নাই বিদ্যু সংযােগ, বেটাৰীৰে ম’বাইল চাৰ্জ দিবলৈ অসমৰ এখন গাঁৱত গঞাৰ দীঘলীয়া শাৰী

নিউজ ডেস্ক। লংকাৰ কাকীত বিদ্যুতৰ বাবে হাহাকাৰ ৰাইজৰ। কাকী ৰণথলী গাঁৱৰ ৰাইজৰ এই হাহাকাৰ। হোজাই জিলাৰ লামডিং সমষ্টিৰ কাকীত থাইছুংপাৰ পঞ্চায়তৰ এখন গাঁও। গাঁওখনৰ নাম ‘২হাজাৰ বিঘা ৰণথলী’ গাঁও। . ৫੦ বছৰে গাঁও পাতি ৰাইজে বসবাস কৰি আছে যদিও গাঁওখনত আজিলৈ নহ’ল বিদ্যুৎ সংযোগ। নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনীতিবিদ বা পঞ্চায়তৰ প্ৰতিনিধি নেতাসকল গাঁওখনলৈ আহি প্ৰতিশ্ৰুতিৰ … Read more

‘হাফ পেণ্ট’ পিন্ধি কাৰ্যালয়লৈ নাহিব! ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জাননী

নিউজ ডেস্ক। পুনৰ চৰ্চাত হাফ পেন্ট। অৱশ্যে এইবাৰ কােনাে পৰীক্ষা কেন্দ্ৰক লৈ নহয়, ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতহে চৰ্চিত হৈছে হাফ পেন্ট। উল্লেখ্য যে চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত আঁৰি থোৱা এখন বিশেষ জাননীয়ে এতিয়া সৰ্বত্ৰে চৰ্চাৰ কাৰণ হৈ পৰিছে। কাৰ্য্যালয়ৰ বেৰত আঁৰি থোৱা জাননীত উল্লেখ কৰা আছেঃ কাৰ্যালয়ৰ শিষ্টাচাৰ নীতি অনুসৰি এই কাৰ্যালয়ত … Read more

দৰমহা নহয়, লােকসেৱাৰ জৰিয়তে জীৱন সাৰ্থক কৰিবলৈ অৱতীৰ্ণ হ’লাে UPSC পৰীক্ষাতঃ হাচানুজ্জামান

নিউজ ডেস্ক। শুকুৰবাৰে ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হল অসমৰ এজন যুৱক। বৰাক উপত্যকাৰ হাইলাকান্দিৰ যুৱক আহমেদ হাচানুজ্জামান চৌধুৰী উত্তীৰ্ণ হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত। তেওঁ লাভ কৰিবলৈ সক্ষম ২৮৩ সংখ্যক স্থান। তেওঁৰ এই সফলতাই আনন্দৰ বন্যা কঢ়িয়াই আনিছে সমগ্ৰ বৰাকবাসীলৈ। চৌধুৰী জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জনিয়াৰিঙ বিভাগৰ স্নাতক। চৌধুৰীয়ে ২০১২ চনত … Read more

ফেব্ৰুৱাৰীত স্থিৰ হৈছিল বিয়াৰ দিন হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ সেনা মেজৰ অনুজৰ

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ উধমপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হৈছিল হাৰিয়ানাৰ মেজৰ অনুজ ৰাজপুত। যোৱা ২১ ছেপ্টেম্বৰত সংঘটিত দুৰ্ঘটনাত শ্বহীদ হৈছিল জোৱানজন। মেজৰ অনুজ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ আছিল। তেওঁৰ মৃত্যুৰ ৪ দিন পূৰ্বে অৰ্থাৎ ১৮ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন আছিল। ডেৰ মাহ পূৰ্বে যোৱা ২৩ জুলাইত অনুজৰ বাগদান হৈছিল। জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ পত্নীটপত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ … Read more

বিবাহৰ নামত বহু যুৱকক প্ৰৱঞ্চনা, আৰক্ষী জালত পৰিল ছদ্মবেশী ‘ড্ৰীম গাৰ্ল’!

নিউজ ডেস্ক। আয়ুষ্মান খুৰানাৰ ‘ড্ৰীম গাৰ্ল’ ছবিখন আপোনাৰ নিশ্চয় মনত আছে। য’ত তেওঁ ছোৱালীৰ ভাও ধৰি আনক ভুৱা দিছিল। এইবাৰ বাস্তৱত তেনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে। এনে এক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। জানিব পৰা মতে, ছত্তীশগড়ৰ এজন দুষ্ট ব্যক্তিয়ে যোৱা ৩ বছৰত দেশৰ বহুলোকক তেনে কাৰ্যৰে প্ৰতাৰণা কৰিছে। বিবাহৰ বাবে প্ৰতাৰণা কৰা দুষ্ট ব্যক্তিজনে … Read more

