পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চলত গৰ্ভৱতী বন্যহস্তীৰ ৰহস্যজনক মৃত্যু, দৃৰ্বৃত্তই কাটি নিলে দাঁত

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বন্য জীৱ-জন্তুৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। ইয়াৰ মাজতে মহানগৰীৰ পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চিলক কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত এজনী গৰ্ভৱতী বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ছাটাৰগাঁৱৰ গভীৰ অৰণ্যত প্ৰায় তিনি সপ্তাহ পূৰ্বে গৰ্ভৱতী হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থান পৰিদৰ্শন কৰে বন বিভাগৰ পূব কামৰূপ বন … Read more

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

নিউজ ডেস্ক। ডিম্পু বৰুৱা। ইন্টাৰনেট জগতৰ এক পৰিচিত নাম। অসমৰ লগতে দেশ-বিদেশতাে সামাজিক মাধ্যমত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা ইউ টিউবাৰ ডিম্পু বৰুৱা এইবাৰ উপস্থিত হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত। শেহতীয়াকৈ নিজৰ ইউ টিউব চেনেল Dimpu’s Vlogs শ্বেয়াৰ কৰিলে মন্ত্ৰীগৰাকীৰ সৈতে সম্পূৰ্ণ ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ। উল্লেখ্য যে ডিম্পুৰ এই ইউ টিউব চেনেলত … Read more

অনলাইনত অৰ্ডাৰ কৰিছিল হেডফােন, ঘৰলৈ আহিল শিলৰ টুকুৰা!

নিউজ ডেস্ক। আপুনি অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰে নেকি? যদি কৰে, তেন্তে এতিয়াৰ পৰা কিছু সাৱধাণ হওক। অন্যথা কেতিয়াবা আপোনাৰ সামগ্ৰী টোপোলাত অৰ্ডাৰ কৰা সামগ্ৰীৰ পৰিৱৰ্তে আহি যাব পাৰে শিলগুটি। তেনে এক ঘটনাই সংঘটিত হ’ল গুৱাহাটীৰ এজন ব্যক্তিৰ ক্ষেত্ৰত। জানিব পৰা মতে, উমংগ পাটোদিয়া নামৰ গুৱাহাটীৰ এজন ব্যক্তিয়ে অনলাইন সামগ্ৰী ক্ৰয়ৰ মাধ্যম ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰ দিছিল … Read more

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ৰােগী তথা আত্মীয়ই লাভ কৰিব বিনামূলীয়া খাদ্য!

নিউজ ডেস্ক। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ তথা হৰে কৃষ্ণ মিছনৰ মাজত আজি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত সম্পন্ন হয় এক বুজাবুজি চুক্তি। এই চুক্তি অনুসৰি এতিয়াৰে পৰা এই চিকিৎসালয়ত চিকিৎসাধীন ৰােগী আৰু তেওঁলোকৰ সৈতে থকা আত্মীয়ই লাভ কৰিব বিনামূলীয়া আহাৰ। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূবৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশ আৰু হৰে কৃষ্ণ … Read more

গুৱাহাটীৰ পদপথৰ সেতুত বিহু নাচিলে অভিনেত্ৰী দেবলীনাই! মূহুৰ্ততে ভাইৰেল হৈ পৰিল ভিডিঅ’

নিউজ ডেস্ক। অসম গৌৰৱ তথা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী দেবলীনা ভট্টাচাৰ্য্যই গুৱাহাটীত উপস্থিত হৈ পদপথৰ নৱনিৰ্মিত সেতুত এইবাৰ বিহু নাচি আপলোড কৰিলে ইনষ্টাগ্ৰামত। সেই বিহু নৃত্যৰ দৃশ্য এতিয়া ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। দেশ-বিদেশৰ লক্ষাধিক অনুৰাগীয়ে ইতিমধ্যে এই ভিডিঅ’ লাইক কৰাৰ লগতে কমেন্টত প্ৰশংসাৰে ওপচাই পেলাইছ ইনষ্টাগ্ৰাম। উল্লেখ্য যে ‘সাথ নিভানা সাথিয়া’ নামৰ ধাৰাবাহিক … Read more

উন্নয়ন সুদূৰ পৰাহত! নৈৰ বুকুৰে ভয়ংকৰ যাত্ৰা কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

নিউজ ডেস্ক। চৰকাৰ সলনি হ’লেও কােনাে উন্নয়ন নহ’ল গােৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলৰ সমস্যা। জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগসমূহৰ গাফিলতিৰ বাবেই বাট-পথ-বিদ্যুত-খােৱাপানীৰ দৰে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চলৰ নাগৰিক। এনে এটা পিছপৰা অঞ্চল হৈছে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটা। স্বাধীনােত্তৰ কালনৰে পৰা বৃহত্তৰ কুকুৰকাটা অঞ্চলৰ ৭-৮খন গাঁৱৰ ৰাইজে বছৰৰ পাছত … Read more

অগপ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে পৰমাই, কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ ৰূপেশ

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলত্যাগ কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। শনিবাৰে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰে ৰাজবংশীয়ে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক যােগদান কাৰ্যসূচীত দলটােৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, লোকসভাৰ সাংসদ পল্লৱ লোচন দাস আৰু অন্যান্য শীৰ্ষ নেতাসকলৰ উপস্থিতিত ৰাজবংশীয়ে বিজেপিত … Read more

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

হনী ঝাঁঁঝৰী। অসম বিধানসভা আগন্তুক সাধাৰণ নিৰ্বাচনত ভোটাদানৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে। অনুৰাগীসকলৰ মাজত ‘ৰাকু দা’ হিচাপে পৰিচিত জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াক জিলা প্ৰশাসনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে নিযুক্তি দিছে। জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জনােৱা মতে “ৰাজকুমাৰ ঠাকুৰীয়া এজন জনপ্ৰিয় অভিনেতা। তেওঁৰ অনুৰাগীৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাইছে। অনন্য … Read more

অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ অৰৱিন্দ কেজৰিৱাল!

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘােষণা কৰাৰ পিচতে ৰাজ্যলৈ ঢাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্বেইনাৰ। অৱশ্যে এই পৰ্যন্ত নৱগঠিত অসম জাতীয় পৰিষদ তথা ৰাইজৰ দলৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ কােন আহিব সেয়া স্পষ্ট নাছিল। শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, এই দুই মিত্ৰদলে ষ্টাৰ কেম্পেইনাৰৰূপে প্ৰক্ষেপ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ … Read more

বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মা আৰু নাই…

নিউজ ডেস্ক৷ অসমৰ বিশিষ্ট বাঁহীবাদ তথা  লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা আৰু নাই৷ ১৯৩৫ চনত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰা প্ৰভাত শৰ্মাই মংগলবাৰে পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ নিজ বাসভৱনতে ৮৫ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে৷ ৰাজ্যত বাঁহীবাদনক অনন্য মাত্ৰা প্ৰদান কৰি বিশিষ্ট শিল্পীজনৰ বিয়ােগত ম্ৰিয়মান হৈ পৰিছে তেওঁ আত্মীয় তথা অসংখ্য গুণমুগ্ধসকল৷ মৃত্যুৰ … Read more