৪ মুছলমান পৰিয়ালৰ বাবে মছজিদ নিৰ্মাণত নামিল শিখ আৰু হিন্দু পৰিয়ালৰ লােক

নিউজ ডেস্ক। সম্প্ৰীতিৰ এক চানেকী দাঙি ধৰিছে পাঞ্জাৱৰ মুগা জিলাৰ ভূলাৰ গাঁৱৰ ৰাইজে। জানিব পৰা মতে, গাওঁখন মূলতঃ শিখ ধৰ্ম প্ৰধান লোকৰ বসতি স্থান। ইয়াৰোপৰি কিছু সংখ্যক হিন্দু লোক আছে গাঁওখনত। কিন্তু তাৰ মাজতে গাঁওখনত আছে চাৰিটা মুচলমান পৰিয়াল। যিকেইটা পৰিয়াল ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়তে ভাৰতৰ সৈতে থকাৰ ইচ্ছা কৰিলে। গাঁওখনত আটাইয়ে মিলা-প্ৰীতিৰে বাস … Read more

৮ ঘণ্টা জোৰা অভিযান! ১৮০ ফুট গভীৰ গাঁতৰ পৰা জীৱন্তে উদ্ধাৰ ৪ বছৰীয়া শিশু

নিউজ ডেস্ক। এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযান। প্ৰায় ১৮੦ ফুট গভীৰ গাঁতত সােমাই পৰা ৪ বছৰীয়া শিশুক উদ্ধাৰ কৰিবলৈ চলিল এই অভিযান। অৱশেষত ৮ ঘন্টা চলা এই অভিযানৰ অন্তত জীৱন্তে উদ্ধাৰ শিশুটি। এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ধাৰীয়া গাৱঁত। সােমবাৰে পুৱা খেলি থাকোতে উন্মুক্ত ব’ৰৱেলৰ গাঁতত ১৮০ ফুট গভীৰত সোমাই পৰে এটি ৪ বছৰীয়া শিশু। … Read more

কিংবদন্তি বক্সাৰ মহম্মদ আলীৰ কাহিনী আৰু পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ বাবেই বক্সিঙলৈ আহিলােঃ লাভলিনা বৰগােহাঁই

নিউজ ডেস্ক। লাভলিনা বৰগোহাঁই। আজিৰ দিনত দেশৰ বাবে ই এক পৰিচিত নাম। এতিয়া সকলোৰে আশা আৰু আকাংক্ষাৰ প্ৰতীক হৈ পৰিছে এই নাম। অৰ্থাৎ অসম জীয়ৰী তথা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে অৰ্জন কৰিছে আগন্তুক টকিঅ’ অলিম্পিকলৈ যোগ্যতা। এক দৰিদ্ৰ তথা এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ আজি এনে স্থান পাবলৈ সক্ষম হৈছে লাভলিনাই। তেওঁ ১৯৯৭ চনৰ ২ অক্টোবৰত … Read more

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতী পোৱালিয়ে দমকল মাৰি খালে পানী! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এক বিশেষ দৃশ্য। যিটো দৃশ্যত দেখা পোৱা গৈছে যে এটা হাতী পোৱালিয়ে নিজৰ পিয়াহ নিবাৰণৰ বাবে এটা দমকলৰ পৰা পানী উলিয়াই খাইছে। হাবিৰ পৰা ওলাই আহি জনবসতি পূৰ্ণ এলেকাত থকা দমকলৰ পৰা পানী উলিয়াই খোৱা হাতী পোৱালিটোৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্য পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ জলদাপাৰা অঞ্চলৰ। জানিব … Read more

ভাগ্য! নিশাটোৰ ভিতৰতে লাখপতি হ’ল এজন টেম্প’ চালক

নিউজ ডেস্ক। চিমেন্টৰ বস্তাত এটা কুপন লাভ কৰি নিশাটােৰ ভিতৰতে লাখপতি হৈ পৰিল এজন লােক। এই সৌভাগ্যৱান লােকজন হৈছে নলবাৰী জিলাৰ বৰভাগ-বিজুলীঘাটৰ এগৰাকী টেম্প’ চালক। নাম মজিবুৰ আলী। এই ঘটনাৰ পাছতে টেম্প’ চলাই কোনোমতে পৰিয়ালক পোহপাল দিয়া দৰিদ্ৰ পৰিয়ালটোত এতিয়া সীমাহীন আনন্দৰ জোৱাৰ উঠিছে। হঠাতে লাখপতি হোৱা খবৰটো যেন বিশ্বাস কৰিব পৰা নাই টেম্প’ চালক … Read more