হিন্দু আৰু মুছলমান মহিলাই বৃক্ক দান কৰি প্ৰাণৰক্ষা কৰিলে পৰস্পৰৰ স্বামীৰ…

নিউজ ডেস্ক। সমাজত আজিও অব্যাহত ধৰ্মকেন্দ্ৰিক বিবাদ অথবা সংঘাত। ধৰ্মৰ বাবেই বহুতেই কৰে জঘন্য অথবা নিন্দনীয় কৰ্ম। কিন্তু তেনে সময়তে এক উদাহৰণ দাঙি ধৰিলে দুটা হিন্দু আৰু মুছলমান পৰিয়ালে। এই জগতত মানৱতাই যে শ্ৰেষ্ঠ ধৰ্ম, তাক সকলোৰে আগত প্ৰমাণ কৰি দিলে তেওঁলোকে। বিশেষকৈ হিন্দু-মুছলমান পৰিয়াল দুটাৰ দুগৰাকী মহিলাই দাঙি ধৰিলে সেই নিদৰ্শন। অৰ্থাৎ দুয়োগৰাকীয়ে পৰস্পৰৰ … Read more

প্ৰবল বৃষ্টিপাতৰ মাজতে কৰ্তব্য পালন আৰক্ষীৰ, আশ্ৰয় প্ৰদান অসহায় প্ৰাণীক, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। বৰ্তমান পশ্চিম বংগত ধাৰাষাৰ বৰষুণ। বহু ঠাই জলমগ্ন হৈ পৰিছে। বিশেষকৈ কলকাতাত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। বৰষুণৰ ফলত মানুহৰ লগতে জন্তুৰ জীৱনো বিধ্বস্ত হৈ পৰিছে। বহুতো অঞ্চল জলমগ্ন হৈ পৰাত পথত খোজ কাঢ়িবলৈ কঠিন হৈ পৰিছে। কিন্তু তেনে এক পৰিস্থিতিৰ মাজতে এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। যিটোৱে সকলোৰে অন্তৰ স্পৰ্শ কৰিছে। দৃশ্যটো … Read more

পােছাক বিতৰ্ক! শাৰী পিন্ধি যােৱাৰ বাবেই মহিলাক হােটেলত প্ৰৱেশত বাধা, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। অসমৰ হাফ পেণ্ট বিতৰ্ক মাৰ নৌযাওঁতেই দেশজুৰি আৰম্ভ হৈছে ইটোৰ পিছত সিটো পোছাক বিতৰ্ক। অলপতে পশ্চিম বংগত হিজাব পৰিধান কৰি ফটো আপলোড কৰা যুৱতীৰ চাকৰিৰ আবেদন পত্ৰ কৰ্তন কৰিছিল পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডে। তাৰ পিছতেই এইবাৰ আহিছে আন এক খবৰ। হােটেলত শাৰী পৰিধান কৰি যোৱাৰ বাবেই হােটেলৰ কৰ্মচাৰীয়ে প্ৰৱেশ কৰাত প্ৰদান কৰিলে … Read more

এইবাৰ হিজাবৰ বাবে ছাত্ৰীসকলৰ সৈতে এই ঘটনা ঘটিল আৰক্ষীৰ ভৰ্তি পৰীক্ষাত…

নিউজ ডেস্ক। পৰীক্ষা কেন্দ্ৰত সংঘটিত হাফ পেন্ট বিতৰ্কই দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ সময়তে এইবাৰ পুনৰ চৰ্চালৈ আহিছে আন এটা পোছাক বিতৰ্ক। এইবাৰ হিজাব পৰিধান কৰি চাকৰিৰ আবেদন কৰাৰ বাবেই মুছলমান যুৱতীৰ আবেদন নাকচ কৰিলে চৰকাৰী বিভাগে। পিছে এইবাৰ এই ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডে ১০০০ তকৈও অধিক … Read more

দুয়ােটা কিডনীয়েই বিকল হ’ল স্বামীৰ, প্ৰাণৰক্ষাৰ বাবে এই কাম কৰিলে পত্নীয়ে…

নিউজ ডেস্ক। এক ইতিবাচক খবৰ। খবৰটোৱে সকলোৰে মন পুলকিত কৰাৰ লগতে প্ৰদান কৰিব উৎসাহ। সাধাৰণতে পতি-পত্নীৰ সম্পৰ্ক হৈছে জীৱনৰ অন্যতম শীৰ্ষতম সম্পৰ্ক। ইজনৰ অবিহনে সিজনৰ জীৱন সদায় অসম্পূৰ্ণ। কিয়নো দুয়ো দুয়োৰে বাবে সদায় অপৰিহাৰ্য। সেই অনুসৰি এইবাৰ এক দম্পতীয়ে দাঙি ধৰিলে সেই সম্পৰ্কৰ চূড়ান্ত নিদৰ্শন। অৰ্থাৎ মৃত্যু মুখলৈ গতি কৰা স্বামীৰ জীৱন ৰক্ষাৰ বাবে পত্নীয়ে … Read more