১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব গুণোৎসৱ, জানক সৱিশেষ…

নিউজ ডেস্কঃ ছাত্ৰ-ছাত্ৰীৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা গুণোৎসৱ এইবাৰ অনুষ্ঠিত হ’ব নৱবৰ্ষৰ পহিলা মাহত। শুকুৰবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে, এইবাৰ তিনিটা পৰ্যায়ত বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ। এই সময়ছোৱাত গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে ক্ৰমে- বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, … Read more

ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন SI ছাৰ! এইবাৰ হাতে-লোটে জালত পৰিল গহপুৰ থানাৰ এছআই ধীৰাজ নমশূদ্ৰ…

নিউজ ডেস্কঃ আকৌ আৰক্ষীৰ খাকী পোছাকত কলংক দুৰ্নীতিগ্ৰস্ত এছআই ছাৰৰ। এইবাৰ ঘোচ লৈ হাতে লোটে জালত পৰিল আন এগৰাকী আৰক্ষীৰ উপ-পৰিদৰ্শক। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰে গহপুৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰক। অভিযোগকাৰীক অপৰাধৰ গোচৰৰ পৰা মুক্ত কৰাৰ বাবদ ধন বিচাৰিছিল এছআই নমশূদ্ৰই। বৃহস্পতিবাৰে সেই ধন গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে … Read more

আকৌ ঘোচ খাই ফচিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী! এইবাৰ জালত পৰিল লাট মণ্ডল অনুপ বড়ো…

নিউজ ডেস্কঃ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। এইবাৰ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লোৱাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ লাট মণ্ডল অনুপ বড়ো। ১৫০০ টকাৰ ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্থ লাট মণ্ডলজন। লাট মণ্ডল অনুপ বড়োৰ কৰায়ত্ত সন্দৰ্ভত জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

আছুৰ সভাপতি পদ ত্যাগ দীপাংক নাথৰ…

নিউজ ডেস্ক। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সভাপতি পদৰ পৰা পদত্যাগ দীপাংক কুমাৰ নাথ। এই পদত্যাগৰ কাৰণ ব্যক্তিগত বুলি প্ৰকাশ কৰিছে নাথে। জানিব পৰা মতে, সংগঠনটােৰ কাৰ্যনিৰ্বাহকত পদত্যাগ পত্ৰ দাখিল কৰে দীপাংক কুমাৰ নাথে। দীপাংক নাথৰ এনে অকস্মাৎ পদত্যাগৰ ঘটনাক লৈ চৰ্চিত হৈছে বিভিন্ন কথা।

ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ, এইবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব পৰীক্ষা…

নিউজ ডেস্কঃ ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা। ২০২৩ চনৰ ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। বৃহস্পতিবাৰে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে ছেবাই। এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন। নতুন শিক্ষা নীতিৰে … Read more

শােকাৱহ! উদ্যােগৰ মেচিনত সোমাই কৰুণ মৃত্যু যুৱকৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ইটাৰ ব্ল’ক প্ৰস্তুত কৰা উদ্যােগত কৰ্মৰত যুৱকৰ দুৰ্ঘটনাত মৃত্যু। কৰ্তব্যৰত অৱস্থাতে মেচিনত সােমাই মৃত্যু ঘটে অশােক বৰশইকীয়া নামৰ যুৱকজনৰ। ডিমা হাছাও জিলাৰ দৈয়াংমুখ স্থিত উদ্যােগত সংঘটিত হয় এই দুৰ্ঘটনা। অশোক বৰশইকীয়াৰ ঘৰ তিনিচুকীয়াৰ ফিল’বাৰীত। অশোক বৰশইকীয়াক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ্য যে অশােক বৰশইকীয়া তিনিচুকীয়া জিলাৰ … Read more

শোকাবহ! বিদ্যালয়ৰ পৰা ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দা কণমানি বৰণ্যাক, সংকটজনক অৱস্থাত চিকিৎসাধীন

নিউজ ডেস্কঃ মঙলবাৰে নগাঁও জিলাৰ পুৰণিগুদামত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ সময়ত মিকিৰভেটা আলিছিগাত পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ১০ বছৰীয়া ছাত্ৰী। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিশুটিৰ নাম বৰণ্যা দাস (১০) বুলি জানিব পৰা গৈছে। ইফালে এএছ … Read more

চাঞ্চল্যকৰ! সোণাৰিত সতীৰ্থৰ গুলীত মৃত্যু আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ, এবছৰ পূৰ্বে কৰিছিল বিয়া…

নিউজ ডেস্কঃ চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। সোমবাৰে নিশা সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱায় চামগুৰিৰ বৰদলৰ নিৱাসী আৰক্ষী জোৱান গোকুল বসুমতাৰীয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দীপক কাকতি নামৰ সতীৰ্থ জোৱানজনক। ইফালে গোকুল বসুমতাৰীয়ে প্ৰথমে প্ৰহাৰ কৰাৰ বাবেই গুলীয়াই হত্যা কৰা বুলি কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছে হত্যাকাৰী … Read more

জালিয়াতিৰে ঋণ প্ৰদান কৰাৰ গোচৰত অভিযুক্ত চেণ্ট্ৰেল বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক, কৰা হ’ল গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ জালিয়াতিৰে ঋণ প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ডিকম শাখাৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক। বেংকৰ আঞ্চলিক প্ৰৱন্ধকে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই বিআইইঅ’ৱে গ্ৰেপ্তাৰ কৰে অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক প্ৰদীপ কুমাৰ নাথক। জানিব পৰা মতে, প্ৰদীপ কুমাৰ নাথে চেণ্ট্ৰেল বেংকৰ ডিকম শাখাৰ প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত আব্দুল মুন্নাফ নামৰ এজন ব্যক্তিক … Read more

এক্সন মুডত কুৰ্মী! নিৰ্মাণৰত থানা ভৱনৰ বিসংগতিৰ অভিযোগত বন্ধ কৰি দিলে নিৰ্মাণকাৰ্য…

নিউজ ডেস্কঃ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা মৰিয়নী আৰক্ষী থানাৰ নতুন ভৱনৰ নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন সমষ্টিটোৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। নিৰ্মাণৰত থানা ভৱনৰ নিৰ্মাণৰ বিসংগতিৰ পিছতে বিধায়কগৰাকীয়ে বন্ধ কৰি দিয়ে নিৰ্মাণকাৰ্য। উল্লেখযোগ্য যে, ১৯৬২ চনতে স্থাপন হোৱা মৰিয়নি আৰক্ষী থানাৰ বৰ্তমানৰ ভৱন আৰু আৰক্ষীৰ আৱাস গৃহসমূহৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰাৰ … Read more