অভাৰব্ৰিজত ছেল্ফী ল’বলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে MBBS ৰ এগৰাকী ছাত্ৰীয়ে

নিউজ ডেস্ক। শনিবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ ইন্দোৰত। ৰে’লৰ অভাৰব্ৰীজত ছেল্ফী ল’বলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে। ছাত্ৰী গৰাকী বুন্দেলখণ্ড চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ এম বি বি এছৰ ছাত্ৰী আছিল। শনিবাৰৰ দিনা ভাতৃৰ সৈতে ফুৰিবলৈ গৈ ৰে’ল অভাৰব্ৰীজত ছেল্ফী লওঁতে হঠাৎ তললৈ পৰি মৃত্যু হ’ল যুৱতী গৰাকীৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, … Read more

অমানৱীয়! নলা পৰিষ্কাৰ নকৰাৰ বাবেই ঠিকাদাৰক পথত বহুৱাই এই শাস্তি দিলে এজন বিধায়কে…

নিউজ ডেস্ক। এজন বিধায়কৰ এক আচৰিত কাণ্ড। ভালদৰে কাম নকৰা পৌৰ নিগমৰ ঠিকাদাৰৰ ওপৰত খং উঠাত ঠিকাদাৰৰ ওপৰত প্ৰকাশ কৰিলে তীব্ৰ খং। চহৰৰ পথত নলাৰ পানী জমা হোৱাৰ বাবেই ঠিকাদাৰক দিলে এশিকনি। পথৰ মাজত লেতেৰা পানীত ঠিকাদাৰক বহুৱালে বিধায়কে আৰু পৌৰ নিগমৰ কৰ্মচাৰীক ঠিকাদাৰৰ গাত পেলাবলৈ দিলে জাৱৰ। সেই দৃশ্য শনিবাৰৰ মুম্বাইৰ চান্দিভালী এলেকাৰ। নিয়মিত … Read more

হাউছিং ছ’চাইটিৰ পাৰ্কিঙত ৰখাই থোৱা গাড়ী সোমাই গ’ল গাঁতত, কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক আচৰিত দৃশ্য। হাউছিং ছছাইটিৰ পাৰ্কিংত ৰখাই থোৱা এখন বিলাসী গাড়ী নিজে নিজেই সোমাই গ’ল গাঁতত। গাঁতত সোমাই নিশ্চিহ্ন হৈ পৰিল গাড়ীখন। এই ঘটনা দেওবাৰে সংঘটিত হয় মুম্বাইৰ এক হাইছিং ছছাইটিত। মুম্বাইৰ ঘাটকপুৰ অঞ্চলৰ ৰামনিবাস ছ’ছাইটিৰ দৃশ্য সেইয়া। বাহনখনৰ গৰাকীয়ে নিজৰ মোবাইল কেমেৰাত বন্দী কৰা সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। … Read more

প্ৰৱঞ্চনা! আৰক্ষীৰ জালত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা খাইৰুল ইছলাম

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নামনি অসমৰ প্ৰভাৰী খাইৰুল ইছলাম আৰিফক গ্ৰেপ্তাৰ গােৱালপাৰা আৰক্ষীৰ। অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি এই সংগঠনৰ নাম লৈ বহু অনৈতিক কাৰ্যৰ সৈতে জড়িত হৈ আছিল খাইৰুল। বিশেষকৈ নামনি অসমৰ সাংগঠনিক দায়িত্ব পোৱাৰ পিছত অনৈতিকভাৱে জধে-মধে ধন দাবী কৰি এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছল নেতাগৰাকীয়ে। উল্লেখ্য যে … Read more

১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ

নিউজ ডেস্ক। ৰাজ্যৰ যােগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান। বছৰি ১ লাখতকৈ অধিক আয় কৰা পৰিয়ালে স্বেচ্ছাই ত্যাগ কৰক ৰেছন কাৰ্ড। শনিবাৰে ধুবুৰীত উপস্থিত হৈ এক সংবাদমেল যােগে এই আহ্বান মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী ৰঞ্জিত দাসে ধুবুৰীৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বােধন কৰে। উক্ত সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা … Read more