাৰে বিয়লি ভাগত বাইকেৰে কলংপাৰৰ পৰা বেজেনিলৈ আহি থকা অৱস্থাত বেজেনি পথত প্ৰকাণ্ড মাকৰিশাল গছ দুয়োজন বাইক আৰোহীৰ ওপৰতে বাগৰি পৰে। ফলত ৰিণ্টু … Read more

পেট্ৰ’লতকৈ পানীৰ দামহে বেছি! আজব যুক্তি পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে চেঞ্চুৰি কােবাইছে পেট্ৰ’লৰ দামে। পেট্ৰ’লৰ লগতে বৃদ্ধি পাইছে ডিজেল তথা ৰন্ধন গেছৰ মূল্যও। এনে মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক জ্বলা-ক’লা খুওৱাৰ সময়তে এক আজব যুক্তিৰে এই মূল্যবৃদ্ধিক যুক্তিসংগত আখ্যা দিছে অসমৰ সাংসদ তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দৰ্শাই কয়, ”ভেকচিনৰ পইচা কৰ পৰা … Read more

মৰ্মান্তিক! পানীভৰ্তি বাল্টিত সোমাই ১০ মহীয়া শিশুৰ মৃত্যু

নিউজ ডেস্ক। মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত নিউ সোণোৱাল চাহ বাগিচাত সংঘটিত হ’ল এক শোকাৱহ ঘটনাত এটি কণমানি শিশুৰ মৃত্যু হয়। নিউ সোণোৱাল চাহ বাগিচাৰ বাপন ভূমিজ আৰু তেওঁৰ পত্নী নিভা ভূমিজ প্ৰায় ১০ মহীয়া পুত্ৰ মাইনা ভূমিজৰ এটা পানীভৰ্তি বাল্টিত সোমাই যোৱাত শোকাৱহ মৃত্যু হয়। বাপন ভূমিজৰ পত্নী ঘটনাৰ সময়ত ওচৰতে থকা মাকৰ ঘৰত আছিল। … Read more

স্বাৱলম্বিতাৰ ব্যতিক্ৰমী বাট দেখুৱাই সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা অসমৰ এগৰাকী সাহসী যুৱতী…

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে চৰ্চিত হৈ পৰিছে অসমৰ এগৰাকী যুৱতী। স্বাৱলম্বিতাৰ বাবে যুৱতীগৰাকীয়ে বাচি লােৱা ব্যতিক্ৰমী পন্থাৰ বাবে সকলােৱে একমুখে প্ৰশংসা কৰিছে যুৱতীগৰাকীক। প্ৰচণ্ড ৰ’দ-বৰষুণকো নেওচি কাহিলি পুৱাৰ পৰা নিশালৈ নিজ কৰ্মত ব্যস্ত এইগৰাকী সাহসী যুৱতী। শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ২০ বছৰীয়া এই যুৱতীগৰাকীৰ নাম লীজা ভূঞা। স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰীগৰাকীৰ কৰ্মই সকলোৰে দৃষ্টি … Read more

নাই বিদ্যু সংযােগ, বেটাৰীৰে ম’বাইল চাৰ্জ দিবলৈ অসমৰ এখন গাঁৱত গঞাৰ দীঘলীয়া শাৰী

নিউজ ডেস্ক। লংকাৰ কাকীত বিদ্যুতৰ বাবে হাহাকাৰ ৰাইজৰ। কাকী ৰণথলী গাঁৱৰ ৰাইজৰ এই হাহাকাৰ। হোজাই জিলাৰ লামডিং সমষ্টিৰ কাকীত থাইছুংপাৰ পঞ্চায়তৰ এখন গাঁও। গাঁওখনৰ নাম ‘২হাজাৰ বিঘা ৰণথলী’ গাঁও। . ৫੦ বছৰে গাঁও পাতি ৰাইজে বসবাস কৰি আছে যদিও গাঁওখনত আজিলৈ নহ’ল বিদ্যুৎ সংযোগ। নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনীতিবিদ বা পঞ্চায়তৰ প্ৰতিনিধি নেতাসকল গাঁওখনলৈ আহি প্ৰতিশ্ৰুতিৰ … Read more

‘হাফ পেণ্ট’ পিন্ধি কাৰ্যালয়লৈ নাহিব! ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জাননী

নিউজ ডেস্ক। পুনৰ চৰ্চাত হাফ পেন্ট। অৱশ্যে এইবাৰ কােনাে পৰীক্ষা কেন্দ্ৰক লৈ নহয়, ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতহে চৰ্চিত হৈছে হাফ পেন্ট। উল্লেখ্য যে চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত আঁৰি থোৱা এখন বিশেষ জাননীয়ে এতিয়া সৰ্বত্ৰে চৰ্চাৰ কাৰণ হৈ পৰিছে। কাৰ্য্যালয়ৰ বেৰত আঁৰি থোৱা জাননীত উল্লেখ কৰা আছেঃ কাৰ্যালয়ৰ শিষ্টাচাৰ নীতি অনুসৰি এই কাৰ্যালয়ত … Read more

দৰমহা নহয়, লােকসেৱাৰ জৰিয়তে জীৱন সাৰ্থক কৰিবলৈ অৱতীৰ্ণ হ’লাে UPSC পৰীক্ষাতঃ হাচানুজ্জামান

নিউজ ডেস্ক। শুকুৰবাৰে ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হল অসমৰ এজন যুৱক। বৰাক উপত্যকাৰ হাইলাকান্দিৰ যুৱক আহমেদ হাচানুজ্জামান চৌধুৰী উত্তীৰ্ণ হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত। তেওঁ লাভ কৰিবলৈ সক্ষম ২৮৩ সংখ্যক স্থান। তেওঁৰ এই সফলতাই আনন্দৰ বন্যা কঢ়িয়াই আনিছে সমগ্ৰ বৰাকবাসীলৈ। চৌধুৰী জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জনিয়াৰিঙ বিভাগৰ স্নাতক। চৌধুৰীয়ে ২০১২ চনত … Read more

আৰক্ষীক উৎকােচ দাবী! এহেজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ কােষাগাৰৰ মহিলা কৰ্মচাৰী

নিউজ ডেস্ক। বিভিন্ন কাম কৰি দিয়াৰ বিনিময়ত একাংশ দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰাটাে তেনেই সাধাৰণ ঘটনা। কিন্তু এইবাৰ এখােপ আগুৱাই গৈ আৰক্ষীৰ পৰাই উৎকােচ দাবী কৰিলে কােষাগাৰৰ মহিলা কৰ্মচাৰীয়ে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলা কােষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত। অৱশ্যে এই বিষয়ে তথ্য লাভ কৰি খােদ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই … Read more

খেতি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু, আটক পিতা-পুত্ৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া ভয়াবহ হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। মহানগৰীৰ দাঁতি কাষৰীয়া অসম মেঘালয় সীমান্তৰ ৰাণী অঞ্চলতো দীৰ্ঘদিন ধৰি চলি আহিছে হাতী মানুহৰ সংঘাত। ইয়াৰ ফলত কেতিয়াবা মানুহ আৰু কেতিয়াবা বন্যহস্তীৰ প্ৰাণ গৈছে। এনে ঘটনা সংঘটিত হল কালি মাজনিশা মহানগৰীৰ পাশ্বৱৰ্তী অসম মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী উদয়পুৰৰ … Read more

গুৱাহাটী বিমানবন্দৰত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা জব্দ কৰি পুৰস্কৃত CISF ৰ দুই জােৱান

নিউজ ডেস্ক। গুৱাহাটী বিমানবন্দৰত এজন যাত্ৰীৰ পৰা অতি কৌশলপূৰ্ণ ভাৱে লুকুৱাই অনা বৃহৎ পৰিমাণৰ মাৰ্কিন মুদ্ৰা জব্দ কৰি বিভাগীয়ভাৱে পুৰস্কৃত হ’ল কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ CISF ৰ দুই জােৱান। উল্লেখ্য যে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফললৈ বুলি যাত্ৰা কৰা আৰবাজুদ্দিন (২৫) নামৰ এজন যুৱকৰ সামগ্ৰীৰ তালাচী চলাই ক’লা ৰঙৰ মােনাত অতি কৌশলপূৰ্ণভাৱে লুকুৱাই অনা … Read more